বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ অতি গুৰুত্বপূৰ্ণ বৈঠকৰ মাত্ৰ এদিন পূৰ্বে দিল্লীত এখন গুৰুত্বপূৰ্ণ ৰাজনৈতিক বৈঠক অনুষ্ঠিত হয়। আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ সৈতে এক গোপন বৈঠকত মিলিত হয়। তৃণমূলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক।
বৈঠকত মমতা বেনাৰ্জী, অৰবিন্দ কেজৰিৱাল আৰু অভিষেক বেনাৰ্জী উপস্থিত থাকে। বৈঠকৰ সবিশেষ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই যদিও ৰাজনৈতিক মহলত এই বৈঠকক অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।
আজি দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ এখন ডাঙৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা। তাৰ আগতে বিশ্লেষকসকলে ধাৰণা কৰে যে দুটা প্ৰভাৱশালী আঞ্চলিক দলৰ শীৰ্ষ নেতাৰ এই দ্বিপাক্ষিক বৈঠকে মিত্ৰজোঁটৰ আভ্যন্তৰীণ সমন্বয় আৰু কৌশলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
সূত্ৰ অনুসৰি বৈঠকত মিত্ৰজোঁটৰ ভৱিষ্যতৰ কাৰ্যপন্থা, সংসদীয় কৌশল আৰু বিশেষকৈ কংগ্ৰেছৰ সৈতে আসন ভাগ-বতৰা চুক্তি সন্দৰ্ভত আলোচনা কৰা হয়। জানিব পৰা মতে, মমতা আৰু কেজৰিৱালে পশ্চিম বংগ আৰু দিল্লীৰ আঞ্চলিক দলসমূহৰ স্থিতি আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁলোকৰ ভূমিকা সম্পৰ্কে মত বিনিময় কৰে। দুয়োগৰাকী নেতাই কংগ্ৰেছৰ প্ৰভাৱ হ্ৰাস কৰি আঞ্চলিক দলৰ ক্ষমতা বৃদ্ধিৰ পোষকতা কৰি আহিছে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই দুটা আঞ্চলিক দলৰ শীৰ্ষ নেতৃত্বই মিত্ৰতাৰ আভ্যন্তৰীণ সমীকৰণ, ভৱিষ্যতৰ কাৰ্য্যপন্থা আৰু আগন্তুক সংসদীয় কৌশল সন্দৰ্ভত আলোচনা কৰে। বিশেষকৈ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সৈতে হোৱা আসন ভাগ-বতৰা চুক্তি বা আঞ্চলিক দলসমূহৰ স্থিতি সম্পৰ্কে আপ আৰু তৃণমূল কংগ্ৰেছৰ মাজত এক প্ৰকাৰৰ ৰাজনৈতিক বুজাবুজি গঢ়ি তোলাৰ লক্ষ্যৰে অনুষ্ঠিত হয় এই বৈঠক।




