বৰ্তমান সমগ্ৰ দেশ প্ৰচণ্ড গৰমৰ কৱলত পৰিছে। গৰমে নিজৰ লগত বহুতো প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। কাউন্সিল অন এনাৰ্জি, এনভায়ৰনমেণ্ট এণ্ড ৱাটাৰৰ এক নতুন প্ৰতিবেদন অনুসৰি ভাৰতৰ ৫৭ শতাংশ জিলা গৰমৰ উচ্চ বিপদৰ সন্মুখীন হৈছে। মহানগৰৰ পৰা আৰম্ভ কৰি গ্ৰামাঞ্চললৈকে গৰম এতিয়া এক দেশজুৰি হোৱা সংকট হৈ পৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি কমেও ২৩ খন ৰাজ্যত নিয়মীয়াকৈ ভয়ানকভাৱে উচ্চ উষ্ণতা দেখা গৈছে, যিয়ে এই সমস্যা কিমান ভয়াৱহ হৈ পৰিছে তাকেই প্ৰমাণ কৰে।
প্ৰতিবেদনত কোৱা হৈছে যে গৰম ৰাতিবোৰ এতিয়া ভাৰতৰ গ্ৰীষ্মকালৰ এক সাধাৰণ কথাত পৰিণত হৈছে। যোৱা এক দশকত বহু জিলাত গৰম দিনতকৈ গৰম ৰাতিৰ সংখ্যা বেছিকৈ বৃদ্ধি পাইছে। ইয়াৰ অৰ্থ হ’ল সূৰ্য অস্ত যোৱাৰ পিছতো মানুহে সকাহ পোৱা নাই। শৰীৰ ঠাণ্ডা নোহোৱাৰ ফলত টোপনিত ব্যাঘাত জন্মে আৰু স্বাস্থ্যৰ প্ৰতি ভাবুকি বৃদ্ধি পায়। ৰাতি গৰম হোৱা আৰু আৰ্দ্ৰতা বৃদ্ধি পোৱাৰ বাবে ঘামৰ জৰিয়তে শৰীৰৰ গৰম বাহিৰলৈ ওলোৱাটো কঠিন হৈ পৰে, যাৰ ফলত হিট ষ্ট্ৰ’কৰ আশংকা বাঢ়ি যায়। বিশেষকৈ বৃদ্ধ, শিশু, গৰ্ভৱতী মহিলা আৰু বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলৰ বাবে ই অতি বিপদজনক।
দ্ৰুত নগৰীকৰণৰ ফলত পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। দিল্লী, মুম্বাই আৰু বেংগালুৰুৰ দৰে চহৰত গছ-গছনিৰ সংখ্যা কমি গৈছে আৰু কংক্ৰিটৰ নিৰ্মাণ বৃদ্ধি পাইছে। কংক্ৰিট আৰু ডামৰে দিনৰ ভাগত গৰম শোষণ কৰে আৰু ৰাতি সেয়া বাহিৰলৈ উলিয়াই দিয়ে। এই ‘আৰ্বান হিট আইলেণ্ড ইফেক্ট’ৰ বাবে মানুহে গৰমত বেছি কষ্ট পায় আৰু দুৰ্বল হৈ পৰে।
গৰম মাত্ৰাধিক হ’লে নিৰ্মাণকাৰ্য, লজিষ্টিকছ, কৃষি আৰু ডেলিভাৰী সেৱাত কাম কৰা শ্ৰমিকসকলৰ কৰ্মক্ষমতা হ্ৰাস পায়। ইয়াৰ ফলত ব্যৱসায়ত পলম হয়, যোগান ব্যৱস্থাত বাধা আহে আৰু মানুহে শীতলতা বিচাৰি যোৱাৰ ফলত বিদ্যুতৰ চাহিদাও অস্বাভাৱিকভাৱে বৃদ্ধি পায়। বিশেষজ্ঞসকলৰ মতে, দীৰ্ঘদিনীয়া গৰমৰ বাবে উৎপাদন হ্ৰাস পোৱাৰ ফলত ভাৰতৰ প্ৰায় ১৫০ বিলিয়ন ডলাৰ লোকচান হৈছে। সেয়েহে গৰমৰ বাবে হোৱা এই আৰ্থিক লোকচানৰ পৰা হাত সাৰিবলৈ ‘হিট ইনচুৰেঞ্চ’ বা গৰমৰ বীমাৰ ধাৰণাটো এতিয়া দ্ৰুতগতিকৈ জনপ্ৰিয় হৈ পৰিছে।
জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা আৰ্থিক ক্ষতিৰ পৰা ব্যৱসায় আৰু ক্ষুদ্ৰ উদ্যোগসমূহক ৰক্ষা কৰিবলৈ হিট ইনচুৰেঞ্চ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে। এই নতুন বীমা ব্যৱস্থাই বতৰৰ বাবে কামত বাধা আহিলেও কোম্পানীবোৰক লগে লগে ধন পৰিশোধ কৰি কাম চলাই নিয়াত সহায় কৰে। আগতে সাধাৰণ বীমাবোৰে এনে ধৰণৰ ক্ষতি পূৰণ কৰিবলৈ টান পাইছিল, বিশেষকৈ দিন হাজিৰা কৰা শ্ৰমিকসকলৰ ক্ষেত্ৰত। কিন্তু এতিয়া পেৰামেট্ৰিক হিট ইনচুৰেঞ্চে বতৰৰ উষ্ণতা এক নিৰ্দিষ্ট সীমাত উপনীত হ’লেই স্বয়ংক্ৰিয়ভাৱে ধন প্ৰদান কৰে।
পেৰামেট্ৰিক ইনচুৰেঞ্চ হৈছে এক বিশেষ ধৰণৰ বীমা মডেল, য’ত কোনো নিৰ্দিষ্ট ঘটনা যেনে ভূমিকম্প, ধুমুহা বা অত্যাধিক গৰম হ’লে আগতে নিৰ্ধাৰণ কৰা এককালীন ধন প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে নাগালেণ্ড চৰকাৰে ২০২৪ চনৰ পৰা প্ৰবল বৃষ্টিপাতৰ ক্ষতিৰ পৰা হাত সাৰিবলৈ নিজৰ জনসাধাৰণৰ বাবে এই বীমা গ্ৰহণ কৰিছে। ইনচুৰেঞ্চ ব্ৰকাৰ্ছ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ মতে অত্যাধিক গৰম এতিয়া কেৱল পৰিৱেশৰ সমস্যা হৈ থকা নাই, ই এক অৰ্থনৈতিক সংকটলৈ পৰিণত হৈছে। এই বীমা ব্যৱস্থা সফল হ’বলৈ বীমা কোম্পানী, চৰকাৰ আৰু তথ্য প্ৰদানকাৰী সকলোৱে একেলগে কাম কৰিব লাগিব।





