পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত এক অতি আচৰিত ঘটনা সংঘটিত হৈছে। প্ৰায় ছদিন ধৰি নিৰুদ্দেশ হৈ থকা এজন লোকক পৰিয়াল আৰু আন সকলোৱে মৃত বুলি ভাবি লৈছিল। কিন্তু সেই মানুহজন জীৱিত অৱস্থাত উভতি আহি সকলোকে আশ্চৰ্যচকিত কৰিলে। এই পৰ্বতাৰোহী গাইডজনৰ নাম দাৱা শ্বেৰ্পা আৰু তেওঁৰ বয়স প্ৰায় পঞ্চাশ বছৰ। পৰ্বতাৰোহণৰ জগতখনত মানুহে তেওঁক হিলাৰী বুলিও মাতে। যোৱা ত্ৰিশ মে’ তাৰিখে পৰ্বতৰ একেবাৰে ওপৰত বতৰ অতিমাত্ৰা বেয়া হোৱাৰ বাবে তেওঁ হেৰাই গৈছিল।
তেওঁৰ পত্নীয়ে স্বামী ঘূৰি অহাৰ আশা একেবাৰে বাদ দিছিল আৰু আনকি মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনাও আৰম্ভ কৰি দিছিল। কিন্তু বৃহস্পতিবাৰে পুৱা পৰ্বতৰ ৰাস্তা বনোৱা আৰু আৱৰ্জনা পৰিষ্কাৰ কৰা এটা দলৰ মানুহে তেওঁক বেচ কেম্পৰ কাষত মাটিত চুচৰি চুচৰি আহি থকা অৱস্থাত দেখা পায়।
তাৰ পিছত ততাতৈয়াকৈ এখন হেলিকপ্টাৰত তুলি তেওঁক নেপালৰ ৰাজধানী কাঠমাণ্ডুলৈ লৈ যোৱা হয়। বৰ্তমান তেওঁক তাৰ এখন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। তেওঁৰ শৰীৰত যথেষ্ট আঘাত লাগিছে যদিও চিকিৎসাধীন অৱস্থাত তেওঁ লাহে লাহে সুস্থ হৈ উঠিছে। ছদিন ধৰি তেনে ভয়ংকৰ প্ৰতিকূল পৰিৱেশত জীয়াই থকাটো সঁচাকৈয়ে এক অবিশ্বাস্য আৰু অলৌকিক ঘটনা।





