ডোনাল্ড ট্ৰাম্পৰ জোঁৱাই জ্যৰেড কুশনাৰৰ এটা বিলাসী ৰিজৰ্ট প্ৰকল্পক লৈ এতিয়া আলবেনিয়াত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। দিনক দিনে এই প্ৰকল্পটোৰ বিৰুদ্ধে সাধাৰণ মানুহৰ ক্ষোভ বাঢ়ি গৈছে। ৰাজধানী তিৰানাৰ ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত পানীৰ বোমা ব্যৱহাৰ কৰিবলগীয়া হৈছে, যাৰ বাবে সমগ্ৰ পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে।
এই বিতৰ্কৰ মূল কাৰণ হ’ল ১.৬ বিলিয়ন ডলাৰ ব্যয়সাপেক্ষ এটা ডাঙৰ প্ৰকল্প, য’ত ১০ হাজাৰটা কোঠা থকা এটা বিশাল ৰিজৰ্ট নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে। পৰিৱেশবিদসকলৰ মতে, এই প্ৰকল্পটোৰ বাবে স্থানীয় জলাশয় আৰু বনাঞ্চলৰ জীৱ-জন্তুৰ বহুত ক্ষতি হ’ব। বিশেষকৈ ফ্লেমিংগো চৰাই, চিল মাছ আৰু সাগৰীয় কাছৰ কণী পৰা ঠাইবোৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব।
এনে পৰিস্থিতিৰ মাজতো আলবেনিয়াৰ প্ৰধানমন্ত্ৰী এডি ৰামাই এই প্ৰকল্পটোৰ সপক্ষেহে কথা কৈছে। তেওঁ স্পষ্টকৈ জানিবলৈ দিছে যে তেওঁ শাসনত থকা সময়ত এই বিনিয়োগ কোনো কাৰণতে বন্ধ হ’বলৈ নিদিয়ে। তেওঁ দেশবাসীক এই প্ৰকল্পটোক আদৰণি জনাবলৈহে আহ্বান জনাইছে। আনহাতে, কুশনাৰৰ কোম্পানীৰ এজন বিষয়াই আশ্বাস দিছে যে এই প্ৰকল্পৰ দ্বাৰা পৰিৱেশৰ কোনো ক্ষতি নহয়। কিন্তু এনে আশ্বাসৰ পাছতো পৰিৱেশবিদ আৰু স্থানীয় ৰাইজ শান্ত হোৱা নাই। প্ৰতিবাদকাৰীসকলৰ হাতত ফ্লেমিংগো চৰাইৰ পুতলা দেখা গৈছে আৰু তেওঁলোকে এই প্ৰকল্প যিকোনো প্ৰকাৰে বন্ধ কৰাৰ দাবীত অটল আছে।
উল্লেখ্য যে ২০২৪ চনত কুশনাৰে প্ৰথমবাৰৰ বাবে এই প্ৰকল্পটোৰ কথা ঘোষণা কৰিছিল আৰু তেতিয়াৰ পৰাই বিতৰ্কৰ আৰম্ভণি হৈছিল। ইয়াৰ পূৰ্বে ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডতো তেওঁ এনে এটা প্ৰকল্পৰ কথা ঘোষণা কৰিছিল, কিন্তু স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ বাবে সেইবাৰ প্ৰকল্পটো বাতিল কৰিবলগীয়া হৈছিল। এতিয়া আলবেনিয়াত এই প্ৰকল্পটোৰ ভৱিষ্যত কি হ’ব, সেয়া লক্ষণীয় হ’ব। বৰ্তমানলৈকে এই বিষয়ে কুশনাৰ বা তেওঁৰ কোম্পানীৰ তৰফৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই।





