হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে বৈবাহিক আৰু পিতৃত্বৰ বিবাদৰ সৈতে জড়িত এটা গোচৰত ডিএনএ পৰীক্ষা কৰাৰ দাবী খাৰিজ কৰি এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। আদালতে স্পষ্টকৈ কয় যে কেৱল পত্নীৰ অবিশ্বস্ততাৰ অভিযোগ প্ৰমাণ কৰাৰ বাবে কোনো শিশুৰ পৰিচয় আৰু মৰ্যাদাক বিপদত পেলাব নোৱাৰি। আদালতে কয় যে স্বামীয়ে পত্নীৰ কথিত অবৈধ সম্পৰ্ক প্ৰমাণ কৰিবলৈ ডিএনএ পৰীক্ষাৰ পৰিৱৰ্তে আন প্ৰমাণ বা সাক্ষ্য আদালতত দাখিল কৰিব পাৰে।
গোচৰটোৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ৰমেশ বৰ্মাই কয় যে বৈবাহিক বিবাদসমূহৰ ক্ষেত্ৰত বৈজ্ঞানিক পৰীক্ষাক এক সাধাৰণ প্ৰক্ৰিয়া হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। বিশেষকৈ যেতিয়া ইয়াৰ দ্বাৰা ল’ৰা-ছোৱালীৰ ওপৰত সামাজিকভাৱে দাগ পৰাৰ সম্ভাৱনা থাকে, তেতিয়া এনে অনুমতি দিয়াটো অনুচিত। এই ৰায়ৰ জৰিয়তে উচ্চ ন্যায়ালয়ে চম্বা পৰিয়াল আদালতৰ পূৰ্বৰ আদেশকে বাহাল ৰাখে, য’ত আবেদনকাৰী স্বামীয়ে তেওঁৰ তিনিটা সন্তানৰ ডিএনএ পৰীক্ষা কৰিবলৈ কৰা আবেদন খাৰিজ কৰা হৈছিল।
আদালতে কয় যে অবিশ্বস্ততাৰ দৰে স্পৰ্শকাতৰ বিষয়ৰ তদন্তই এজন ব্যক্তিৰ সামাজিক প্ৰতিষ্ঠা আৰু সন্মানত গভীৰ প্ৰভাৱ পেলায়। সেয়েহে এনে পৰিস্থিতিত শিশুৰ মৰ্যাদা আৰু গোপনীয়তা ৰক্ষা কৰাটো আটাইতকৈ জৰুৰী। উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ বিভিন্ন ৰায়ৰ উদ্ধৃতি দি কয় যে কোনো ব্যক্তিক জোৰকৈ ডিএনএ পৰীক্ষাৰ বাবে বাধ্য কৰাটো তেওঁৰ ব্যক্তিগত জীৱনৰ অধিকাৰ খৰ্ব কৰাৰ দৰে হয়। আইন অনুসৰি বৈধ বিবাহৰ সময়ত জন্ম হোৱা সন্তানক আইনীভাৱে বৈধ বুলিয়েই গণ্য কৰা হয়, যেতিয়ালৈকে স্বামী-স্ত্ৰীৰ মাজত কোনো সম্পৰ্ক নাছিল বুলি কোনো নিশ্চিত প্ৰমাণ পোৱা নাযায়।
হাইকোৰ্টৰ মতে পৰ্যাপ্ত ভিত্তি নোহোৱাকৈ কেৱল সন্দেহৰ বশৱৰ্তী হৈ ডিএনএ পৰীক্ষাৰ অনুমতি দিব নোৱাৰি, কাৰণ ইয়াৰ ফলত মহিলা আৰু শিশুসকল সামাজিকভাৱে কলঙ্কিত হোৱাৰ আশংকা থাকে। আদালতে লগতে লক্ষ্য কৰে যে আবেদনকাৰী স্বামীয়ে নিম্ন আদালতে ধাৰ্য কৰা ভৰণ-পোষণৰ পইচা দিয়াৰ পৰা হাত সাৰিবলৈহে এই ডিএনএ পৰীক্ষাৰ আবেদন কৰিছিল। উল্লেখ্য যে আবেদনকাৰীয়ে আদালতত দাবী কৰিছিল যে উক্ত মহিলাগৰাকী তেওঁৰ বৈধ পত্নী নহয় কাৰণ তেওঁ পূৰ্বৰে পৰা আন এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ আছিল। ইয়াৰ লগতে তেওঁ তিনিওটা সন্তানৰ পিতৃত্বক লৈও প্ৰশ্ন তুলিছিল, যাক আদালতে নাকচ কৰে।





