মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ যোগানত ডাঙৰ সংকট আহি পৰিছে আৰু ইয়াৰ প্ৰভাৱ ভাৰততো পৰিছে। আজিৰ পৰা ভাৰতত ইন্ধনৰ দাম পুনৰ বৃদ্ধি পাইছে। যোৱা ন দিনৰ ভিতৰত এইটো হৈছে তৃতীয়টো মূল্যবৃদ্ধি। যোৱা ১৫ মে’ৰ পৰা দিল্লীত পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৪.৭৫ টকা আৰু ডিচেলৰ দাম ৪.৮২ টকা বৃদ্ধি পাইছে।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মধ্যপ্ৰাচ্যৰ এই দীঘলীয়া যুদ্ধৰ বাবে হৰমুজ প্ৰণালীৰে তেলৰ সৰবৰাহ বহু পৰিমাণে বাধাগ্ৰস্ত হৈছে, যাৰ ফলত সমগ্ৰ বিশ্বতে তেলৰ দাম অভিলেখ পৰিমাণে বৃদ্ধি পাইছে। বিশ্বৰ আন দেশসমূহে লগে লগে এই মূল্যবৃদ্ধিৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিছিল যদিও ভাৰত চৰকাৰে প্ৰথম ৭৬ দিন ধৰি ইন্ধনৰ দাম একেই ৰাখিছিল। ১৫ মে’, ১৯ মে’ আৰু ২৩ মে’ত হোৱা মূল্যবৃদ্ধিৰ পিছতো ভাৰতত মুঠ বৃদ্ধি প্ৰায় পাঁচ টকাৰ ওচৰা-ওচৰি হৈছে, যিটো বিশ্বৰ আন বহুতো ডাঙৰ দেশৰ তুলনাত যথেষ্ট কম।
আমি যদি আন দেশৰ লগত তুলনা কৰোঁ, তেন্তে দেখা যাব যে ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৩ মে’ৰ ভিতৰত আমেৰিকাত পেট্ৰলৰ দাম ৪৪.৫ শতাংশ বৃদ্ধি পাইছে। ঠিক একেদৰে সংযুক্ত আৰৱ আমিৰশ্বাহীত ৫২.৪ শতাংশ, পাকিস্তানত ৫৪.৯ শতাংশ, ব্ৰিটেইনত ১৯.২ শতাংশ, বাংলাদেশত ১৬.৭ শতাংশ আৰু জাপানত ৯.৭ শতাংশ ইন্ধনৰ দাম বাঢ়িছে। সেই অনুপাতে চাবলৈ গ’লে ভাৰতত হোৱা এই মূল্যবৃদ্ধি তেনেই নগণ্য।
চৰকাৰে দাবী কৰিছে যে তেওঁলোকে সদায় সাধাৰণ গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে কাম কৰি আহিছে আৰু লোকচান নিজে বহন কৰিছে। লগতে চৰকাৰে এই কথাও আঙুলিয়াই দিছে যে বিৰোধী দলৰ দ্বাৰা শাসিত ৰাজ্যসমূহত ইন্ধনৰ ওপৰত আটাইতকৈ বেছি কৰ লোৱা হয়। ইয়াৰ উপৰিও চৰকাৰে কয় যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ সময়তো ভাৰত বিশ্বৰ একমাত্ৰ প্ৰধান দেশ আছিল যিয়ে সাধাৰণ মানুহক সকাহ দিবলৈ পেট্ৰল আৰু ডিচেলৰ দাম কমাইছিল। যোৱা চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰে চাৰিবাৰকৈ কেন্দ্ৰীয় শুল্ক হ্ৰাস কৰিছে আৰু পূৰ্বৰ ইউ পি এ চৰকাৰৰ দিনৰ ১.৩০ লাখ কোটি টকাৰ তেলৰ বণ্ডৰ ঋণ পৰিশোধ কৰি অৰ্থনীতিক সুৰক্ষা দিছে।





