ওমানৰ সাগৰত পুনৰ এখন ভাৰতীয় নাবিক থকা বাণিজ্য জাহাজত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাক লৈ বিগত তিনিদিনত তৃতীয়বাৰৰ বাবে ভাৰতীয় নাবিক থকা জাহাজত আক্ৰমণৰ ঘটনা ঘটিল। ইয়াৰ পূৰ্বে আমেৰিকাৰ সেনাই কৰা আক্ৰমণত তিনিজন ভাৰতীয় নাবিকৰ মৃত্যু হৈছিল। কিন্তু এই নতুন আক্ৰমণটোৰ পাছত এতিয়া প্ৰশ্ন উঠিছে যে ইয়াৰ আঁৰতো আমেৰিকাই আছে নেকি? অৱশ্যে এই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই।
ওমানৰ এটা সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে ৰাতিপুৱা ওমানৰ শিনাচ বন্দৰৰ ওচৰত এই জাহাজখন আক্ৰমণৰ মুখত পৰে। জাহাজখনৰ নাম এমটি জলবীৰ বুলি জানিব পৰা গৈছে। কিন্তু এই জাহাজখন কোনখন দেশৰ পতাকাযুক্ত আছিল, সেইটো এতিয়াও জানিব পৰা হোৱা নাই। সূত্ৰৰ খবৰ অনুসৰি এই বাণিজ্য জাহাজখনত মুঠ ২০ জন ভাৰতীয় নাবিক আছিল। কিন্তু কোনে আৰু কেনেকৈ এই জাহাজখনত আক্ৰমণ কৰিলে, সেই বিষয়ে এতিয়াও একো স্পষ্ট হোৱা নাই। ইয়াৰ লগতে আক্ৰমণৰ পিছত ভাৰতীয় নাবিকসকল সুৰক্ষিত আছে নে নাই, তাক লৈয়ো কোনো নিশ্চিত খবৰ পোৱা নাই। এই ঘটনাৰ পিছতে জাহাজখনৰ কেইবাখনো ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে মাজ সাগৰতে জাহাজখন দাউ দাউকৈ জ্বলি উঠিছে।
এই ঘটনাৰ পিছতে ওমানত থকা ভাৰতীয় দূতাৱাসে ছচিয়েল মিডিয়া এক্সযোগে এটা বিবৃতি জাৰি কৰিছে। তেওঁলোকে লিখিছে যে বৃহস্পতিবাৰে পুৱা ওমানৰ শিনাচ বন্দৰৰ অদূৰত এখন জাহাজত আক্ৰমণৰ ঘটনা ঘটিছে। তেওঁলোকে সমগ্ৰ পৰিস্থিতি অতি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছে। এই বিষয়ে বিতং তথ্য লাভ কৰিবলৈ তেওঁলোকে স্থানীয় প্ৰশাসন তথা কৰ্তৃপক্ষৰ সৈতেও নিৰন্তৰ যোগাযোগ ৰাখিছে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰে ওমান উপসাগৰত পালাউৰ পতাকাযুক্ত এমটি চেট্টেবেল্লো নামৰ এখন বাণিজ্য জাহাজত আমেৰিকাৰ সেনাই মিছাইল আক্ৰমণ কৰিছিল। সেই জাহাজখনত এটাৰ পিছত এটাকৈ মিছাইল আহি পৰিছিল আৰু লগে লগে জুই লাগি গৈছিল। জাহাজখনত মুঠ ২৮ জন নাবিক আছিল, যাৰ ভিতৰত ২৪ জনেই আছিল ভাৰতীয়। আক্ৰমণৰ পিছতে তাত জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰা হয় আৰু ২১ জন ভাৰতীয়ক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। কিন্তু বাকী ৩ জন ভাৰতীয় নাবিকৰ এই ঘটনাত মৃত্যু হয়। ইয়াৰ আগতে যোৱা সোমবাৰে মাডাগাস্কাৰৰ পতাকা থকা এমটি মাৰিভেক্স নামৰ আন এখন জাহাজতো আমেৰিকাৰ সেনাই আক্ৰমণ চলাইছিল। তাতো ২৪ জন ভাৰতীয় নাবিক আছিল, যদিও ভাগ্যক্ৰমে তেওঁলোকৰ কোনো ক্ষতি হোৱা নাছিল।





