• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 2:54 pm
223
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টিয়ে শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন বিতৰ্কক লৈ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ২০১৬ চনৰ নীট-ইউজি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চিবিএছইৰ অন স্ক্ৰীণ মাৰ্কিং ব্যৱস্থাৰ বিসংগতি এই প্ৰতিবাদৰ মূল কাৰণ হৈ পৰিছে। প্ৰতিবাদকাৰীসকলে ধাৰাবাহিকভাৱে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছে। তেওঁলোকে সকীয়াই দিছে যে যদিহে এই দাবীসমূহ শীঘ্ৰে পূৰণ কৰা নহয়, তেন্তে আগন্তুক দিনত এই আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলা হ’ব। ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দিপকেৰ নেতৃত্বত চলি থকা এই প্ৰতিবাদত অংশ ল’বলৈ বিশিষ্ট পৰিৱেশ কৰ্মী সোনম ৱাংচুকো উপস্থিত হয়। প্ৰতিবাদস্থলীত উপস্থিত হোৱাৰ সময়ত তেওঁৰ হাতত এটা গোলাপ ফুল দেখিবলৈ পোৱা যায়, যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

Climate activist from Ladakh, Sonam Wangchuk arrives at Jantar Mantar to join the cockroaches. #cockroach pic.twitter.com/aBeU4Lgq3B

— Vijaita Singh (@vijaita) June 6, 2026

পৰিৱেশ কৰ্মী সোনম ৱাংচুকে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে যদিহে সময়মতে শিক্ষা ব্যৱস্থাৰ এই খেলিমেৰিবোৰ শুধৰাই লোৱা নহয়, তেন্তে শিক্ষা ব্যৱস্থাৰ ওপৰত থকা সাধাৰণ জনতাৰ বিশ্বাস সম্পূৰ্ণৰূপে ভাঙি পৰিব। ৱাংচুকে নিজৰ পোষ্টত স্পষ্টকৈ লিখে যে যিকোনো আত্মঅভিমানী মন্ত্ৰীয়ে এনে পৰিস্থিতিত নিজৰ পদৰ পৰা পদত্যাগ কৰা উচিত। তেওঁ লগতে উল্লেখ কৰে যে তেওঁৰ বিষয়টো কেৱল নীট বা চিবিএছই বিতৰ্কতে সীমাবদ্ধ নহয়, বৰঞ্চ যোৱা চাৰিটা দশক ধৰি চৰকাৰী বিদ্যালয়সমূহৰ সংস্কাৰৰ বাবে চেষ্টা চলাই থকাৰ পিছতো আশা কৰা ধৰণে পৰিৱৰ্তন নোহোৱাটো অতি চিন্তাজনক বিষয়। শিক্ষাক তেওঁ দেশৰ ভৱিষ্যতৰ সৈতে জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ বুলি অভিহিত কৰে।

Apply Now

Sonam Wangchuk soeaks to Cockroach Janta Party protesters pic.twitter.com/7KKPfIZeCj

— Madhuri Adnal (@madhuriadnal) June 6, 2026

প্ৰতিবাদস্থলীত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ কৰক আৰু জয় ভীম আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। আন্দোলনৰ নেতৃত্ব দিয়া অভিজিত দিপকেৰ সৈতে কণ্ঠ মিলাই প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে সমগ্ৰ পৰীক্ষা ব্যৱস্থাত ইমান ডাঙৰ খেলিমেলি হোৱাৰ পিছতো কাৰো ওপৰতে জবাবদিহিতা নিশ্চিত কৰা হোৱা নাই। নীটৰ প্ৰশ্নকাকত ফাদিল আৰু চিবিএছইৰ মূল্যায়ন প্ৰক্ৰিয়াৰ বিসংগতিয়ে লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে। ইতিমধ্যে এই প্ৰতিবাদৰ কেইবাটাও ভিডিঅ‘ ছচিয়েল মিডিয়াত তীব্ৰভাৱে ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে ৰাজপথলৈ ওলাই আহি শিক্ষা ব্যৱস্থাত স্বচ্ছতা অনাৰ দাবী জনাইছে।

Sonam Wangchuk has arrived 💥

Dharmendra Pradhan must resign for destroying India's education system#cjpprotest pic.twitter.com/0fcTcnhlTN

— ivy⋆ (@y_notyourtype) June 6, 2026

প্ৰতিবাদস্থলীত উপস্থিত হোৱা মনোবিজ্ঞানী সুগন্ধাই সংবাদ মাধ্যমৰ আগত কয় যে ককৰোচ জনতা পাৰ্টিৰ এই আন্দোলনে জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহক সমাজৰ সন্মুখলৈ আনিছে। তেওঁৰ মতে পৰীক্ষাৰ এই ধাৰাবাহিক বিতৰ্ক আৰু খেলিমেলিৰ বাবে ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক চাপৰ মাজত জীয়াই থাকিবলগীয়া হৈছে আৰু এই চাপ সহ্য কৰিব নোৱাৰি ইতিমধ্যে বহু যুৱক-যুৱতীয়ে আত্মহত্যাৰ দৰে চৰম পন্থাও বাছি লৈছে। তেওঁ উল্লেখ কৰে যে ছচিয়েল মিডিয়াৰ পৰা আৰম্ভ হৈ এতিয়া মাটিত খোপনি পোতা এই আন্দোলনে প্ৰমাণ কৰিছে যে শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ এতিয়া কেৱল শ্ৰেণীকোঠাতে আৱদ্ধ হৈ থকা নাই, বৰঞ্চ জনসাধাৰণৰ চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰতিবাদৰ সময়ত জন্তৰ মন্তৰত বুজন সংখ্যক লোক সমবেত হোৱাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে সমগ্ৰ এলেকাটোতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd