• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“কমিউনিষ্টসকল ৰাজনৈতিকভাৱে দেউলীয়া, চিপিএমৰ ১০খন আসন বিজেপিয়ে কাঢ়ি আনিব’’ : দাবী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 12:38 pm
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মাণিক সাহাই দাবী কৰিছে যে কমিউনিষ্টসকল বৰ্তমান ৰাজনৈতিকভাৱে দেউলীয়া হৈ পৰিছে। তেওঁলোকে বিভিন্ন ধৰণে ভাৰতীয় জনতা পার্টীক কলঙ্কিত কৰাৰ চেষ্টা চলাইছে। অনাগত দিনত চিপিএমৰ হাতত থকা ১০খন আসন ভাৰতীয় জনতা পার্টীয়ে কাঢ়ি আনিব। ইয়াৰ উপৰি অনাগত দিনত বিজেপিয়ে সাংগঠনিকভাৱে অধিক শক্তিশালী হ’ব লাগিব। শুকুৰবাৰে আগৰতলাৰ ৰবীন্দ্ৰ শতবার্ষিকী ভৱনত ভাৰতীয় জনতা পার্টীৰ নৱনিযুক্ত প্রদেশ সভাপতি অভিষেক দেৱৰায়ৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী মাণিক সাহাই এই মন্তব্য কৰে।

অনুষ্ঠানত ভাষণ প্ৰসংগত মাণিক সাহাই কয় যে অনুশাসন অতি গুৰুত্বপূৰ্ণ। জীৱনত সঠিক দিশত আগবাঢ়িবলৈ হ’লে অনুশাসন থাকিবই লাগিব। কার্যকর্তাসকলে ৰাইজৰ আশা-আকাংক্ষা অনুসৰি কাম কৰিব লাগিব। বুথ সভাপতিসকলক আৰু অধিক শক্তিশালী কৰিব লাগিব। চৰকাৰৰ কাম-কাজৰ বিষয়ে বুথে বুথে অৱগত কৰিব লাগিব। এই স্তৰত কাম কৰিবলৈ তেওঁ নৱনিযুক্ত সভাপতিগৰাকীক আহ্বান জনায়। তেতিয়াহে কেৱল ২০২৮ চনতে নহয়, পৰৱৰ্তী সময়তো ভাৰতীয় জনতা পার্টীৰ চৰকাৰ বৰ্তি থাকিব। তেওঁ কয় যে বিজেপিৰ কোনো বিকল্প নাই আৰু কেতিয়াও নহবও। কংগ্ৰেছ আৰু চিপিএমক সকলোৱে দেখিছে। কমিউনিষ্টসকলৰ মুখা এতিয়া খহি পৰিছে। বহুতে ছচিয়েল মিডিয়া বা ইউটিউবত আহি উল্টাপাল্টা কথা কৈছে আৰু বিজেপিক কলুষিত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মনত ৰাখিব লাগিব যে এইখন কংগ্ৰেছ বা তৃণমূলৰ পার্টী নহয়, এইখন ভাৰতীয় জনতা পার্টীহে।

Apply Now

মুখ্যমন্ত্রীগৰাকীয়ে নৱনিযুক্ত সভাপতিগৰাকীক কয় যে চিপিএমৰ হাতত থকা ১০খন আসন বিজেপিয়ে পুনৰ নিজৰ হাতলৈ আনিব। যিহেতু সমগ্ৰ ভাৰততে চিপিএম নিঃশেষ হৈ গৈছে, গতিকে ত্ৰিপুৰাতো ইয়াৰ বাবে বিশেষ অভিযান চলাব লাগিব। তেওঁলোকক কোনো পৰিস্থিতিতে এৰি দিয়া নহ’ব, কাৰণ তেওঁলোক দেশ আৰু ৰাজ্যৰ বাবে ক্ষতিকাৰক। মানুহক বিভ্ৰান্ত কৰা আৰু মিছা কথা কোৱাটোৱেই এই দলটোৰ ধৰ্ম। তেওঁলোকৰ শাসনকালত সোণালী যুগৰ কথা কোৱা হৈছিল যদিও তেওঁলোকৰ দিনতে এই ড্ৰাগছ মাফিয়াৰ সৃষ্টি হৈছিল আৰু এতিয়া সেই ড্ৰাগছ মাফিয়াসকলৰ হাতত হেণ্ডকাফ পৰিছে।

মুখ্যমন্ত্রী সাহাই আৰু কয় যে অনাগত দিনত বিজেপিয়ে সাংগঠনিকভাৱে আৰু অধিক শক্তিশালী হ’ব লাগিব। চৰকাৰে চৰকাৰৰ কাম কৰিব আৰু বাতৰি কাকতত প্ৰকাশ পোৱা খবৰৰ ওপৰতেও যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ত্ৰিপুৰাৰ সংস্কাৰমূলক কাম-কাজক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি সন্তোষ প্ৰকাশ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত জিএছডিপি আৰু জনমূৰি আয়ৰ ক্ষেত্ৰত ত্ৰিপুৰা দ্বিতীয় সৰ্বোচ্চ স্থানত আছে। নীতি আয়োগে ত্ৰিপুৰাক ফ্ৰণ্ট ৰানাৰ ষ্টেট হিচাপে ঘোষণা কৰিছে। গোৱা আৰু মিজোৰামৰ পিছতে সাক্ষৰতাৰ দিশৰ পৰা দেশৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে ত্ৰিপুৰা। ৰাজ্যখনত এমবিবিএছ আৰু পোষ্ট গ্ৰেজুৱেচনৰ আসন সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। লগতে ডেন্টাল কলেজ, ফাৰ্মেচি কলেজ আৰু বিএছচি নার্সিং কলেজ আদি গঢ়ি উঠিছে। ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় ৭ হাজাৰ কোটি টকা আৱণ্টন দিয়া হৈছে।

উল্লেখ্য যে বৃহস্পতিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই তৰুণ বিধায়ক অভিষেক দেৱৰায়ৰ নাম ত্ৰিপুৰা বিজেপিৰ প্ৰদেশ সভাপতি হিচাপে ঘোষণা কৰিছিল। এই সম্বৰ্ধনা অনুষ্ঠানত ভাৰতীয় জনতা পার্টীৰ নৱনিযুক্ত সভাপতি তথা বিধায়ক অভিষেক দেৱৰায়, সদ্যপ্ৰাক্তন প্রদেশ সভাপতি তথা সাংসদ ৰাজীৱ ভট্টাচাৰ্য, প্ৰভাৰী ড° ৰাজদীপ ৰায়, মন্ত্ৰী পৰিষদৰ সদস্যসকলৰ লগতে বিধায়ক আৰু অন্যান্য শীৰ্ষ নেতৃত্ব উপস্থিত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd