• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদেশত সক্ৰিয় ৩৬ হাজাৰ ভাৰতীয় চিম! উন্মোচিত হ’ল আন্তঃৰাষ্ট্ৰীয় চাইবাৰ জালিয়াতি চক্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 12:04 pm
ফটো সৌজন্যঃ এ আই।

ফটো সৌজন্যঃ এ আই।

17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইডিয়ে ভাৰতৰ বিভিন্ন ঠাইত সংঘটিত হোৱা কমেও ১০০টা চাইবাৰ জালিয়াতিৰ  আৰ্হিৰ মিল বিচাৰি পাইছিল। বলবৎকাৰী সঞ্চালকালয়ে (ইডি) ১০০ কোটিৰো অধিক টকাৰ এই চাইবাৰ জালিয়াতিৰ তদন্তৰ সময়ত এটা আন্তঃৰাষ্ট্ৰীয় জালিয়াতি চক্ৰ উদ্ধাৰ কৰিছে।

বিদেশত ভাৰতীয় চিম ব্যৱহাৰ কৰা হৈছিল। তদন্তত প্ৰকাশ পাইছে যে কম্বোডিয়াৰ পৰা প্ৰায় ৩৬ হাজাৰ ভাৰতীয় মোবাইল চিম কাৰ্ড ব্যৱহাৰ কৰা হৈছিল। ইয়াৰে কমেও ৫৩০০ চিম চাইবাৰ জালিয়াতিত পোনপটীয়াকৈ ব্যৱহাৰ কৰা হৈছিল।

Apply Now

ৰাজস্থানৰ যোধপুৰ চাইবাৰ ক্ৰাইম আৰক্ষীয়ে দাখিল কৰা এফআইআৰৰ ভিত্তিত ইডিৰ তদন্ত আৰম্ভ হয়। অভিযোগ উত্থাপন হৈছিল যে অসাধু বিক্ৰেতাই কিছুমান পইণ্ট অৱ চেল (পি অ’ এছ) কাউণ্টাৰৰ পৰা অবৈধভাৱে চিম কাৰ্ড সক্ৰিয় কৰি অপৰাধীৰ হাতত গতাই দিছিল। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় জালিয়াতি চক্ৰৰ সৈতে সম্পৰ্ক স্পষ্ট হৈ পৰিল।

তদন্তকাৰীয়ে জনোৱা মতে, ভাৰতত ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰি বা প্ৰৱঞ্চনামূলক মাধ্যমেৰে বহু মোবাইল ফোন নম্বৰ সক্ৰিয় কৰা হৈছিল। ইয়াৰ পিছতে মালয়েছিয়াৰ নাগৰিকৰ জৰিয়তে কম্বোডিয়ালৈ প্ৰেৰণ কৰা হয় চিম কাৰ্ড। তাৰ পৰাই প্ৰৱঞ্চকসকলে হোৱাটছএপ কল আৰু অন্যান্য ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকক লক্ষ্য কৰি লয়।

ইডিয়ে প্ৰায় ২.৩ লাখ মোবাইল নম্বৰ বিশ্লেষণ কৰি দেখা পায় যে ইয়াৰে প্ৰায় ৩৬ হাজাৰ কম্বোডিয়াত সক্ৰিয় আছিল। তাতোকৈ চিন্তনীয় কথাটো হ’ল ইয়াৰে ৫৩০০খন চিমৰ বিৰুদ্ধে ইতিমধ্যে চাইবাৰ জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে। তদন্তকাৰীৰ মতে, জালিয়াতিৰ ধনৰাশি ১০০ কোটি টকা অতিক্ৰম কৰিছে।

তদন্তত প্ৰকাশ পাইছে যে চিম বিক্ৰেতাৰ এটা অংশই দেশৰ বিভিন্ন প্ৰান্তৰ কম শিক্ষিত আৰু অজ্ঞাত লোকক লক্ষ্য কৰি লৈছিল। কেতিয়াবা পৰ্টিং নম্বৰৰ নামত কেতিয়াবা নতুন চিম দিয়াৰ প্ৰলোভন দি তেওঁলোকৰ পৰিচয় পত্ৰ সংগ্ৰহ কৰা হৈছিল। ইয়াৰ পিছত সেই নথি-পত্ৰ ব্যৱহাৰ কৰি বৃহৎ সংখ্যক চিম কাৰ্ড সক্ৰিয় কৰা হয়। তদন্তত প্ৰকাশ পাইছে যে প্ৰকৃত গ্ৰাহকৰ অজ্ঞাতে চিমসমূহ বিদেশলৈ সৰবৰাহ কৰি বিভিন্ন চাইবাৰ জালিয়াতিৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

শেহতীয়াকৈ ইডিয়ে এই চক্ৰৰ সৈতে জড়িত থকাৰ সন্দেহত ৰাজস্থানৰ কিশনগড়, নগৌৰ, যোধপুৰ আৰু পঞ্জাৱৰ লুধিয়ানাত কেইবাটাও স্থানত তালাচী চলাইছিল। অভিযানৰ সময়ত গুৰুত্বপূৰ্ণ নথি-পত্ৰ, ডিজিটেল প্ৰমাণ আৰু বেংক একাউণ্টৰ সবিশেষ উদ্ধাৰ কৰা হয়। তদন্তকাৰীয়ে ধন সৰবৰাহৰ তদন্তও কৰি আছে।

চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলৰ মতে, যোৱা কেইবছৰমানৰ পৰা কম্বোডিয়া আন্তঃৰাষ্ট্ৰীয় অনলাইন জালিয়াতিৰ চক্ৰৰ অন্যতম ভিত্তি হৈ পৰিছে। বিভিন্ন দেশত বাস কৰা প্ৰৱঞ্চকে তাত কল চেণ্টাৰ আৰু অনলাইন কেলেংকাৰী নেটৱৰ্ক চলাই লাখ লাখ লোকক প্ৰতাৰণা কৰি আছে।

মন কৰিবলগীয়া যে চলিত বৰ্ষৰ এপ্ৰিল মাহত তেলেংগানা চাইবাৰ ছিকিউৰিটি ব্যুৰোৱে ২০২৩ চনৰ পৰা কম্বোডিয়ালৈ ৬০০ৰো অধিক ভাৰতীয় চিম কাৰ্ড সৰবৰাহ কৰা এটা চক্ৰ বিচাৰি পাইছিল।সেই কাণ্ডত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তদন্তকাৰীয়ে ধাৰণা কৰে যে বৰ্তমানৰ গোচৰটো আৰু বৃহত্তৰ আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কৰ অংশ।

ইডিৰ মতে, তদন্ত এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। এই চক্ৰটোৰ মাষ্টাৰমাইণ্ডসকলে বিদেশৰ পৰা এই চক্ৰটো পৰিচালনা কৰে। এতিয়া মূল প্ৰত্যাহ্বান হৈছে তেওঁলোকক চিনাক্ত কৰা। তদুপৰি জালিয়াতিৰ জৰিয়তে চুৰি হোৱা ধনৰ সন্ধান উলিওৱাৰ লগতে আৰু কিমান ভাৰতীয় চিম কাৰ্ড এই চক্ৰৰ হাতলৈ গৈছে সেই কথা জানিবলৈ চেষ্টা অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd