সাৱলীল অভিনয়েৰে মাৰাঠী চিনেমা, হিন্দী ছবি আৰু অ’টিটি প্লেটফৰ্মত নিজৰ নাম উজলাই তুলিছে অভিনেত্ৰী প্ৰিয়া বাপটে। বিশেষকৈ ৱেব ছিৰিজ ‘চিটি অৱ ড্ৰিমছ’ত তেওঁৰ অভিনয়ে দৰ্শকক আপ্লুত কৰিছিল। কিন্তু কেৰিয়াৰৰ প্ৰথম দিনবোৰ এইগৰাকী অভিনেত্ৰীৰ বাবে একেবাৰেই সহজ নাছিল।
শেহতীয়াকৈ দিয়া এক অতি চাঞ্চল্যকৰ সাক্ষাৎকাৰত প্ৰিয়াই তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ এক তিক্ত অভিজ্ঞতা শ্বেয়াৰ কৰিছিল – য’ত তেওঁক চেটৰ ভিতৰত আৰু বাহিৰত তেওঁৰ পেছাদাৰী সীমা উলংঘা কৰি যৌন নিৰ্যাতন চলোৱা হৈছিল।
প্ৰিয়াই কয় যে ‘চিটি অৱ ড্ৰিমছ’ৰ জনপ্ৰিয়তাৰ বহু আগতেই তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিতে এখন ছবিত চুম্বনৰ দৃশ্য আছিল। চিত্ৰনাট্য পঢ়াৰ পৰাই তেওঁ সেই দৃশ্যটোক লৈ বৰ শংকা আৰু অস্বস্তি অনুভৱ কৰিছিল।
প্ৰিয়াৰ ভাষাত “চিনেমাখনত মাত্ৰ এটা চুম্বনৰ দৃশ্য আছিল। চিত্ৰনাট্য পঢ়াৰ সময়ৰ পৰাই মোৰ এই বিষয়ে সন্দেহ হৈছিল। মই প্ৰায়ে পৰিচালকক সুধিছিলো – এই দৃশ্যটোত চুমা খোৱাৰ কি প্ৰয়োজন? চুমা খাব বিচাৰো নে নাই সেইটো বিতৰ্ক নাছিল। প্ৰশ্নটো আছিল – এই দৃশ্যটোৰ যুক্তি কি? কাহিনীটোৰ লগত একেবাৰেই মিল নাছিল।”
পৰিচালকৰ তীব্ৰ জোৰত অৱশেষত প্ৰিয়াই দৃশ্যটো কৰিবলৈ মান্তি হ’ল। অভিনেত্ৰী হিচাপে নিজৰ আভ্যন্তৰীণ জড়তা বা দুৰ্বলতাক অতিক্ৰম কৰাটো তেওঁ ব্যক্তিগত প্ৰত্যাহ্বান হিচাপে লৈছিল আৰু ভাবিছিল যে তেওঁ কেনেবাকৈ শ্বটটো দি বিষয়টোৰ সামৰণি মাৰিব।
প্ৰকৃত অস্বস্তি আৰু হাৰাশাস্তি আৰম্ভ হৈছিল যেতিয়া এটা গীতৰ দৃশ্য শ্বুট কৰা হৈছিল। আখৰাৰ সময়ত যিবোৰ মুভমেন্ট ঠিক হৈছিল, কেমেৰাৰ সন্মুখত একচন কোৱাৰ লগে লগে তেওঁৰ পুৰুষ সহ অভিনেতাই সকলো শালীনতা ভাঙি নিজৰ ধৰণেৰে শাৰীৰিক ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ ধৰিলে।
সেই ভয়ংকৰ অভিজ্ঞতা স্মৰণ কৰি প্ৰিয়াই কয়, “গীতৰ শ্বুটিঙৰ সময়ত অভিনেতাজনে নিজৰ ধৰণেৰে দৃশ্যবোৰ ইম্প্ৰভাইজ কৰিবলৈ আৰম্ভ কৰিছিল। শ্বটৰ পিছতো মোক চুম্বন কৰি থাকিল! কিয় নাজানো, কিন্তু সেই সময়ত মই তেওঁৰ আচৰণৰ বিৰুদ্ধে কোনো শক্তিশালী ব্যৱস্থা ল’ব পৰা নাছিলো, মই নিজৰ পক্ষত থিয় দিব পৰা নাছিলো। কাৰণ মই তেতিয়া সম্পূৰ্ণ নতুন আছিলো, মই বুজি পোৱা নাছিলো যে এনে পৰিস্থিতিৰ সন্মুখীন কেনেকৈ হ’ব পাৰি।”
সেই লেতেৰা আচৰণবোৰ ইয়াতেই শেষ নহ’ল৷ শ্বুটিঙৰ পিছত সহ অভিনেতাগৰাকীয়ে প্ৰিয়াৰ ব্যক্তিগত সুযোগ ল’বলৈ আৰম্ভ কৰে। ভূপালত আউটড’ৰ শ্বুটিঙৰ সময়ত সকলোৱে একেখন হোটেলতে পৃথক পৃথক কোঠাত আছিল। প্ৰিয়াই তেওঁৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ নকৰিলেও অভিনেতাজনে তেওঁক পিছত পৰি থাকিল।
প্ৰিয়াই প্ৰকাশ কৰে, “তেওঁ মোক অনবৰতে ফোনত মেছেজ কৰিছিল। তেওঁ মোক তেওঁৰ লগত সংগ দিবলৈ কৈছিল যাতে তেওঁ মোক সাঁতুৰিবলৈ শিকাব পাৰে! কেতিয়াবা তেওঁ নৈশ আহাৰ খাবলৈ, কেতিয়াবা তেওঁ মোৰ লগত ব্ৰেকফাষ্টত বহিবলৈ জোৰ দিছিল। মই তেওঁৰ প্ৰতিটো প্ৰস্তাৱকে সম্পূৰ্ণৰূপে নাকচ কৰিছিলোঁ। মোৰ জীৱনত ইয়াৰ আগতে কেতিয়াও এনেকুৱা হোৱা নাই, আৰু কোনো ছোৱালীৰ লগত এনেকুৱা হোৱাটো মই নিবিচাৰো।”
ভূপালৰ সেই ৰুদ্ধদ্বাৰ চেটটোত পৰিস্থিতি যেতিয়া হাতৰ পৰা বাহিৰলৈ ওলাই গৈছিল, তেতিয়া প্ৰিয়া মানসিকভাৱে ভাগি পৰিছিল। প্ৰতি নিশা হোটেলৰ কোঠাৰ পৰা মুম্বাইত থকা স্বামী তথা অভিনেতা উমেশ কামাতক ফোন কৰি কান্দোনত ভাঙি পৰিছিল আৰু নিজৰ যন্ত্ৰণাৰ কথা জনাইছিল।
পত্নীৰ পৰা এই হাৰাশাস্তিৰ কথা শুনি উমেশে এক মুহূৰ্তও নষ্ট নকৰিলে। প্ৰিয়াক খবৰ নিদিয়াকৈয়ে তেওঁ মুম্বাইৰ পৰা পোনে পোনে ভূপালৰ শ্বুটিং চেটলৈ উৰা মাৰিলে। কোনো অসুবিধা নোহোৱাকৈ চেটত সোমাই প্ৰিয়াৰ কাষত থিয় হৈ ৩ দিন ধৰি প্ৰিয়াৰ লগত চেটত উপস্থিত থাকে। চেটত উমেশৰ ৰুদ্ৰমূৰ্তি দেখি লম্পট অভিনেতাজন চিধা হৈ পৰিল আৰু প্ৰিয়ালৈ চোৱাৰ সাহস হেৰুৱাই পেলালে। প্ৰিয়াই কয় যে তেওঁৰ সমগ্ৰ কেৰিয়াৰত এইটোৱেই একমাত্ৰ কুৎসিত অভিজ্ঞতা।
কেৰিয়াৰৰ সেই অন্ধকাৰ অধ্যায়টো অতিক্ৰম কৰি প্ৰিয়া বাপট এতিয়া ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক হাই প্ৰফাইল চাইক’লজিকেল থ্ৰিলাৰ ‘ডালিম: দ্য মিথ’ত। তেওঁৰ এই সাহসী প্ৰকাশে পুনৰবাৰ বলীউডৰ কাষ্টিং কাউচ আৰু চেটৰ ভিতৰৰ নিৰাপত্তাৰ ওপৰত ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিলে।





