• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 6:54 pm
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাতৃৰ অবৈধ সম্পৰ্কৰ প্ৰতিবাদ কৰাৰ বাবেই এগৰাকী ১৬ বছৰীয়া কিশোৰীক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে মাতৃৰ প্ৰেমিকৰ বিৰুদ্ধে। কেৱল হত্যাই নহয়, অপৰাধ লুকুৱাবলৈ মৃতদেহটো এটা চুটকেচত ভৰাই হাবিলৈ নি জ্বলাই দিয়াৰো চেষ্টা কৰে অভিযুক্ত যুৱকজনে। কিন্তু শেষ ৰক্ষা নপৰিল, চিচিটিভি ফুটেজৰ সূত্ৰ ধৰি পঞ্জাৱ আৰক্ষীৰ জালত পৰে হত্যাকাৰী।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, গ্ৰেপ্তাৰ হোৱা যুৱকজনৰ নাম গুৰবিন্দৰ সিং, বয়স ২৪ বছৰ। মৃত কিশোৰীগৰাকীৰ মাতৃ ঊষাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু ১৬ বছৰীয়া ছোৱালীজনীয়ে মাতৃৰ এই সম্পৰ্ক কোনো কাৰণতে মানি ল’ব পৰা নাছিল। তাই ধাৰাবাহিকভাৱে ইয়াৰ বিৰোধিতা কৰি আহিছিল। এই কাৰণেই কিশোৰীগৰাকীৰ ওপৰত গুৰবিন্দৰৰ প্ৰচণ্ড ক্ষোভ আছিল। যোৱা ২৯ মে’ তাৰিখে কিশোৰীগৰাকী ঘৰত অকলে থকাৰ সুযোগ লৈ গুৰবিন্দৰে ঘৰত সোমাই তাইক শ্বাসৰুদ্ধ কৰি হত্যা কৰে।

Apply Now

হত্যাৰ পাছত প্ৰমাণ নষ্ট কৰিবলৈ অভিযুক্তই এক ভয়ংকৰ পৰিকল্পনা কৰে। তেওঁ কিশোৰীগৰাকীৰ মৃতদেহটো এটা ডাঙৰ চুটকেচৰ ভিতৰত ভৰাই পেলায়। তাৰ পাছত সেই চুটকেচটো মটৰচাইকেলৰ পিছফালে বান্ধি ওচৰৰ হোশিয়াৰপুৰ জিলাৰ এখন হাবিলৈ লৈ যায়। তাত মৃতদেহটো কোনেও যাতে চিনিব নোৱাৰে তাৰ বাবে জুই লগাই জ্বলাই দিয়াৰ চেষ্টা কৰে। ইয়াৰ পাছত সমগ্ৰ ঘটনাটো লুকুৱাবলৈ এক নাটকৰ সৃষ্টি কৰা হয়। ছোৱালীজনী নিৰুদ্দেশ হোৱা বুলি দাবী কৰি মাতৃ ঊষাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আচৰিত কথাটো হ’ল, মাতৃৰ সৈতে থানালৈ গৈছিল খোদ হত্যাকাৰী গুৰবিন্দৰ। আৰক্ষীক বিভ্ৰান্ত কৰিবলৈ তেওঁলোকে এটা চিচিটিভি ফুটেজো জমা দিছিল, য’ত দাবী কৰা হৈছিল যে ছোৱালীজনীয়ে নিজেই ঘৰৰ পৰা ওলাই গৈছে।

তদন্তত নামি আৰক্ষীয়ে মাতৃয়ে দিয়া চিচিটিভি ফুটেজটো দেখি সন্দেহ কৰে। ভালদৰে পৰীক্ষা কৰাৰ পাছত আৰক্ষীয়ে বুজি পায় যে ফুটেজত দেখা পোৱা ছোৱালীজনী আচলতে নিৰুদ্দেশ হোৱা কিশোৰীগৰাকী নহয়, অন্য কোনোবাহে। মাতৃয়ে দিয়া তথ্যত খেলিমেলি থকাৰ বাবে আৰক্ষীৰ সন্দেহ অধিক বৃদ্ধি পায়। ইয়াৰ পাছত আৰক্ষীয়ে সেই অঞ্চলৰ অন্যান্য চিচিটিভি ফুটেজ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে আৰু তাতেই আচল সত্য পোহৰলৈ আহে। এটা ফুটেজত দেখা যায় যে অভিযুক্ত গুৰবিন্দৰ সিঙে মটৰচাইকেলৰ পিছফালে এটা ডাঙৰ চুটকেচ বান্ধি ক’ৰবালৈ গৈ আছে। এই সূত্ৰ ধৰিয়েই আৰক্ষীয়ে গুৰবিন্দৰক কঠোৰ জেৰা কৰে। আৰক্ষীৰ জেৰাত সেও মানি তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰে। গুৰবিন্দৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে হোশিয়াৰপুৰৰ হাবিৰ পৰা কিশোৰীগৰাকীৰ আধা পোৰা মৃতদেহটো উদ্ধাৰ কৰে। অভিযুক্তক গ্ৰেপ্তাৰ কৰি চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু এই সমগ্ৰ ঘটনাত মাতৃৰ কোনো হাত আছে নেকি সেই বিষয়েও আৰক্ষীয়ে তদন্ত চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd