বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ মাজতে কেৰালাৰ পালাক্কাদ জিলাৰ থেনকুৰিছিৰ এম শ্যামকুমাৰ নামৰ এজন ব্যক্তি সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ পৰিছে। এগৰাকী সাধাৰণ অটৰিক্সা চালক হোৱা স্বত্বেও বিগত ২৬ বছৰ ধৰি তেওঁ অদম্য প্ৰেৰণাৰে প্ৰায় ২০ হাজাৰতকৈও অধিক গছপুলি ৰোপণ কৰিছে। এই মহান যাত্ৰা তেওঁ আৰম্ভ কৰিছিল যেতিয়া তেওঁ চাইকেলেৰে বাতৰি কাকত বিতৰণ কৰিছিল। এখন আলোচনীত প্ৰকাশ পোৱা এটা প্ৰবন্ধত এজোপা গছক দহজন পুণ্যৱান পুত্ৰৰ সৈতে তুলনা কৰা কথাষাৰে তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু তেতিয়াৰ পৰাই তেওঁ এই পৱিত্ৰ কামত ব্ৰতী হৈ পৰিছে। তেওঁৰ মতে কেৱল গছপুলি ৰোৱাটোৱেই ডাঙৰ কথা নহয়, সেয়া সঠিকভাৱে ডাঙৰ-দীঘল কৰাটোৱেই প্ৰকৃত কাম।
শ্যামকুমাৰৰ দিনটো আৰম্ভ হয় অতি সোনকালে আৰু অটৰিক্সা চলোৱাৰ সমান্তৰালকৈ তেওঁ ৰাস্তাৰ দাঁতিত, চৰকাৰী মাটিত, বিদ্যালয়, চিকিৎসালয় আৰু মন্দিৰৰ চৌহদত গছপুলি ৰোৱা কাম অব্যাহত ৰাখে। তেওঁৰ অটৰিক্সাখনত সদায় পুলি, বীজ আৰু প্ৰয়োজনীয় সা-সঁজুলি থাকে। তেওঁৰ অটৰিক্সাত লিখা আছে মৰম ওৰু বৰম অৰ্থাৎ গছ এক আশীৰ্বাদ। গছপুলি যাতে শুকাই নাযায় তাৰ বাবে তেওঁ পুৰণি বটল ব্যৱহাৰ কৰি খুব সৰলভাৱে টোপাল জলসিঞ্চন পদ্ধতি অৱলম্বন কৰে আৰু বাঁহৰ বেৰা দি পুলিবোৰক সুৰক্ষা দিয়ে। তেওঁৰ এই একক প্ৰচেষ্টাৰ বাবে তেওঁক বহুতে গ্ৰীণ আৰ্মী বুলিও কয়।
তেওঁৰ কৰ্মৰাজি কেৱল কেৰালাৰ ভিতৰতে সীমাবদ্ধ নহয়, পুডুচেৰী, কাভৰাট্টি আৰু মুকাম্বিকালৈ যোৱা পথতো তেওঁ গছপুলি ৰুইছে। মালাপুঝা খালৰ দাঁতিত তেওঁ ৰোৱা তাল গছৰ শাৰীবোৰ তেওঁৰ অন্যতম সফল প্ৰকল্প। ইয়াৰ উপৰিও তেওঁ চৰাইৰ বাবে গ্ৰীষ্মকালত পানীৰ ব্যৱস্থা কৰে, কাৰণ তেওঁ বিশ্বাস কৰে যে চৰাইবোৰেই প্ৰকৃত বীজ বিস্তাৰক। গছৰ লগতে তেওঁ পুখুৰী সংৰক্ষণ আৰু সমাজৰ অন্যান্য উন্নয়নমূলক কামতো সক্ৰিয় ভূমিকা পালন কৰে। তেওঁৰ এই নিস্বাৰ্থ সেৱাৰ বাবে ৰাজ্যিক জৈৱ বৈচিত্র্য ব’ৰ্ডকে ধৰি কেইবাটাও সন্মানীয় বঁটাৰে তেওঁক ভূষিত কৰা হৈছে। ২৬ বছৰ অতিক্ৰম কৰিও তেওঁৰ ৰুটিন একেই আছে, অৰ্থাৎ গছপুলি ৰোৱা, তাক সুৰক্ষা দিয়া আৰু সময়মতে তাৰ খবৰ লোৱা।





