পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ৰ পাছতেও কেইবাখনো আসনত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা গৈছে। প্ৰায় ২০ খন আসনত ৫ হাজাৰতকৈ কম ভোটৰ ব্যৱধানত অতি উত্তেজনাপূৰ্ণ খেল হৈছিল। কিন্তু এই সকলোবোৰৰ ভিতৰত আটাইতকৈ চৰ্চিত আসনখন আছিল ৰাজাৰহাট নিউ টাউন সমষ্টি। এই সমষ্টিটোৰ ফলাফল সম্পূৰ্ণৰূপে সলনি হৈ পৰিল যেতিয়া এখন মুছলিম প্ৰধান বুথৰ ৯৭ শতাংশ ভোট আচৰিত ধৰণে গেৰুৱা দলটোৰ হাতলৈ গ’ল। ইয়াৰ পাছতে ৫ মে’ত অতিৰিক্ত এক ৰাউণ্ড ভোটগণনাৰ অন্তত তৃণমূল কংগ্ৰেছৰ অগ্ৰগতি নাইকিয়া কৰি বিজেপিয়ে এই আসনখন কাঢ়ি লয়।
ৰাজাৰহাট আসনত বিজেপিৰ প্ৰাৰ্থী পিয়ুষ কানোদিয়াক তৃণমূল কংগ্ৰেছৰ তাপস চেটাৰ্জীৰ বিৰুদ্ধে মাত্ৰ ৩১৬ টা ভোটৰ অতি কম ব্যৱধানত বিজয়ী ঘোষণা কৰা হয়। সমগ্ৰ ৰাজ্যখনত বিজিপিয়ে মুঠ ২০৭ খন আসন লাভ কৰিছে। ৰাজাৰহাটৰ এই আচৰিত ঘটনাই বিগত ১৫ বছৰ ধৰি শাসনত থকা তৃণমূল কংগ্ৰেছক নিৰ্বাচনৰ স্বচ্ছতাৰ ওপৰত প্ৰশ্নচিহ্ন তুলিবলৈ বাধ্য কৰিছে। তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ সাগৰিকা ঘোষে অভিযোগ কৰিছে যে এই নিৰ্বাচনত জনমত চুৰি কৰা হৈছে। তেওঁ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু উচ্চতম ন্যায়ালয়ৰ ভূমিকাৰ ওপৰতেও প্ৰশ্ন উত্থাপন কৰে। আনহাতে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণেও ইভিএমত খেলিমেলি কৰা বা ইভিএম সলনি কৰাৰ গুৰুতৰ সন্দেহ প্ৰকাশ কৰিছে।
বিবাদৰ কেন্দ্ৰবিন্দু হৈছে উত্তৰ কলকাতাৰ ৰাজাৰহাট নিউ টাউনৰ মুছলমান পাৰাৰ ১৬৪ নম্বৰ বুথটো। এই বুথটোৰ ভোটাৰসকলে ২৯ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ভোটদান কৰিছিল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা অৰ্থাৎ ৪ মে’ত এই বুথটো নৱম ৰাউণ্ডৰ গণনাত ভুলবশতঃ বাদ পৰিছিল বুলি জানিব পৰা গৈছে। ৪ মে’ৰ মাজনিশা পৰ্যন্ত তৃণমূলৰ তাপস চেটাৰ্জী ৩১৬ টা ভোটত আগবাঢ়ি আছিল। কিন্তু ৫ মে’ত যেতিয়া বাদ পৰা একমাত্ৰ ১৬৪ নম্বৰ বুথটো ১৮ নম্বৰ তথা অন্তিম ৰাউণ্ডত গণনা কৰা হ’ল, তেতিয়া ফলাফল সম্পূৰ্ণ ওলোটা হৈ গ’ল। এই বুথটোত মুঠ ৬৫৬ টা ভোট পৰিছিল, যাৰ ভিতৰত বিজিপিয়ে একচেটিয়াভাৱে ৬৩৭ টা ভোট লাভ কৰে আৰু তৃণমূলে লাভ কৰে মাত্ৰ ৫ টা ভোট। ইয়াৰ অৰ্থ হৈছে বুথটোৰ ৮৮ শতাংশতকৈও অধিক মুছলিম ভোটাৰে বিজেপিক ভোট দান কৰিলে, যিটো বংগৰ ইতিহাসত পূৰ্বতে কেতিয়াও দেখা পোৱা হোৱা নাছিল।
আশ্চৰ্যজনক কথাটো হ’ল যে একেখন গাঁৱৰে আন এখন বুথ অৰ্থাৎ ১৬৫ নম্বৰ বুথত ফলাফল সম্পূৰ্ণ ওলোটা আছিল। ১৬৫ নম্বৰ বুথটোতো ৯১ শতাংশ মুছলিম ভোটাৰ আছিল যদিও তাত বিজিপিয়ে মাত্ৰ ৩২ টা অৰ্থাৎ ৫ শতাংশ ভোটহে লাভ কৰে। সেই বুথটোত বাওঁপন্থী আৰু তৃণমূল কংগ্ৰেছেহে সৰ্বাধিক ভোট লাভ কৰিছিল। একেখন এলেকাৰে দুখন মুছলিম প্ৰধান বুথৰ এনে বিপৰীতমুখী ফলাফলে এতিয়া ডাঙৰ ৰহস্যৰ সৃষ্টি কৰিছে। বিগত নিৰ্বাচনসমূহৰ ধাৰা অনুসৰি বংগত বিজেপিয়ে মুছলিম ভোটৰ মাত্ৰ ৪ ৰ পৰা শতাংশহে পাইছিল। কিন্তু ২০২৬ বৰ্ষৰ এই নিৰ্বাচনত মুছলিম ভোটসমূহ তৃণমূল, কংগ্ৰেছ, বাওঁপন্থী আৰু অন্যান্য দলৰ মাজত বিভাজিত হোৱাৰ ফলত বিজেপিৰ বাবে পথ প্ৰশস্ত হৈ পৰে। ৰাজ্যখনৰ ১৪২ খন মুছলিম প্ৰধান আসনৰ ভিতৰত বিজিপিয়ে ৭২ খনত জয়লাভ কৰাৰ বিপৰীতে তৃণমূলে ৬৪ খনতহে জয়ী হ’বলৈ সক্ষম হয়। ইয়াৰ মাজতে ৰাজাৰহাটৰ এটা বুথৰ এই আচৰিত ঘটনাই এতিয়াও সকলোকে আশ্চৰ্যচকিত কৰি ৰাখিছে।





