• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত দেশজুৰি আন্দোলন : ককৰোচ জনতা পাৰ্টিয়ে প্ৰকাশ কৰিলে ‘শিক্ষা ইস্তাহাৰ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 4:09 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ শিক্ষা খণ্ডত একেৰাহে পৰীক্ষা বিতৰ্ক আৰু প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত দেশজুৰি এক বৃহৎ আন্দোলন আৰম্ভ কৰিছে যুৱ সংগঠন ককৰোচ জনতা পাৰ্টিয়ে। বৃহস্পতিবাৰে পুনেত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে ঘোষণা কৰে যে আন্দোলনৰ প্ৰথম পদক্ষেপ হিচাপে তেওঁলোকৰ তৰফৰ পৰা এখন বিশেষ শিক্ষা ইস্তাহাৰ প্ৰকাশ কৰা হৈছে।

সংবাদমেলত অভিজিৎ দিপকে কয় যে পুনে বিশ্ববিদ্যালয় চৌহদৰ পৰাই তেওঁলোকৰ এই দেশজুৰি আন্দোলনৰ শুভাৰম্ভ কৰা হৈছে। দেশৰ সংবিধান মানি সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে এই আন্দোলন চলোৱা হ‘ব বুলি তেওঁ প্ৰকাশ কৰে। সংগঠনটোৰ মতে, আজি প্ৰকাশ পোৱা এই ইস্তাহাৰত মূলতঃ দেশৰ শিক্ষা ব্যৱস্থাৰ সমস্যাসমূহ দূৰ কৰাৰ ব্লু-প্ৰিন্ট অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত প্ৰধান বিষয়বোৰ হৈছে প্ৰতিযোগিতামূলক আৰু নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা সম্পূৰ্ণৰূপে বন্ধ কৰা, পৰীক্ষা শেষ হোৱাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰতে ফলাফল ঘোষণা কৰা, প্ৰৱেশ পৰীক্ষা আৰু চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত এশ শতাংশ স্বচ্ছতা অনা আৰু পৰীক্ষা নিয়ন্ত্ৰক সংস্থাসমূহৰ দায়বদ্ধতা বৃদ্ধি কৰা। ইয়াৰ উপৰিও পৰীক্ষা অনুষ্ঠিত কৰাত পলম হোৱা আৰু বিভিন্ন অনিয়মৰ বাবে দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা মানসিক আৰু সামাজিক হাৰাশাস্তি অতি শীঘ্ৰে দূৰ কৰাৰ কথাও এই ইস্তাহাৰত উল্লেখ কৰা হৈছে।

Apply Now

অভিজিৎ দিপকে স্পষ্ট কৰি দিয়ে যে এই আন্দোলন কেৱল পুনেতে আৱদ্ধ নাথাকে। পুনেৰ পিছতে পৰ্যায়ক্ৰমে জয়পুৰ, লক্ষ্ণৌ, অমৃতসৰ আৰু বেংগালুৰুৰ দৰে ডাঙৰ চহৰলৈও এই প্ৰতিবাদ বিয়পি পৰিব। ইয়াৰ পিছত অহা বিশ জুন তাৰিখে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ আৰু যুৱ সমাজে ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত একত্ৰিত হ’ব। ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপকগৰাকীয়ে সকীয়াই দিয়ে যে দেশৰ এক কোটিৰো অধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত আজি বিপদাপন্ন আৰু ইয়াৰ বাবে একমাত্ৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়েই দায়ী। তেওঁলোকে কয় যে যেতিয়ালৈকে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদৰ পৰা পদত্যাগ নকৰে, তেতিয়ালৈকে তেওঁলোকে যন্তৰ মন্তৰৰ পৰা এক ইঞ্চিও আঁতৰি নাহে আৰু আন্দোলন প্ৰত্যাহাৰ নকৰে।

ইফালে, ছচিয়েল মিডিয়াত এই যুৱ আন্দোলনে ব্যাপক সঁহাৰি লাভ কৰাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে ডিজিটেল দমনৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। যোৱা ছয় জুনত দিল্লীৰ যন্তৰ মন্তৰত তেওঁলোকে আহ্বান কৰা প্ৰথমটো প্ৰতিবাদত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি অভিজিতে দাবী কৰে যে তেওঁলোকে চৰকাৰৰ সৈতে মুকলি আলোচনাত বহিবলৈ সাজু, কিন্তু চৰকাৰে আলোচনাৰ পথ নিবাচি ককৰোচ জনতা পাৰ্টিৰ এক্স আৰু অন্যান্য ছচিয়েল মিডিয়া একাউণ্টসমূহ বন্ধ কৰি দিছে। তেওঁ লগতে কয় যে চৰকাৰে এনেদৰে যুৱ সমাজক আওকাণ কৰিব নোৱাৰে আৰু তেওঁলোকক ভুৱা বুলি নোকোৱাকৈ দেশৰ যুৱ সমাজে কি কি সমস্যাত ভুগিছে সেয়া বুজিবলৈ কেন্দ্ৰই চেষ্টা কৰা উচিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd