• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2026 7:15 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ যুৱ প্ৰতিবাদৰ সময়ত ছাত্ৰ-কৰ্মী নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰক আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত হিন্দুত্ববাদী স্বতন্ত্ৰ ভৰদ্বাজে তিনিসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰিছে। মঙলবাৰে দিল্লীৰ আদালতে তেওঁক এই অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে বুলি লাইভ ল’য়ে প্ৰকাশ কৰিছে।

উল্লেখ্য, নীট পৰীক্ষাত হোৱা অনিয়মৰ বিৰুদ্ধে ২৩ জুলাইত দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ অনুষ্ঠিত হৈছিল। এই প্ৰতিবাদৰ মাজতে ছাত্ৰ-কৰ্মী নিশু আজাদৰ পিতৃ সঞ্জয় কুমাৰক আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল স্বতন্ত্ৰ ভৰদ্বাজৰ বিৰুদ্ধে।

Apply Now

১ ছেপ্টেম্বৰত আপলোড হোৱা ‘দ্য কেজুৱেল টক’ নামৰ এটা প’ডকাষ্টত তেওঁ নিশু আজাদৰ পিতৃক আক্ৰমণ কৰি মূৰ ফালি দিছিল বুলি নিজেই উল্লেখ কৰে।  প’ডকাষ্টটোত ভৰদ্বাজে বিজেপিৰ ৰাজনৈতিক নেতাৰ সৈতে নিজৰ ঘনিষ্ঠতাৰ কথাও দাবীও কৰে। দিল্লীৰ মন্ত্ৰী তথা বিজেপি নেতা কপিল মিশ্ৰক তেওঁ জ্যেষ্ঠ ভাতৃ বুলি দাবী কৰে। ইয়াৰ উপৰি চিৰাগ পাছৱান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো একে ধৰণে সম্বোধন কৰি তেওঁলোকে ভৰদ্বাজৰ অপৰাধক সমৰ্থন কৰে বুলিও তেওঁ দাবী কৰে।

এই অভিযোগৰ ভিত্তিত যোৱা ৪ ছেপ্টেম্বৰত ভৰদ্বাজক আটক কৰা হৈছিল। ইয়াৰ পূৰ্বে প্ৰচাৰিত এটা ভিডিঅ’ক লৈ তেওঁক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।

ভিডিঅ’টো ব্যাপকভাৱে প্ৰচাৰিত হোৱাৰ পাছত ভৰদ্বাজৰ বিৰুদ্ধে সাধাৰণ আঘাত কৰা আৰু বলপূৰ্বকভাৱে কাৰোবাক ৰখাই থোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। ঘটনাটোক লৈ ক্ষোভ বৃদ্ধি পোৱাৰ মাজতে ৪ ছেপ্টেম্বৰত ‘কক্ৰ’চ জনতা পাৰ্টি’ৰ সদস্যসকলে দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। অভিযুক্তৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত হত্যাৰ চেষ্টা সম্পৰ্কীয় ধাৰা সংযোজনৰ দাবী জনাইছিল প্ৰতিবাদকাৰীসকলে।

এই প্ৰতিবাদৰ পাছত আৰক্ষীয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি নিৰ্যাতন প্ৰতিৰোধ আইন আৰু অপৰাধমূলক ভাবুকি সম্পৰ্কীয় ধাৰাও গোচৰত সংযোজন কৰে বুলি লাইভ ল’য়ে প্ৰকাশ কৰিছে।

ইফালে, স্বতন্ত্ৰ ভৰদ্বাজে আত্মপক্ষত দাবী কৰিছে যে তেওঁ আত্মৰক্ষাৰ বাবেই এই কাৰ্য কৰিছিল। তেওঁ দাবী কৰিছে যে তেনে নকৰিলে উত্তেজিত জনতাই তেওঁক আক্ৰমণ কৰি হত্যা কৰিব পাৰিলেহেঁতেন।

ভৰদ্বাজে নিয়মীয়া জামিনৰ বাবে কৰা আবেদন সন্দৰ্ভত সোমবাৰে পাটিয়ালা হাউছ আদালতে সিদ্ধান্ত সংৰক্ষিত ৰাখিছিল। তাৰ পাছতে মঙলবাৰে আদালতে তেওঁক তিনিসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd