পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে বিখ্যাত পঞ্জাৱী গায়ক হানী সিঙে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুগক সাক্ষাৎ কৰাক লৈ ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। এই সাক্ষাতৰ পিছত বহুতে ইয়াৰ আঁৰত কিবা ৰাজনৈতিক ৰহস্য লুকাই আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে। আচলতে নিজৰ জীৱনত সুৰা আৰু ড্ৰাগছৰ নিচাসক্তিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰা হানী সিঙে এতিয়া পঞ্জাৱৰ যুৱ প্ৰজন্মক এই ভয়াবহতাৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে আৰু এই সন্দৰ্ভতে তেওঁ বিজেপি নেতাগৰাকীক সাক্ষাৎ কৰিছে।
ড্ৰাগছৰ বিৰুদ্ধে সমাজত এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে হানী সিং আৰু তৰুণ চুগে একেলগে এক বিশেষ ভিডিঅ’ মুকলি কৰিছে। এই ভিডিঅ’টোত দুয়োগৰাকীক দুগ্ধজাত পানীয় গ্ৰহণ কৰি পঞ্জাৱৰ যুৱ প্ৰজন্মক সুস্থ জীৱনশৈলী আকোৱালি ল’বলৈ উৎসাহিত কৰা দেখা গৈছে। ভিডিঅ’টোত পঞ্জাৱী ভাষাত কথা পাতি হানী সিঙে কয় যে পঞ্জাৱত বৰ্তমান ড্ৰাগছ বা চিটা অৰ্থাৎ হিৰোইনৰ বাবে যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই বিষয়ে আলোচনা কৰিবলৈহে তেওঁ তৰুণ চুগৰ ওচৰলৈ আহিছে। ড্ৰাগছৰ বাবে পঞ্জাৱৰ বহু পৰিয়াল সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু সমগ্ৰ যুৱ প্ৰজন্ম বিপদত পৰিছে বুলি তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। পঞ্জাৱক এই কবলৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ লগতে হানী সিঙে কয় যে বিজেপি নেতাগৰাকীয়ে ইতিমধ্যে এই দিশত যথেষ্ট কঠোৰ পৰিশ্ৰম কৰি আছে।
আনহাতে বিজেপি নেতা তৰুণ চুগে হানী সিঙৰ জীৱনক অত্যন্ত অনুপ্ৰেৰণাদায়ী বুলি অভিহিত কৰিছে। তেওঁ কয় যে হানী সিং পঞ্জাৱৰ এজন এনেকুৱা সন্তান যিয়ে সমগ্ৰ বিশ্বতে নিজৰ নাম উজলাইছে। বেয়া সংগতিৰ বাবে ড্ৰাগছৰ কবলত পৰাৰ পিছতো হানী সিঙে আঠ বছৰ ধৰি কঠোৰ সংগ্ৰাম কৰি সেই অন্ধকাৰ জীৱনৰ পৰা ওলাই আহিছে আৰু পুনৰ সংগীত জগতৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। চুগে যুৱক-যুৱতীসকলক আহ্বান জনাই কয় যে যদি হানী সিঙে নিজৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত এই কুপ্ৰথাৰ পৰা ওলাই আহিব পাৰে, তেন্তে পঞ্জাৱৰ প্ৰতিটো সন্তানেই ড্ৰাগছ মুক্ত হ’ব পাৰিব। তেওঁৰ মতে ড্ৰাগছ এৰিবলৈ কেৱল ঔষধৰ প্ৰয়োজন নাই, বৰঞ্চ ভগৱানৰ প্ৰাৰ্থনা আৰু মানসিক শক্তিৰহে বেছি প্ৰয়োজন।
ৰাজনৈতিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে বৰ্তমান পঞ্জাৱত বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা চলাইছে। আম আদমি পাৰ্টী শাসিত পঞ্জাৱত বিজেপি এক ডাঙৰ শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে। অলপতে আম আদমি পাৰ্টীৰ সাতজন ৰাজ্যসভাৰ সাংসদ বিজেপিলৈ দলত্যাগ কৰাৰ ক্ষেত্ৰত তৰুণ চুগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। পঞ্জাৱত ড্ৰাগছৰ সমস্যাটো বিগত দুটা দশক ধৰি এক ডাঙৰ নিৰ্বাচনী ইছ্যু হৈ আহিছে আৰু বৰ্তমানৰ মুখ্যমন্ত্রী ভগৱন্ত মানেও ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে অভিযান চলাই আছে। এনে পৰিস্থিতিত হানী সিঙৰ এই সাক্ষাতে বিশেষ তাৎপৰ্য বহন কৰিছে।
অৱশ্যে ড্ৰাগছৰ বিৰুদ্ধে হানী সিঙৰ এই নতুন প্ৰচেষ্টাক লৈ একাংশ লোকে তেওঁৰ অতীতৰ বিতৰ্কসমূহো সোঁৱৰাই দিছে। কিয়নো পূৰ্বৰ কেৰিয়াৰত হানী সিঙৰ বিৰুদ্ধে ড্ৰাগছ আৰু মহিলাক লৈ আপত্তিজনক গীত গোৱাৰ বহু অভিযোগ আছিল। আনকি দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ কেইটামান পুৰণি গীত আঁতৰাবলৈ নিৰ্দেশ দিছিল আৰু শেহতীয়াকৈ তেওঁৰ নতুন গীতৰ বিৰুদ্ধেও মহিলা আয়োগে জাননী জাৰি কৰিছিল। কিন্তু এই সকলোবোৰ পুৰণি বিতৰ্কক পিছফালে পেলাই এতিয়া হানী সিঙে পঞ্জাৱৰ যুৱ সমাজক সুপথলৈ আনিমলৈ এক ড্ৰাগছ বিৰোধী আন্দোলনৰ দিশে অগ্ৰসৰ হোৱা পৰিলক্ষিত হৈছে।





