লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধী ভোটচুৰিৰ বিষয়টো লৈ সৰৱ হৈ পৰিছে। বিৰোধী INDIA মিত্ৰজোঁটৰ সাংসদৰ সৈতে সমদল কৰি সোমবাৰে তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে। কিন্তু উচ্চতম ন্যায়ালয়ে কয় যে সেই আবেদনত ১৪টা ভুল আছে। কেৱল সেয়াই নহয়, উচ্চতম ন্যায়ালয়ৰ ৰেজিষ্ট্ৰিয়েও আবেদন মাচুলত ২২০ টকা কমকৈ দিয়া হৈছে বুলি জনায়।
উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়কে জনাইছে যে আবেদনখনত একাধিক ভুল আছে। তাৰে কিছুমান অতি গুৰুত্বপূৰ্ণ। সেইবোৰ হৈছে –
– কেইজনমান আবেদনকাৰীয়ে প্ৰয়োজনীয় ‘ওকালতনামা’ বা অধিবক্তা নিযুক্তিৰ বাবে লিখিত অনুমতিপত্ৰ দাখিল কৰা নাই।
– কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পৰিচয় পত্ৰৰ প্ৰতিলিপি অস্পষ্ট।
– কিছুমান নথিপত্ৰত ফন্টৰ আকাৰ অতি সৰু।
– দুটা নিৰ্দিষ্ট নথিৰ ৰঙীন প্ৰতিলিপি জমা দিয়া হোৱা নাই।
– কিছুমান পৃষ্ঠাত লিখাবোৰ অস্পষ্ট বা পঢ়াৰ অযোগ্য।
– কিছু তথ্য জমাই দিয়া হোৱা নাই।
– আঞ্চলিক ভাষাত লিখা পৃষ্ঠাসমূহ পঢ়াৰ ক্ষেত্ৰত সমস্যা।
– কিছুমান পৃষ্ঠা সংখ্যাত বিসংগতি।
ইয়াৰ উপৰিও আদালতৰ মাচুল ২২০ টকা কমকৈ জমা হোৱা বুলিও ৰেজিষ্টিৰ তৰফৰ পৰা জনাইছে। মুঠ ১৪টা ভুল চিনাক্ত কৰা হৈছে। উচ্চতম ন্যায়ালয়ে কয় যে এই ভুলসমূহ শুধৰণি কৰাৰ পিছতহে আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হ’ব।
কোনে দাখিল কৰিছে আবেদন?
কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, তৃণমূলৰ সাংসদ সৌগত ৰায়, সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱ, আৰজেডিৰ তেজস্বী যাদৱ, এনচিপি নেতা সুপ্ৰিয়া চুলে, শিৱসেনাৰ সঞ্জয় ৰাউত, চিপিএমৰ ডি ৰাজা, ঝাৰখণ্ড মুক্তি মৰ্চাৰ মহুৱা মাঝি, চিপিএমৰ এম এ ববী আৰু ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ নেতা ই টি মহম্মদ বছিৰে এই যৌথ আৱেদন দাখিল কৰিছে। ভাৰতীয় নিৰ্বাচন আয়োগ, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ বিৰুদ্ধে দাখিল কৰিছে এই আৱেদন।
আবেদনখনত কি কি দাবী উত্থাপন কৰা হৈছে?
নিৰ্বাচন আয়োগৰ বিভিন্ন সিদ্ধান্তৰ বিৰুদ্ধে মুঠ ১০টা প্ৰতিকাৰ বিচাৰিছে আবেদনকাৰীয়ে। ইয়াৰ ভিতৰত আছে—
– SIR সম্পৰ্কীয় সকলো নথি-পত্ৰ আৰু তথ্য আদালতত জমা দিবলৈ নিৰ্দেশ।
– SIR সম্পৰ্কীয় সিদ্ধান্তসমূহৰ সাংবিধানিক বৈধতা পৰীক্ষা কৰা।
– দোষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ।
– আবেদনকাৰীসকলৰ অভিযোগৰ মীমাংসা।
– স্বতন্ত্ৰ সমিতিৰ জৰিয়তে অডিটৰ ব্যৱস্থা।
ইয়াৰ উপৰিও নিৰ্বাচনী অনিয়মৰ অভিযোগ নিষ্পত্তি আৰু ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া সন্দৰ্ভত কেইবাটাও দাবী উত্থাপন কৰা হৈছে।
সোমবাৰে দিল্লীত শোভাযাত্ৰাৰ পূৰ্বে INDIA মিত্ৰজোঁটৰ নেতাসকলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ দাবী আছিল ‘ভোট চুৰি’ বন্ধ কৰা, জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছ আই আৰ প্ৰক্ৰিয়া স্থগিত ৰখা আৰু বেলট পেপাৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰা।
অৱশ্যে বিষয়টো আদালতৰ বিচাৰাধীন বুলি উল্লেখ কৰি মুখ্য ন্যায়াধীশে তেওঁলোকৰ বৈঠকৰ অনুৰোধ নাকচ কৰে। ইয়াৰ পিছতে বিৰোধী নেতাসকলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
ইয়াৰ পূৰ্বে বিৰোধী নেতাসকলৰ অভিযোগ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ৰ দুৱাৰ সকলোৰে বাবে মুকলি, সেয়া সাধাৰণ নাগৰিকেই হওক বা নিৰ্বাচিত প্ৰতিনিধিয়েই হওক।





