চৰকাৰী চাকৰিৰ সন্ধানত থকা প্ৰাৰ্থীসকলৰ বাবে এটা অতি ভাল খবৰ। ভাৰতীয় ৰে’লৱেই এক বৃহৎ নিযুক্তিৰ জাননী প্ৰকাশ কৰিছে। ৰে’লৱে ৰিক্ৰুটমেণ্ট ব’ৰ্ড চমুকৈ আৰ আৰ বিৰ তৰফৰ পৰা জনোৱা হৈছে যে এইবাৰ ৰে’লত বৃহৎ সংখ্যক খালী পদ পূৰণ কৰা হ’ব। জাননী অনুসৰি, ৰে’লৱেত এচিষ্টেণ্ট ল’ক’ পাইলট চমুকৈ এ এল পি পদত কৰ্মচাৰী নিযুক্তি দিয়া হ’ব আৰু এই নিযুক্তি প্ৰক্ৰিয়া চলিত বৰ্ষৰ ভিতৰতে সম্পূৰ্ণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
এইবাৰ ৰে’লৱেৰ ফালৰ পৰা এচিষ্টেণ্ট ল’ক’ পাইলট পদৰ বাবে মুঠ ১১ হাজাৰ ১২৭ টা খালী পদ মুকলি কৰা হৈছে। ইয়াৰে কিছু আসন সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰা হ’ব। নিযুক্তি পোৱাৰ পিছত প্ৰথম অৱস্থাত কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ’ব আৰু সেই সময়ছোৱাত ৰে’লৱেৰ তৰফৰ পৰা তেওঁলোকক মাহিলী বৃত্তিও প্ৰদান কৰা হ’ব। এই কৰ্মচাৰীসকলক দেশৰ বিভিন্ন আঞ্চলিক কেন্দ্ৰ বা প্ৰডাকচন ইউনিটত নিযুক্তি দিয়া হ’ব। নিযুক্তি পোৱা স্থানৰ পৰা আন ঠাইলৈ বদলি হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীয়ে উক্ত কেন্দ্ৰত কমেও পাঁচৰ পৰা দহ বছৰ সেৱা আগবঢ়াব লাগিব।
এই পদসমূহত আবেদন কৰিবলৈ হ’লে প্ৰাৰ্থীসকলে যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা মেট্ৰিক বা ইয়াৰ সমকক্ষ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। আবেদনকাৰীৰ বয়স ১৮ ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব যদিও সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ৰেহাই পাব। দৰমহাৰ ক্ষেত্ৰত, প্ৰাথমিকভাৱে নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ বেছিক পে’ হ’ব ১৯ হাজাৰ ৯০০ টকা আৰু পৰৱৰ্তী সময়ত সৰ্বোচ্চ মাহিলী দৰমহা ৩৪ হাজাৰ ৪৪২ টকালৈ বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও কৰ্মচাৰীসকলে আন আন ভাট্টা আৰু বিভিন্ন সা-সুবিধাও লাভ কৰিব।
প্ৰাৰ্থীসকলৰ যোগ্যতা মুঠ পাঁচটা পৰ্যায়ত প্ৰমাণ কৰা হ’ব। প্ৰথমতে কম্পিউটাৰ ভিত্তিক পৰীক্ষা চি বি টি ১, তাৰ পিছত চি বি টি ২, কম্পিউটাৰ ভিত্তিক এপ্টিচিউড টেষ্ট, নথিপত্ৰ পৰীক্ষণ আৰু শেষত স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। প্ৰতিটো পৰ্যায়ত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়েহে পৰৱৰ্তী পৰ্যায়লৈ যাব পাৰিব। আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে আৰ আৰ বিৰ চৰকাৰী ৱেবছাইট rrbapply.gov.in লৈ গৈ আৰ আৰ বি এ এল পি ৰিক্ৰুটমেণ্ট ২০২৬ ৰ পঞ্জীয়ন লিংকত ক্লিক কৰিব লাগিব। তাত প্ৰয়োজনীয় তথ্য পাতি দি পঞ্জীয়ন কৰাৰ পিছত আবেদন পত্ৰখন পূৰণ কৰি অনলাইনযোগে মাচুল আদায় দিব লাগিব আৰু শেষত আবেদন পত্ৰখন চাবমিট কৰি ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে তাৰ এটা প্ৰিণ্টআউট উলিয়াই ৰাখিব পাৰিব।
অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল ৫০০ টকা নিৰ্ধাৰণ কৰা হৈছে। অৱশ্যে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত অৱতীৰ্ণ হ’লে বেংকৰ মাচুল কাটি বাকী ৪০০ টকা প্ৰাৰ্থীক ঘূৰাই দিয়া হ’ব। আনহাতে, সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে মাচুল হৈছে ২৫০ টকা আৰু পৰীক্ষাত বহিলে এই সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ’ব। আবেদনৰ মাচুল কেৱল ইণ্টাৰনেট বেংকিং, ডেবিট বা ক্ৰেডিট কাৰ্ড অথবা ইউ পি আইৰ জৰিয়তেহে জমা দিব পাৰিব। প্ৰাৰ্থীসকলে অহা ১৪ জুনলৈকে আবেদন পত্ৰ আৰু ১৬ জুনলৈকে মাচুল জমা দিব পাৰিব। তদুপৰি ১৭ জুনৰ পৰা ২৬ জুনৰ ভিতৰত আবেদন পত্ৰত কিবা ভুল থাকিলে সেয়া শুধৰণি কৰাৰো সুবিধা প্ৰদান কৰা হৈছে।





