পুনৰ আদালতত মুখথেকেচা খালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ইয়াৰ পূৰ্বে দেশখনৰ উচ্চতম ন্যায়ালয়ে তেওঁৰ শুল্কক ‘অবৈধ’ বুলি ঘোষণা কৰিছিল। সোমবাৰে বষ্টন জিলা আদালতে উচ্চ শিক্ষিত আৰু দক্ষ বিদেশী কৰ্মীৰ এইচ-১বি ভিছাৰ এক লাখ ডলাৰৰ মাচুল বাতিল কৰি দিয়ে।
ৰায়দানৰ সময়ত ন্যায়াধীশ লিঅ’ ছ’ৰ’কিনে কয়, ‘এই অতিৰিক্ত মাচুল আচলতে কৰ (টেক্স)। আমেৰিকান কংগ্ৰেছে ৰাষ্ট্ৰপতিক এনে কৰ আৰোপ কৰিবলৈ কৰ্তৃত্ব দিয়া নাই। সেয়েহে অতিৰিক্ত ভিছা মাচুল বাতিল কৰা হৈছে।’
আমেৰিকাৰ কোম্পানীসমূহে বিদেশৰ পৰা কৰ্মী আনিবলৈ এইচ-১বি ভিছা ব্যৱহাৰ কৰে। ইয়াৰ মাচুল ২০০০ ডলাৰৰ পৰা ৫০০০ ডলাৰলৈকে। কিন্তু যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ট্ৰাম্পে হঠাতে ইয়াক এক লাখ ডলাৰলৈ বৃদ্ধি কৰে।
তেওঁ দাবী কৰে যে বহু কোম্পানীয়ে এইচ-১বি ভিছাৰ অপব্যৱহাৰ কৰি কম মজুৰিত বিদেশী কৰ্মী নিয়োগ কৰিছে। ফলত আমেৰিকাৰ নাগৰিকৰ ক্ষতি হৈছে। বিশেষকৈ বিজ্ঞান, প্ৰযুক্তি আৰু আভিযান্ত্ৰিক খণ্ডত ইয়াৰ প্ৰভাৱ সৰ্বাধিক হোৱা বুলি তেওঁ দাবী কৰে।
প্ৰতি বছৰে প্ৰায় ৮৫ হাজাৰ বিদেশী কৰ্মীক এইচ-১বি ভিছা দিয়া হয়। ইয়াৰে প্ৰায় ৭০ শতাংশ ভাৰতীয়। তেওঁলোকে আমেৰিকাৰ বিভিন্ন কোম্পানীত কাম কৰে। কিন্তু এই বৃহৎ মাচুল বৃদ্ধিয়ে কোম্পানীসমূহক বিপদত পেলাইছে। কৰ্মী বিচাৰি পোৱাটো প্ৰায় অসম্ভৱ হৈ পৰিছে। এনে পৰিস্থিতিত ২০খন প্ৰদেশৰ এটৰ্নী জেনেৰেলে ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
ট্ৰাম্প প্ৰশাসনে আদালতত দাবী কৰিছিল যে এই অতিৰিক্ত মাচুল আচলতে এক প্ৰকাৰৰ আৰ্থিক জৰিমনা, যিটো ৰাষ্ট্ৰপতিয়ে প্ৰব্ৰজন আইন অনুসৰি আৰোপ কৰিব পাৰে। অৱশ্যে সেই যুক্তিৰ সৈতে ন্যায়াধীশজনে একমত নহ’ল। ৰায়দানত কোৱা হৈছে, ‘কংগ্ৰেছৰ অনুমোদন অবিহনে ৰাষ্ট্ৰপতিয়ে কোনো নতুন কৰ আৰোপ কৰিব নোৱাৰে। ফলত এইচ-১বি ভিছাত এক লাখ ডলাৰৰ মাচুল প্ৰৱৰ্তনৰ নীতি সম্পূৰ্ণ অবৈধ আৰু ইয়াক বাতিল কৰা হৈছে।’
ভাৰতীয় তথ্য প্ৰযুক্তি কৰ্মীসকলে এইচ-১বি ভিছাৰ জৰিয়তে সৰ্বাধিক লাভৱান হৈছে। ট্ৰাম্পৰ এই সিদ্ধান্তই তেওঁলোকক যথেষ্ট ক্ষতি কৰিছে। ইয়াৰ উপৰিও বহু আমেৰিকান কোম্পানীয়ে প্ৰযুক্তি খণ্ড আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ বাবে নতুন কৰ্মচাৰী নিযুক্তি দিয়া বন্ধ কৰি দিছিল। ফলত ভাৰতৰ পৰা H-1B ভিছাৰ আবেদন যথেষ্ট হ্ৰাস পাইছে।
বহু ভাৰতীয় কৰ্মীয়ে চাকৰি হেৰুৱাই নিৰ্ধাৰিত ৬০ দিনৰ ভিতৰত নতুন চাকৰি বিচাৰি নোপোৱাত ঘৰলৈ উভতি আহিবলৈ বাধ্য হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে হোৱা বৈঠকত এই বিষয়টো উত্থাপন কৰিছিল। ইফালে আদালতে ট্ৰাম্পৰ এই সিদ্ধান্তক খাৰিজ কৰি দিলে।





