• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ল’ৰাবোৰে বিয়া কিয় পাতে? ছোৱালীৰ পৰিয়ালক অপমান কৰিবলৈ?’ যৌতুকৰ দাবীত মৃত্যু হোৱা ঘটনাত সৰ্বোচ্চ ন্যায়ালয়ৰ ভৰ্ৎসনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2026 7:55 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌতুক প্ৰথা আৰু বোৱাৰী নিৰ্যাতনক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। ছত্তীশগড়ৰ এক যৌতুকজনিত মৃত্যুৰ গোচৰত অভিযুক্ত স্বামীৰ পৰিয়ালৰ এজন সদস্যৰ আৱেদন শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে নাকচ কৰে। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে বিয়াৰ পাছত ছোৱালী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত অপমান আৰু আৰ্থিক হেঁচা প্ৰয়োগ কৰাটো কোনো কাৰণতে সহ্য কৰা নহ‘ব।

ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠে এই গোচৰৰ শুনানিত এক গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ কৰে। ন্যায়ালয়ে প্ৰশ্ন কৰে, ল’ৰাবোৰে বিয়া কিয় পাতে? ছোৱালী আৰু তেওঁলোকৰ পৰিয়ালক অপমান কৰিবলৈ নেকি? সমাজলৈ এটা স্পষ্ট বাৰ্তা যোৱা উচিত যে পত্নী আৰু তেওঁৰ পৰিয়ালক এইদৰে অপমান কৰাটো চলি থাকিব নোৱাৰে।

Apply Now

এই গোচৰটো ২০১০ চনৰ। ছত্তীশগড়ত বিয়াৰ সাত বছৰৰ ভিতৰতে এগৰাকী যুৱতীৰ মৃতদেহ তেওঁৰ শহুৰেকৰ ঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল। অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি তেওঁক নগদ ধন আৰু গাড়ীৰ বাবে হেঁচা দিয়া হৈছিল। স্বামী আৰু শহুৰেকৰ ঘৰৰ মানুহে নিয়মীয়াকৈ যৌতুকৰ দাবীত মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাইছিল।

মৃত যুৱতীগৰাকীৰ পৰিয়ালৰ দাবী আছিল যে মৃত্যুৰ ঠিক আগতে ছোৱালীজনীৰ ওপৰত আৰ্থিক হেঁচা আৰু অত্যাচাৰ চৰম পৰ্যায়লৈ গৈছিল। সেই অভিযোগৰ ভিত্তিতেই পৰৱৰ্তী সময়ত তদন্ত আৰম্ভ হয়। বিচাৰ চলি থকাৰ সময়ত ন্যায়ালয়ে জনায় যে বিয়াৰ সাত বছৰৰ ভিতৰত অস্বাভাৱিক মৃত্যু আৰু যৌতুকৰ অভিযোগ থকাৰ বাবে এইটো যৌতুকজনিত মৃত্যুৰ পৰ্যায়ত পৰে। ইয়াৰ পাছত স্বামীৰ পৰিয়ালৰ কেইবাজনো সদস্যক যৌতুকজনিত মৃত্যু, আত্মহত্যাত প্ৰৰোচনা আৰু বোৱাৰী নিৰ্যাতনৰ ধাৰাত দোষী সাব্যস্ত কৰা হয়। পাছত ছত্তীশগড় উচ্চ ন্যায়ালয়েও এই ৰায় বাহাল ৰাখে।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত মৃত যুৱতীগৰাকীৰ দেওৰেকৰ তৰফৰ পৰা দাবী কৰা হয় যে তেওঁৰ বিৰুদ্ধে কেৱল বোৱাৰী নিৰ্যাতনৰ ধাৰাহে প্ৰয়োগ হৈছিল আৰু অভিযোগ যথেষ্ট নহয়। কিন্তু এই যুক্তিত সৰ্বোচ্চ ন্যায়ালয় সন্তুষ্ট নহ‘ল। ন্যায়াধীশ নাগাৰত্নই মন্তব্য কৰে যে তেওঁ সুখী হোৱা উচিত কাৰণ মাত্ৰ তিনি বছৰৰ শাস্তিহে হৈছে। শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে লগতে কয় যে বহু পৰিয়ালে বিয়াৰ পাছত ছোৱালীৰ পৰিয়ালক আৰ্থিকভাৱে হেঁচা দিয়াৰ চেষ্টা কৰে। তেওঁলোকৰ চেষ্টা থাকে বোৱাৰী আৰু তেওঁৰ পৰিয়ালক চেপি ধৰাৰ। অভিযোগ দাখিল কৰাত পলম হোৱা বুলি অভিযুক্ত পক্ষৰ অধিবক্তাই দাবী কৰিলেও ন্যায়ালয়ে ইয়াত গুৰুত্ব নিদিলে।

আনহাতে ন্যায়াধীশ উজ্জ্বল ভূঞায়ো উদ্বেগ প্ৰকাশ কৰি কয় যে এইবোৰ সকলো শিক্ষিত মানুহ, তাৰ পাছতো এনেকুৱা কাম কৰে। অৱশেষত নিম্ন ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ৰায় বাহাল ৰাখি অভিযুক্তৰ আৱেদন নাকচ কৰে উচ্চতম ন্যায়ালয়ে।

উল্লেখযোগ্য যে, শেহতীয়াকৈ ভূপালত ত্বিষা শৰ্মাৰ মৃত্যুৰ ঘটনাতো যৌতুক নিৰ্যাতনৰ অভিযোগ পোহৰলৈ আহিছে। তেওঁৰ পৰিয়ালে স্বামী আৰু শাহুৱেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। বৰ্তমান আটাইকেইজন অভিযুক্ত চিবিআইৰ জিম্মাত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

সংসদত মিছা মাতিছিল নেকি ৰাজনাথ সিঙে? ‘অপাৰেচন সিন্দুৰ’ত ৬ জোৱান ছহিদ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কেন্দ্ৰলৈ তীব্ৰ বাক্যবাণ বিৰোধীৰ

June 27, 2026 8:59 pm
প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

প্ৰশ্নকাকত ফাদিলৰ সন্দেহ: পৰীক্ষাৰ এদিন পূৰ্বেই স্থগিত মহাৰাষ্ট্ৰৰ টেট

June 27, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd