• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2026 8:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচাৰে যে দেশৰ যুৱ প্ৰজন্মই কেৱল ছচিয়েল মিডিয়াত ৰিল বনাওক আৰু পকৰি ভাজক। চিবিএছই পৰীক্ষাৰ উত্তৰ বহী সলনি হোৱাক লৈ এই বিস্ফোৰক মন্তব্য কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শেহতীয়াকৈ কংগ্ৰেছ নেতাগৰাকীয়ে সাৰ্থক নামৰ এজন ছাত্ৰক সাক্ষাৎ কৰিছিল। চিবিএছইৰ পোৰ্টেলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত সাৰ্থক আৰু তেওঁৰ সহপাঠী নিসৰ্গই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁলোকৰ এই প্ৰচেষ্টাক ৰাহুল গান্ধীয়ে ভূয়সী প্ৰশংসা কৰে।

सार्थक 18 साल का है – पर सोच, साहस और सिद्धांत में किसी से कम नहीं।

उसने और उसके साथी निसर्ग ने वो कर दिखाया जो देश के बड़े मीडिया हाउस, खोजी पत्रकार नहीं कर पाए – CBSE और COEMPT की मिलीभगत को देश के सामने रख दिया।

मोदी जी चाहते हैं हमारे युवा reels बनाते रहें, पकौड़े तलते… pic.twitter.com/vjNNVItc2q

— Rahul Gandhi (@RahulGandhi) June 7, 2026

সাৰ্থকৰ সৈতে হোৱা এই সাক্ষাৎকাৰৰ এটা ভিডিঅ’ কংগ্ৰেছ সাংসদগৰাকীয়ে নিজৰ এক্স একাউণ্টত পোষ্ট কৰিছে। তেওঁ কয় যে মাত্ৰ ১৮ বছৰ বয়স হ’লেও সাৰ্থকৰ সাহস আৰু নৈতিকতা কাৰোতকৈ কম নহয়। এই কিশোৰদ্বয়ে এনে এটা কাম কৰি দেখুৱালে যিটো দেশৰ আগশাৰীৰ সংবাদ মাধ্যমেও কৰিব পৰা নাছিল। ৰাহুল গান্ধীৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে বিচাৰে যে দেশৰ যুৱ প্ৰজন্মই কোনো প্ৰশ্ন নকৰি কেৱল ৰিল বনাওক আৰু পকৰি ভাজক। কিন্তু এই যুৱককেইজনে চকু মেলি চৰকাৰক প্ৰশ্ন কৰিছে আৰু চিবিআইকো হাৰ মান খুৱাইছে। যুৱ প্ৰজন্মৰ এই সাফল্যই আচলতে চৰকাৰৰ ব্যৰ্থতাকে প্ৰমাণ কৰে।

Apply Now

দেশৰ যুৱ সমাজৰ প্ৰশংসাত পঞ্চমুখ হৈ ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ যুৱক-যুৱতীসকলৰ মনত প্ৰশ্ন আছে। তেওঁলোক যথেষ্ট সচেতন আৰু জ্ঞানী, যিটো তেওঁলোকৰ আটাইতকৈ ডাঙৰ শক্তি। দেশৰ ভৱিষ্যত প্ৰজন্মই কোনো ধৰণৰ প্ৰতাৰণাৰ ফান্দত ভৰি নিদিয়ে বুলিও তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে নিট আৰু চিবিএছইকে ধৰি বিভিন্ন পৰীক্ষাৰ খেলিমেলিৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে আৰম্ভণিৰে পৰাই সৰৱ ভূমিকা পালন কৰি আহিছে আৰু এইবাৰো তেওঁ এই ইছ্যুটো লৈ প্ৰধানমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

মন কৰিবলগীয়া যে চিবিএছইৰ নতুন অনস্ক্ৰিন মাৰ্কিং চিষ্টেমক লৈ ছাত্ৰ-ছাত্ৰীসকলে বহুতো অভিযোগ উত্থাপন কৰিছিল। কোনোবাই কম নম্বৰ পোৱাৰ অভিযোগ কৰিছে, আকৌ কোনোবাই আনৰ উত্তৰ বহী পোৱা বুলি দাবী কৰিছে। বহু ছাত্ৰ-ছাত্ৰীয়ে আনকি তেওঁলোকৰ উত্তৰ বহীৰ কিছুমান পৃষ্ঠা নিৰুদ্দেশ হোৱাৰো অভিযোগ তুলিছে। বহু অভিভাৱক আৰু শিক্ষাৰ্থীৰ মতে স্কেন কৰা উত্তৰ বহীবোৰ অতি ধুঁৱলী কুঁৱলী আছিল। আনকি কিছুমান ঠাইত নম্বৰ গণনা ভুল হোৱাৰ লগতে পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়াত ছাৰ্ভাৰ আৰু পেমেন্ট গেটৱেৰ সমস্যাও দেখা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd