মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেওঁৰ কাৰ্যকালৰ মাজভাগতে এক বৃহৎ ৰাজনৈতিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। মঙলবাৰে নিশা প্ৰকাশ পোৱা মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফল অনুসৰি, ডেমক্ৰেট দলে ৰিপাব্লিকানৰ কেইবাখনো দুৰ্গ খহায় কংগ্ৰেছৰ দুয়োখন সদন নিজৰ দখললৈ নিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৬, ১৯৯৪ আৰু ২০০৬ চনৰ পিছত ২০২৬ চনত চতুৰ্থবাৰৰ বাবে একেটা মধ্যৱৰ্তী নিৰ্বাচনতে হাউচ আৰু ছিনেটৰ ক্ষমতা একেলগে আন এটা দলৰ হাতলৈ গৈছে।
শেহতীয়া তথ্য অনুসৰি, ডেমক্ৰেট দলে ছিনেটত ৫৪খন আৰু হাউচত ২৪২খন আসন লাভ কৰি দুয়োখন সদনতেই নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। কেৱল কংগ্ৰেছেই নহয়, ৰাজ্যিক পৰ্যায়তো তেওঁলোকে বৃহৎ অগ্ৰগতি লাভ কৰিছে। ৫খন নতুন প্ৰদেশৰ গৱৰ্ণৰৰ পদ দখল কৰাৰ লগে লগে এতিয়া ২৯খন প্ৰদেশ ডেমক্ৰেটৰ শাসনলৈ গৈছে, যিটো ২০১০ চনৰ পাছত সৰ্বাধিক। লগতে, ৰাজ্যিক বিধানমণ্ডলসমূহত ৩৩০খনতকৈ অধিক আসন লাভ কৰি ২২খন প্ৰদেশত চৰকাৰৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিছে।
এই নিৰ্বাচনত কেইবাটাও ঐতিহাসিক ফলাফল দেখা গৈছে। ডেমক্ৰেট প্ৰাৰ্থীসকলে ১৯৩২ চনৰ পাছত প্ৰথমবাৰৰ বাবে কানছাছত, ১৯৮৮ চনৰ পাছত টেক্সাছত আৰু ১৯৯৮ চনৰ পাছত ছাউথ কেৰ’লাইনাৰ ছিনেট আসনত জয়লাভ কৰিছে। আনহাতে, মিছিগানত ৰিপাব্লিকান প্ৰাৰ্থী মাইক ৰজাৰ্ছক পৰাস্ত কৰি আব্দুল এল-ছায়েদ আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী মুছলমান ছিনেটৰ হিচাপে নিৰ্বাচিত হৈছে। আন এক গুৰুত্বপূৰ্ণ জয়েৰে টেক্সাছত জিনা হিনোজোছাই ৩৬ বছৰৰ মূৰত প্ৰথমগৰাকী ডেমক্ৰেটিক তথা প্ৰথমগৰাকী লাটিনা গৱৰ্ণৰ হিচাপে নিৰ্বাচিত হৈ ইতিহাস ৰচিছে।
উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে এই পৰাজয়ৰ বাবে ইৰাণৰ সৈতে হোৱা যুদ্ধক জগৰীয়া কৰিছে, যাৰ ফলত দেশত ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ লগতে জনসাধাৰণৰ ক্ষোভো বৃদ্ধি পাইছিল। আনহাতে, ৰাষ্ট্ৰপতি ট্ৰাম্পে নিৰ্বাচনৰ পাছত হোৱাইট হাউচৰ এটা নিৰ্মাণথলীত উপস্থিত থাকি পৰাজয়ৰ প্ৰসংগ এৰাই চলে। অৱশ্যে তেওঁ ছ’চিয়েল মিডিয়াত দাবী কৰে যে যদিহে তেওঁৰ নাম বেলট পেপাৰত থাকিলহেঁতেন, তেন্তে তেওঁলোকে বিপুল ভোটত জয়লাভ কৰিলেহেঁতেন। ইপিনে, নিম্ন সদনত ডেমক্ৰেটৰ আধিপত্য নিশ্চিত হোৱাৰ পাছতেই বৰ্তমানৰ স্পীকাৰ মাইক জনছনে ৰিপাব্লিকান দলৰ নেতা হিচাপে পুনৰ প্ৰতিদ্বন্দ্বিতা নকৰে বুলি ইংগিত দিছে।
কংগ্ৰেছৰ দুয়োখন সদনত বিৰোধীৰ নিয়ন্ত্ৰণ অহাৰ লগে লগে ট্ৰাম্প প্ৰশাসনে আগন্তুক দুবছৰত নীতি নিৰ্ধাৰণ আৰু ৰাষ্ট্ৰপতিৰ নিযুক্তিৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। ডেমক্ৰেট দলে এতিয়া ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে চমন (Subpoena) জাৰি কৰা আৰু তদন্ত আৰম্ভ কৰাৰ ক্ষমতা লাভ কৰিছে। ‘হাউচ অভাৰচাইট কমিটি’ৰ নেতৃত্ব ল’বলগীয়া ডেমক্ৰেট নেতা ৰবাৰ্ট গাৰ্চিয়াই প্ৰশাসনক সকীয়াই দি কয় যে “LAWYER UP”। অৱশ্যে, ৰাষ্ট্ৰপতি ট্ৰাম্পৰ হাতত থকা শক্তিশালী ‘ভেটো’ ক্ষমতাৰ বাবে ডেমক্ৰেটৰ বহু বিধেয়ক হাউচত গৃহীত হ’লেও আইনত পৰিণত হোৱাত বাধাৰ সৃষ্টি হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে।





