• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 12, 2026 12:21 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁ একেলগে এজন সাংসদ আৰু প্ৰাক্তন ক্ৰিকেটাৰ। দেশৰ হৈ বিশ্বজয় কৰাৰ গৌৰৱো তেওঁ অৰ্জন কৰিছে। কিন্তু বৰ্তমান তেওঁৰ হেনো পৰ্যাপ্ত নিৰাপত্তা নাই। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ বৰ্ধমান-দুৰ্গাপুৰ সমষ্টিৰ সাংসদ কীৰ্তি আজাদে। তেওঁ প্ৰাণৰ ভয়ত ইমানেই ত্ৰস্তমান হৈ পৰিছে যে নিজৰ লগত এটা এয়াৰগান লৈ ঘূৰি ফুৰিবলগীয়া হৈছে। আনকি প্ৰকাশ্যে এটা দূৰদৰ্শনৰ সাক্ষাৎকাৰতো তেওঁৰ লগত সেই এয়াৰগানটো দেখিবলৈ পোৱা গৈছে।

অলপতে এটা সৰ্বভাৰতীয় সংবাদ প্ৰতিষ্ঠানক দিয়া সাক্ষাৎকাৰত কীৰ্তি আজাদৰ সমুখত এটা বন্দুক দেখা গৈছিল। তেওঁক যেতিয়া সোধা হ’ল যে তেওঁ এই বন্দুকটো কিয় লগত ৰাখিছে, তেতিয়া তৃণমূল সাংসদগৰাকীয়ে কয় যে বিজেপি চৰকাৰে তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰি লৈছে। সেইবাবেই তেওঁ এই বন্দুকটো লগত ৰাখিছে আৰু বন্দুক চলোৱাৰ অভ্যাসো কৰিছে। তেওঁ লগতে কয় যে কোনো বিজেপিৰ গুণ্ডা সমুখলৈ আহিলেই তেওঁ গুলী চলাই দিব। অৱশ্যে ইয়াৰ পিছতে তেওঁ দাবী কৰে যে তেওঁ নিজৰ জীৱনক লৈ চিন্তিত নহয় আৰু কাৰ কেতিয়া মৃত্যু হ’ব সেয়া ভাগ্যৰ লিখন।

Apply Now

কেন্দ্ৰ নে ৰাজ্য চৰকাৰে তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছে বুলি সোধাত কীৰ্তি আজাদে কয় যে যেতিয়াই তেওঁক বিজেপিৰ পৰা উলিয়াই দিয়া হৈছিল, তেতিয়াই তেওঁৰ নিৰাপত্তা হ্ৰাস কৰা হৈছিল। বিজেপিত থকা সময়ত তেওঁ ৱাই প্লাছ শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিছিল। কিন্তু এতিয়া তেওঁৰ নিৰাপত্তাৰক্ষী আঁতৰাই দিয়া হৈছে আৰু আনকি তেওঁৰ ঘৰৰ গৃহৰক্ষীসকলকো আঁতৰাই দিয়া হৈছে। বৰ্ধমান-দুৰ্গাপুৰৰ সাংসদগৰাকীৰ অভিযোগ যে বংগত তৃণমূলৰ পৰাজয়ৰ পিছৰে পৰা দলটোৰ সাংসদসকলৰ ওপৰত আক্ৰমণ চলোৱা হৈছে আৰু ভয় দেখুওৱা হৈছে।

উল্লেখ্য যে ৰাজ্যখনত বিজেপি ক্ষমতালৈ অহাৰ পিছত বহু তৃণমূল নেতাৰ নিৰাপত্তা কৰ্তন কৰা হৈছে। অভিষেক বেনাৰ্জী আৰু কল্যাণ বেনাৰ্জীৰ দৰে সাংসদসকল আক্ৰমণৰ বলি হৈছে। কেইবাজনো তৃণমূল নেতাই কণীৰে কৰা আক্ৰমণ অৰ্থাৎ ডিম থেৰাপীৰ দৰে পৰিস্থিতিৰো সন্মুখীন হ’বলগীয়া হৈছে। অৱশ্যে কীৰ্তি আজাদৰ ক্ষেত্ৰত এই আশংকা কিছু কম কাৰণ তেওঁ বংগৰ বাসিন্দা নহয়। তথাপিও নিৰাপত্তাৰ অভাৱক লৈ তেওঁ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

June 12, 2026 1:22 pm
দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

June 12, 2026 1:21 pm
বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

বিজেপি চৰকাৰৰ নিৰাপত্তা কৰ্তনঃ প্ৰাণৰ ভয়ত হাতত বন্দুক লৈ ঘূৰিছে সাংসদ কীৰ্তি আজাদ

June 12, 2026 12:21 pm
পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

পুনৰ দিল্লীত বহুমহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিদগ্ধ হৈ ৩ জনৰ মৃত্যু, দুজনৰ অৱস্থা সংকটজনক

June 12, 2026 12:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাধাৰণ ৰোগীক মাধমাৰ! কেন্সাৰ আৰু ধনুষ্টংকাৰৰ ঔষধৰ মূল্য বৃদ্ধিৰ অনুমতি চৰকাৰৰ

June 12, 2026 1:22 pm
দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

দুই প্ৰজন্মৰ দুগৰাকী জনপ্ৰিয় তাৰকাৰ যুগলবন্দী! চাৰি দশকৰ পাছত এটা ফ্ৰেমত হৃতিক-ৰজনীকান্ত

June 12, 2026 1:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd