অসমৰ দুৰ্গম অঞ্চলসমূহত ডাক সেৱা অধিক ক্ষিপ্ৰ আৰু সহজলভ্য কৰি তোলাৰ লক্ষ্যৰে ড্ৰোনৰ জৰিয়তে ডাক পৰিবহণ ব্যৱস্থা সম্প্ৰসাৰণ কৰিছে ভাৰতীয় ডাক বিভাগে। ৰাজ্যখনত এই ব্যৱস্থাৰ বাবে চিনাক্ত কৰা ৪০টা স্থানৰ ভিতৰত ইতিমধ্যে ২৭টা স্থানত ড্ৰোনৰ জৰিয়তে ডাক পৰিবহণ আৰম্ভ হৈছে।
বিশ্ব ডাক দিৱস উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ মেঘদূত ভৱনত আয়োজিত সংবাদমেলত এই তথ্য সদৰী কৰে অসমৰ ডাক চাৰ্কলৰ মুখ্য ডাক মহাধ্যক্ষ শচীন কিশোৰে। তেওঁ জনোৱা অনুসৰি, ৯ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ দেশজুৰি ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰা হৈছে। এইবাৰৰ বিশ্ব ডাক দিৱসৰ মূল বিষয়বস্তু হৈছে ‘বিশ্ব ডাক দিৱস: এখন ডাক নেটৱৰ্ক, অসীম সম্ভাৱনা’।
ড্ৰোনৰ জৰিয়তে ডাক পৰিবহণৰ বাবে অসমৰ হাজো আৰু নগৰবেৰা উপ-ডাকঘৰ তথা ধেমাজি আৰু কাছাৰ জিলাৰ বিভিন্ন ডাকঘৰৰ অধীনত থকা স্থানসমূহ চিনাক্ত কৰা হৈছে। প্ৰতিটো নিৰ্বাচিত ডাকঘৰৰ অধীনত ১০টাকৈ স্থান সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে। দুৰ্গম ভৌগোলিক অৱস্থান, যাতায়াতৰ অসুবিধা আৰু পৰম্পৰাগত পৰিবহণ ব্যৱস্থাৰ সীমাবদ্ধতা অতিক্ৰম কৰাত এই প্ৰযুক্তিয়ে সহায় কৰিব বুলি আশা কৰা হৈছে।
উল্লেখযোগ্য যে, অসমত ড্ৰোনৰ জৰিয়তে ডাক পৰিবহণৰ প্ৰথমটো কাৰ্যসূচী আৰম্ভ হৈছিল হাজো উপ-ডাকঘৰৰ পৰা। তাত ড্ৰোন ব্যৱহাৰ কৰি দমপুৰ আৰু খেত্ৰী হাৰ্দিয়া শাখা ডাকঘৰলৈ ডাক সামগ্ৰী প্ৰেৰণ কৰা হৈছিল। প্ৰাৰম্ভিক পৰ্যায়ত প্ৰায় ৭ আৰু ৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ডাক সামগ্ৰী পৰিবহণ কৰা হয়। হাজোৰ পৰা প্ৰায় ৮২ কিলোমিটাৰ সামৰি ৯টা পথত এই সেৱা সম্প্ৰসাৰণৰ পৰিকল্পনাও কৰা হৈছে।
ড্ৰোনৰ জৰিয়তে ডাক পৰিবহণৰ এই ব্যৱস্থা অসম আৰু হিমাচল প্ৰদেশত ৰূপায়ণ কৰা বৃহত্তৰ পৰীক্ষামূলক প্ৰকল্পৰ অংশ। ভাৰতীয় ডাক বিভাগে ড্ৰোন প্ৰযুক্তি ব্যৱহাৰ কৰি দুৰ্গম অঞ্চললৈ ডাকৰ বেগ দ্ৰুতগতিত প্ৰেৰণ কৰাৰ লগতে পৰিবহণ ব্যৱস্থাত বাস্তৱ সময়ত নজৰদাৰিৰ সুবিধা গঢ়ি তুলিব বিচাৰিছে। ইয়াৰ জৰিয়তে চিঠি-পত্ৰ আৰু পাৰ্চেলৰ উপৰি ডাকঘৰৰ জৰিয়তে আগবঢ়োৱা বিভিন্ন অত্যাৱশ্যকীয় সেৱাৰ সৈতে গ্ৰামাঞ্চলৰ লোকসকলৰ সংযোগ উন্নত হোৱাৰ সম্ভাৱনা আছে।
ইফালে, ডাক বিভাগে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ লগতে ডিজিটেল সেৱা, আৰ্থিক অন্তৰ্ভুক্তি আৰু পাৰ্চেল পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰীয় ডাক সপ্তাহৰ সময়ছোৱাত এই সেৱাসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লগতে ডাক বিভাগৰ পৰম্পৰাগত সেৱাক অধিক আধুনিক আৰু নাগৰিককেন্দ্ৰিক কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।


