• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কলকাতাৰ পৰা আঁতৰোৱা হ’ব মেছিৰ বিশাল প্ৰতিমূৰ্তি! কিয় লোৱা হ’ল এনে সিদ্ধান্ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 9:25 am
356
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বতাহত হালি থকাৰ বাবে নিৰাপত্তাজনিত কাৰণত কলকাতাৰ বুকুত স্থাপন কৰা আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছিৰ ৭০ ফুট ওখ বিশাল প্ৰতিমূৰ্তিটো আঁতৰাই পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সোমবাৰে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত গড়কাপ্তানি বিভাগৰ (PWD) এটা দলে পৰিদৰ্শন কৰাৰ পিছতেই এই সিদ্ধান্ত লোৱা হয়। ইএছপিএনৰ এক প্ৰতিবেদন অনুসৰি, বতাহত প্ৰতিমূৰ্তিটো অস্থিৰ হৈ পৰা পৰিলক্ষিত হোৱাৰ পিছত বিশেষজ্ঞৰ দলে ইয়াৰ গাঁথনিগত দুৰ্বলতা ধৰা পেলায় আৰু কোনো সম্ভাৱ্য দুৰ্ঘটনা বা অঘটনৰ পূৰ্বেই ইয়াক স্থানান্তৰ কৰাটো জৰুৰী বুলি মত প্ৰকাশ কৰে।

যোৱা বছৰৰ ডিচেম্বৰ মাহত ফিফা বিশ্বকাপ জয়ী তাৰকাগৰাকীৰ ভাৰতৰ ‘গোট ট্যুৰ’ (GOAT Tour)ৰ পূৰ্বে তেওঁৰ অনুৰাগীসকলে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল। মাত্ৰ ২৭ দিনৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা এই প্ৰতিমূৰ্তিটোত মেছিয়ে ২০২২ চনৰ ফিফা বিশ্বকাপৰ ট্ৰফী হাতত লৈ থকাৰ দৃশ্য উপস্থাপন কৰা হৈছিল। এই সন্দৰ্ভত পশ্চিমবংগৰ বিধায়ক শৰদ্বত মুখাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰি কয় যে আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰগৰাকীৰ এই প্ৰতিমূৰ্তিটো নিৰাপদ অৱস্থাত নাই আৰু বতাহত ই হালি থকাটো সকলোৰে দৃষ্টিগোচৰ হৈছে। সম্প্ৰতি কৰ্তৃপক্ষই ইয়াক পুনৰ নিৰাপদভাৱে স্থাপন কৰিবলৈ বিকল্প স্থানৰ সন্ধান অব্যাহত ৰাখিছে।

Apply Now

উল্লেখযোগ্য যে যোৱা বছৰ মেছিয়ে তেওঁৰ ইণ্টাৰ মিয়ামিৰ সতীৰ্থ লুইছ সুৱাৰেজ আৰু ৰড্ৰিগো ডি পলৰ সৈতে পশ্চিমবংগ, হায়দৰাবাদ, মুম্বাই আৰু দিল্লী ভ্ৰমণ কৰিছিল। কিন্তু তেওঁৰ এই ভ্ৰমণৰ পিছৰে পৰা বিতৰ্কই লগ এৰা নাই। মাত্ৰ এসপ্তাহ পূৰ্বে মেছিৰ ভাৰত ভ্ৰমণৰ মুখ্য আয়োজক শতদ্ৰু দত্তই পশ্চিমবংগৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী অৰূপ বিশ্বাসৰ বিৰুদ্ধে অসদাচৰণ আৰু মেছিৰ অনুষ্ঠানৰ টিকটৰ অপব্যৱহাৰৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰিছিল। আয়োজকগৰাকীয়ে প্ৰৱেশ পত্ৰ প্ৰদানক লৈ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ পৰা তীব্ৰ হেঁচাৰ সন্মুখীন হোৱা বুলিও অভিযোগ উত্থাপন কৰিছিল।

ইয়াৰ পূৰ্বেও কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত মেছিৰ অনুষ্ঠানত তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। উচ্চ মূল্যৰ টিকট ক্ৰয় কৰিও অনুষ্ঠানৰ মাজভাগতে মেছিয়ে স্থান ত্যাগ কৰাত ক্ষুব্ধ অনুৰাগীসকলে পানীৰ বটল দলিয়াবলৈ আৰম্ভ কৰিছিল। ভিআইপি আৰু ৰাজনীতিবিদসকলে মেছিক লগ পোৱাৰ সুযোগ একচেটিয়াভাৱে দখল কৰাৰ অভিযোগ তুলি একাংশ দৰ্শকে ষ্টেডিয়ামৰ ভিতৰত ব্যাপক ধ্বংসলীলা চলায়। পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ পৰিছিল যে একাংশ অনুৰাগীয়ে নিষিদ্ধ এলেকাত প্ৰৱেশ কৰি তম্বু আৰু গ’লপ’ষ্টৰ বিস্তৰ ক্ষতিসাধন কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে লঘু বল প্ৰয়োগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলগীয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd