• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2026 6:56 pm
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দাউদী বোহৰা সম্প্ৰদায়ৰ উত্তৰাধিকাৰী বিবাদ সন্দৰ্ভত ২০২৪ চনৰ এপ্ৰিল মাহত প্ৰদান কৰা এক ৰায়দানক কেন্দ্ৰ কৰি বোম্বাই উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৌতম শিৰীষ পেটেল আৰু তেওঁৰ পৰিয়ালে ভাৰত আৰু যুক্তৰাজ্যত ধাৰাবাহিক প্ৰাণনাশৰ ভাবুকি তথা হিংসাত্মক আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হৈছে। যোৱা শুকুৰবাৰে ন্যায়াধীশগৰাকীৰ কন্যা অদিতি পেটেললৈ প্ৰেৰণ কৰা এখন বেনামী পত্ৰত পূৰ্বৰ নিৰ্দেশনা পালন নকৰিলে সমগ্ৰ পৰিয়ালটোক দাহ কৰাৰ ভাবুকি প্ৰদান কৰাৰ পাছতেই সমগ্ৰ বিষয়টোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

‘হিন্দুস্তান টাইমছ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, লণ্ডনৰ এটা ভুৱা ঠিকনা আৰু জাৰ্মানীৰ ডাকটিকট সম্বলিত এই শেহতীয়া পত্ৰখনত দাবী কৰা হৈছে যে পৰিয়ালটোক হত্যা কৰাৰ বাবে এটা অপৰাধী চক্ৰক ধন প্ৰদান কৰা হৈছে। অৱশ্যে পূৰ্বৰ পত্ৰৰ নিৰ্দেশনা মানি চলিলে এই আক্ৰমণ প্ৰত্যাহাৰ কৰা হ’ব বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। পত্ৰখনৰ সৈতে সংলগ্ন এখন মেম’ৰি কাৰ্ড হাৰ্টফৰ্ডশ্বায়াৰ আৰক্ষীয়ে জব্দ কৰিছে। ছফটৱেৰ ভাইৰাছ থকাৰ আশংকাত পৰিয়ালটোৱে এই মেম’ৰি কাৰ্ডখন কম্পিউটাৰত সংযোগ কৰাৰ পৰা বিৰত থাকে। অভিযোগ অনুসৰি, ২০২৫ চনৰ আগষ্ট মাহৰ পৰাই ন্যায়াধীশগৰাকী আৰু মুম্বাই তথা লণ্ডনত থকা তেওঁৰ পৰিয়ালৰ সদস্যলৈ ইউটিউব ভিডিঅ’ৰ জৰিয়তে উক্ত ৰায়দান প্ৰত্যাহাৰ কৰাৰ দাবীৰে নিৰন্তৰ ভাবুকি আহি আছে।

Apply Now

এই ভাবুকি অভিযানৰ আৰম্ভণি ঘটিছিল ২০২৫ চনৰ আগষ্ট মাহত, যেতিয়া লণ্ডনস্থিত তেওঁৰ কন্যাৰ বাসগৃহত দুৰ্বৃত্তই বলপূৰ্বক প্ৰৱেশৰ চেষ্টা চলাইছিল। ইয়াৰ পাছতেই লণ্ডনত থকা কন্যা অদিতি আৰু তেওঁৰ স্বামীৰ লগতে মুম্বাইত থকা অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীৰ পত্নী মালশ্ৰী পেটেললৈ তিনিখন একেধৰণৰ পত্ৰ প্ৰেৰণ কৰা হৈছিল। পত্ৰখনত দুৰ্বৃত্তই নিজকে দাউদী বোহৰা সম্প্ৰদায়ৰ ন্যায়ৰ স্বাৰ্থত কাম কৰা এক শক্তিশালী গোট বুলি দাবী কৰি লণ্ডনত সতৰ্কবাণী দিবলৈ এটা বিপদজনক অপৰাধী চক্ৰ নিয়োগ কৰা বুলি উল্লেখ কৰিছিল। পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে যোৱা ২২ এপ্ৰিলত, যেতিয়া সন্তানক বিদ্যালয়ত থৈ উভতি অহাৰ পথত লণ্ডনত অদিতি পেটেলক এজন মুখা পিন্ধা দুৰ্বৃত্তই শাৰীৰিকভাৱে আক্ৰমণ কৰে।

এই ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গৌতম পেটেলে ‘স্ক্ৰল’ সংবাদ মাধ্যমৰ আগত ইয়াক ‘পোনপটীয়া মৃত্যুৰ ভাবুকি’ বুলি অভিহিত কৰাৰ লগতে ন্যায়পালিকালৈ ইয়াৰ বাৰ্তা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। সমগ্ৰ ঘটনাক আশ্চৰ্যজনক আৰু গৰিহণাযোগ্য আখ্যা দি তেওঁ স্পষ্ট কৰি দিয়ে যে ইউটিউব ভিডিঅ’ৰ জৰিয়তে আইনী সিদ্ধান্ত এটা প্ৰত্যাহাৰ কৰাটো সম্পূৰ্ণ অসম্ভৱ আৰু তেওঁ এনে ভাবুকিৰ ওচৰত কেতিয়াও শিৰণত নকৰে। ন্যায়াধীশগৰাকীয়ে লগতে কয় যে তেওঁ আবেদনকাৰীক ন্যায়ালয়লৈ আহিবলৈ কোৱা নাছিল; তেওঁলোকে বিচাৰিলে ৰাজপথত প্ৰতিবাদ কৰিব পাৰিলেহেঁতেন। কিন্তু ন্যায়ালয়ৰ কাষ চপাৰ অৰ্থই হ’ল যে তেওঁলোকে গোচৰত পৰাস্ত হোৱাৰো পূৰ্ণ সম্ভাৱনা থাকে। দুয়োখন দেশৰ মাজৰ আইনী পৰিসৰৰ পাৰ্থক্যক দুৰ্বৃত্তই কেনেদৰে ব্যৱহাৰ কৰিছে সেয়া লণ্ডনৰ আক্ৰমণৰ পৰাই স্পষ্ট হৈ পৰিছে বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে দাউদী বোহৰা হৈছে মূলতঃ গুজৰাটৰ পৰা অহা ছিয়া মুছলমানসকলৰ এক সম্প্ৰদায়, যাৰ প্ৰায় পাঁচ লাখ লোক ভাৰতত আৰু বাকী অংশ বিশ্বৰ বিভিন্ন প্ৰান্তত বিস্তৃত হৈ আছে। ২০১৪ চনৰ জানুৱাৰী মাহত ১০৩ বছৰ বয়সত সম্প্ৰদায়টোৰ ৫২ সংখ্যক আধ্যাত্মিক নেতা বা ‘দাই’ চৈয়দনা মহম্মদ বুৰহানুদ্দিনৰ মৃত্যুৰ পাছতেই উত্তৰাধিকাৰীক লৈ বিবাদৰ সূত্ৰপাত ঘটে। ২০১১ চনতে প্ৰয়াত নেতাজনে তেওঁৰ দ্বিতীয় পুত্ৰ মুফাদ্দাল ছাইফুদ্দিনক পৰৱৰ্তী নেতা হিচাপে ঘোষণা কৰা বুলি দাবী কৰা হৈছিল যদিও, ১৯৬৫ চনৰ পৰা দ্বিতীয় শীৰ্ষ পদত থকা বুৰহানুদ্দিনৰ সতীয়া ভাতৃ খুজাইমা কুতুবুদ্দিনে এই দাবীক প্ৰত্যাহ্বান জনায়। পৰৱৰ্তী সময়ত কুতুবুদ্দিনে বোম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ২০১৬ চনত কুতুবুদ্দিনৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ তাহেৰ ফখৰুদ্দিনে গোচৰীয়া হিচাপে আইনী যুঁজ অব্যাহত ৰাখে।

সুদীৰ্ঘ ন বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ন্যায়াধীশ গৌতম পেটেলে ২০২৩ চনৰ এপ্ৰিল মাহত এই গোচৰৰ ৰায় সংৰক্ষিত ৰাখিছিল। পৰৱৰ্তী সময়ত, ২০২৪ চনৰ ২২ এপ্ৰিলত তেওঁ মুফাদ্দাল ছাইফুদ্দিনক দাউদী বোহৰা সম্প্ৰদায়ৰ প্ৰকৃত নেতা হিচাপে স্বীকৃতি দি এক ঐতিহাসিক ৰায় প্ৰদান কৰে আৰু বিপৰীত পক্ষই তেওঁলোকৰ দাবী প্ৰমাণ কৰাত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি আবেদনখন খাৰিজ কৰে। সম্প্ৰতি ফখৰুদ্দিনৰ ফৈদে এই ৰায়দানক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ এখন খণ্ডপীঠত আপীল দাখিল কৰিছে আৰু বৰ্তমান এই আবেদন বিচাৰাধীন হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd