তামিল চলচ্চিত্ৰৰ এজন জনপ্ৰিয় নায়কৰ দৰেই জোচেফ বিজয়ে তামিলনাডুৰ ৰাজনীতিতো এক ধুমুহাৰ সৃষ্টি কৰি যোৱা মাহত ৰাজ্যখনৰ নৱমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। বিগত কেইবা দশক ধৰি চলি অহা পৰম্পৰাগত ৰাজনীতিৰ আধিপত্য ভংগ কৰি তেওঁ শাসনভাৰ হাতত লৈছিল। মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালৰ প্ৰথমটো মাহ সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া তেওঁৰ কাম-কাজক লৈ ৰাজ্যখনত ব্যাপক চৰ্চা আৰম্ভ হৈছে। এই এটা মাহত তেওঁৰ শাসনত যেনেকৈ এক দৃঢ় সংকল্প আৰু উচ্চাকাংক্ষা দেখা গৈছে, তেনেকৈয়ে কিছুমান ক্ষেত্ৰত তেওঁ প্ৰাৰম্ভিক ভুল-ত্ৰুটিৰো সন্মুখীন হ’বলগীয়া হৈছে।
মুখ্যমন্ত্ৰী বিজয়ৰ কাৰ্যকালৰ আটাইতকৈ চৰ্চিত বিষয়টো হৈছে তেওঁৰ চৰকাৰী কাৰ্যালয়ৰ অনুশাসন আৰু সময়ানুবৰ্তিতা। তামিলনাডুৰ পৰম্পৰাগত বগা সাজযোৰৰ পৰিৱৰ্তে তেওঁ আধুনিক আনুষ্ঠানিক সাজ পৰিধান কৰি কাৰ্যালয়লৈ আহে। তেওঁ প্ৰতিদিনেই নিৰ্ধাৰিত সময়ত নিজৰ কাৰ্যালয়ত উপস্থিত হয় আৰু দৈনিক সাত ঘণ্টাকৈ একেৰাহে কাম কৰে। কেৱল সেয়াই নহয়, তেওঁৰ অধীনত কাম কৰা সকলো বিষয়া-কৰ্মচাৰীৰ বাবেও তেওঁ সময়ত উপস্থিত থকাটো বাধ্যতামূলক কৰি তুলিছে। তেওঁ দুপৰীয়াৰ আহাৰো ঘৰৰ পৰা নিজেই লৈ আহে আৰু কাৰ্যালয়ৰ ভিতৰতে আৱদ্ধ থাকি অতি সৰলভাৱে গ্ৰহণ কৰে, যাৰ ফলত প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত এক গভীৰ আৰু ইতিবাচক বাৰ্তা প্ৰেৰণ হৈছে।
নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিজয়ে প্ৰথম পোন্ধৰ দিনতে ধৰ্মীয় স্থান, শিক্ষানুষ্ঠান আৰু যান-বাহন আস্থানৰ ওচৰত থকা সাতশ সোতৰখন চৰকাৰী সুৰাৰ বিপণী বন্ধ কৰাৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰে। এই সিদ্ধান্তৰ ফলত বহু কৰ্মচাৰী প্ৰভাৱিত হৈছিল যদিও চৰকাৰে তেওঁলোকক অন্য সুৰাৰ বিপণীত সংস্থাপনৰ ব্যৱস্থা কৰে। ইয়াৰ উপৰি মহিলা আৰু শিশুৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁ সিংহকন্যা নামৰ এক বিশেষ আৰক্ষী বাহিনী গঠন কৰিছে, যাৰ নেতৃত্ব এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াক অৰ্পণ কৰা হৈছে। এই বাহিনীটোক এতিয়া ৰাজ্যৰ সকলো জিলাতে নিয়োগ কৰা হৈছে।
প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু ঠিকাদাৰসকলৰ মাজত চলি থকা অনিয়ম আৰু দুৰ্নীতি ৰোধ কৰিবলৈ নতুন চৰকাৰখনে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। গড়কপ্তানি আৰু ঘাইপথ বিভাগৰ কামত পূৰ্বতে চলি থকা কমিছনৰ ব্যৱস্থা বন্ধ কৰিবলৈ স্পষ্ট নিৰ্দেশনা দিয়া হৈছে। ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাটোক অধিক স্বচ্ছ আৰু জবাবদিহি কৰাৰ বাবে চৰকাৰে চাৰিশ ছত্রিশটা দফা সম্বলিত এক দূৰদৰ্শী পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াইছে। ইয়াৰ জৰিয়তে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক কঠোৰ শাস্তি বিহাৰ লগতে সাধাৰণ জনতাৰ কাম-কাজ সহজ কৰিবলৈ এক সুচল ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সংকল্প লোৱা হৈছে। লগতে দুখীয়া আৰু শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ সুবিধাৰ বাবে ৰাজ্যখনত পূৰ্বৰে পৰা চলি থকা ছশ বিশখন সস্তীয়া ভোজনালয়ৰ সংস্কাৰ আৰু উন্নত কৰাৰ বাবেও তেওঁ ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
এই সকলোবোৰ ইতিবাচক পদক্ষেপৰ মাজতো মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমটো মাহতে কিছুমান বিতৰ্ক আৰু সমালোচনাৰো সন্মুখীন হ‘ব লগা হৈছে। চৰকাৰৰ আৰম্ভণিতে এগৰাকী জ্যোতিষীক বিশেষ পদত নিযুক্তি দিয়া কাৰ্যই সতীৰ্থ দল আৰু বিৰোধীৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰে, যাৰ বাবে চৰকাৰে চৌব্বিশ ঘণ্টাৰ ভিতৰতে সেই নিযুক্তি বাতিল কৰিবলৈ বাধ্য হয়। একেদৰে এখন জিলাত পানীৰ প্ৰকল্প নিৰ্মাণৰ বাবে মাত্ৰ ছয় ঘণ্টাৰ সময় দি দৰপত্ৰ আহ্বান কৰাক লৈও অভিযোগ উত্থাপন হয় আৰু পিছত সেইখনো প্ৰত্যাহাৰ কৰা হয়। বিৰোধী দলসমূহে এই ঘটনাবোৰক চৰকাৰৰ প্ৰশাসনিক অভিজ্ঞতাহীনতা বুলি সমালোচনা কৰিছে। তদুপৰি মুখ্যমন্ত্ৰী হিচাপে দিয়া তেওঁৰ প্ৰথমখন ৰাজহুৱা ভাষণত চৰকাৰী নীতি বা আঁচনিৰ সলনি বিৰোধী দলসমূহক ৰাজনৈতিকভাৱে আক্ৰমণ কৰা কাৰ্যকো বহুতে সমালোচনা কৰিছে। অৱশ্যে মাত্ৰ এটা মাহৰ ভিতৰতে এখন চৰকাৰৰ সম্পূৰ্ণ মূল্যায়ন কৰাটো সম্ভৱ নহয়, কিন্তু বিজয়ৰ এই আৰম্ভণিয়ে দেখুৱাইছে যে তেওঁৰ শাসন সংস্কাৰমুখী হ’লেও আগন্তুক দিনবোৰত তেওঁ অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে।



