পাকিস্তানত পুনৰ এক বৃহৎ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। কুৱেটা চহৰৰ ৰে’ল লাইনত সংঘটিত হয় এই বিস্ফোৰণ। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিস্ফোৰণত বহু লোক আহত হোৱাৰ আশংকা কৰা হৈছে যদিও আনুষ্ঠানিকভাৱে হতাহতৰ সংখ্যা এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
প্ৰাপ্ত তথ্য অনুসৰি ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ গেটৰ সমীপৰ ৰে’ল লাইনত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে ৰে’লখনৰ এটা ডবা ছিন্নভিন্ন হোৱাৰ লগতে অঞ্চলটোত অগ্নিকাণ্ড ঘটে।
সূত্ৰসমূহৰ মতে, বেলুচিস্তানৰ কুৱেটাৰ চামান গেট (ৰেল ক্ৰছিং)ৰ ওচৰত যাত্ৰীবাহী ৰে’ল এখনক লক্ষ্য কৰি সংঘটিত কৰা সন্দেহযুক্ত আত্মঘাতী বোমা আক্ৰমণত মহিলা আৰু শিশুসহ কমেও ২৪ জন লোক নিহত হোৱাৰ লগতে ৫০ জন আহত হয়। আহতসকলৰ বহুতৰে অৱস্থা এতিয়াও সংকটজনক।
বিস্ফোৰণত এখন যাত্ৰীবাহী ৰেলৰ কেইবাটাও ডবা ৰে’লপথৰ পৰা ওলাই যায়। বিস্ফোৰণৰ ফলত অঞ্চলটোত বিশৃংখলতাৰ সৃষ্টি হোৱাৰ লগতে বহু দূৰৈত ধোঁৱাৰ কুণ্ডলী দেখা যায়।
খবৰ অনুসৰি, ৰে’লৱে ৰে’লপথৰ সমীপত কেণ্টনমেণ্টৰ পৰা আহি থকা অৱস্থাত এটা বৃহৎ বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ তীব্ৰতা ইমানেই বেছি যে ৰে’লখনৰ কেইবাটাও ডবা ৰে’লপথৰ পৰা ওলাই যায় আৰু এটা ডবাত অগ্নিকাণ্ড সংঘটিত হয়। দূৰৰ পৰা জুইৰ শিখা আৰু ক’লা ধোঁৱা দেখা যায়।
ঘটনাৰ লগে লগে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। ৰে’লৱে, আৰক্ষী আৰু নিৰাপত্তা সংস্থাই সেই স্থানত উপস্থিত হৈ যাত্ৰীসকলক নিৰাপদ স্থানলৈ লৈ যায়। আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। অৱশ্যে আহতসকলৰ সঠিক সংখ্যা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।





