জাপানৰ পিছত এইবাৰ চুবুৰীয়া দেশ নেপালৰ মাটিত নিষিদ্ধ কৰা হৈছে ভাৰতৰ পৰা যোৱা আম। আম উৎপাদনৰ সময়ত অতিৰিক্ত পৰিমাণে ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগত নেপাল চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। নেপালৰ কৃষি আৰু পশুপালন মন্ত্ৰালয়ে এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে যে ভাৰতৰ পৰা আমদানি কৰা আমৰ কিছুমান চালনত নিৰ্ধাৰিত সীমাতকৈ বহু বেছি পৰিমাণে ক্ষতিকাৰক কীটনাশকৰ অৱশিষ্ট পোৱা গৈছে। যাৰ বাবে খাদ্য সুৰক্ষা তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় আম দেশখনত সুমোৱাটো বন্ধ কৰা হৈছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে জাপানেও একেটা কাৰণতে আলফনচো, কেচৰ, লেংৰা আৰু বংগনপল্লীৰ দৰে বিখ্যাত ভাৰতীয় আমৰ আমদানিত বাধা দিছিল। এতিয়া ইখনৰ পিছত সিখন দেশে ভাৰতীয় আম লোৱাটো বন্ধ কৰি দিয়াত মালদহ, মুৰ্ছিদাবাদ, কৃষ্ণনগৰ আদিকে ধৰি বিভিন্ন অঞ্চলৰ আম খেতিয়কসকল তীব্ৰ চিন্তাৰ মুখত পৰিছে। নেপাল চৰকাৰৰ সূত্ৰই জনোৱা মতে, এপ্ৰিল আৰু মে’ মাহত সীমান্তৰ পৰীক্ষণ চকীত ভাৰতীয় আমৰ নমুনা পৰীক্ষা কৰোঁতে এই ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্যসমূহ ধৰা পৰে। ইয়াৰ পিছতে নেপালে জাপানৰ দৰেই কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় আৰু সীমান্তত তীব্ৰ নজৰদাৰীৰ নিৰ্দেশ দিয়ে। নেপাল চৰকাৰে স্পষ্ট কৰি দিছে যে দেশবাসীৰ স্বাস্থ্য সুৰক্ষাই তেওঁলোকৰ বাবে আটাইতকৈ প্ৰথম অগ্ৰাধিকাৰ আৰু খাদ্যৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহ’ব।
সাধাৰণতে গৰমৰ দিনত নেপালত ভাৰতীয় আমৰ চাহিদা বহুত বেছি থাকে, কাৰণ নেপালত অতি কম পৰিমাণেহে আমৰ খেতি হয়। দেশৰ চাহিদা পূৰণ কৰিবলৈ নেপালৰ ব্যৱসায়ীসকলে ভাৰতৰ পৰা প্ৰচুৰ পৰিমাণে আম আমদানি কৰে। কিন্তু এই নিষেধাজ্ঞাৰ ফলত ভাৰতৰ খেতিয়কসকলৰ লগতে নেপালৰ ফল ব্যৱসায়ীসকলৰ মাজতো এতিয়া গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। জানিব পৰা মতে, প্ৰতি বছৰে গড়ে তিনি হাজাৰ তিনিশ মেট্ৰিক টন ভাৰতীয় আম নেপাললৈ পঠোৱা হয়, যাৰ বজাৰ মূল্য প্ৰায় ৪০ কোটি টকা। সোৱাদ আৰু সুগন্ধিৰ বাবে নেপালৰ বজাৰত অত্যন্ত জনপ্ৰিয় এই ভাৰতীয় আম বন্ধ হৈ পৰাত এতিয়া ব্যৱসায়িক ক্ষেত্ৰখনত ডাঙৰ লোকচানৰ আশংকাই দেখা দিছে।




