কৰ্ণাটকৰ ধৰ্মস্থলী মন্দিৰৰ ‘গণকবৰ’ গোচৰত এইবাৰ নাম সাঙোৰ খাইছে জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ। এই হাই-প্ৰফাইল গোচৰত তেওঁৰ নাম জড়িত হোৱাৰ লগে লগে ৰাজ্যৰ ৰাজনীতি আৰু ছ’চিয়েল মিডিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশেষত এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত মুখ খুলিছে অভিনেতাগৰাকীয়ে।
এক্স হেণ্ডেলত কানাড়া ভাষাত এটা পোষ্ট কৰি প্ৰকাশ ৰাজে স্পষ্টকৈ কয় যে এই সমগ্ৰ বিষয়টো অতি স্পৰ্শকাতৰ আৰু ইয়াৰ সৈতে লাখ লাখ ভক্তৰ আৱেগ জড়িত হৈ আছে। অহা দুদিনৰ ভিতৰত তেওঁ নিজেই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সকলো কথা মুকলিকৈ ক’ব বুলি জানিবলৈ দিছে। ছ’চিয়েল মিডিয়াৰ জল্পনা-কল্পনা আৰু সংবাদ মাধ্যমৰ ৰিপৰ্টৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকাশ ৰাজে লিখিছে যে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত ধৰ্মস্থলী গোচৰ সন্দৰ্ভত তেওঁৰ নাম সাঙুৰি চলোৱা চৰ্চা তেওঁৰ চকুত পৰিছে। যিহেতু এইটো কোটি কোটি ভক্তৰ ধৰ্মীয় বিশ্বাস আৰু আৱেগৰ লগত জড়িত এটা অতি স্পৰ্শকাতৰ বিষয়, সেয়েহে সকলো সন্দেহ দূৰ কৰি ইয়াৰ উত্তৰ দিয়াটো তেওঁৰো কৰ্তব্য বুলি তেওঁ উল্লেখ কৰে।
অভিনেতাজনে লগতে কয় যে তেওঁ বৰ্তমান চহৰৰ পৰা বহু দূৰত আছে। মাত্ৰ দুটা দিনৰ পাছতেই তেওঁ ব্যক্তিগতভাৱে সাংবাদিকসকলৰ সন্মুখীন হ’ব আৰু সকলো প্ৰশ্নৰ উত্তৰ দিব। তেতিয়ালৈকে কোনো ধৰণৰ উৰাবাতৰিত কাণ নিদিবলৈ তেওঁ অনুৰোধ জনাইছে। কিছুমান মানুহে খবৰটোক বিকৃত কৰি বেলেগ ৰূপ দিবলৈ চেষ্টা কৰিছে, তালৈ বিশ্বাস নকৰিবলৈকো তেওঁ সকীয়াই দিয়ে।
কিন্তু উচ্চ ন্যায়ালয়ৰ আৱেদনত প্ৰকাশ ৰাজৰ নাম কেনেকৈ আহিল? ১১ জুনত কৰ্ণাটক উচ্চ ন্যায়ালয়ত এখন ৰিট আৱেদন দাখিল হোৱাৰ পিছতেই এই বিতৰ্কৰ সূত্ৰপাত হয়। ধৰ্মস্থলী ষড়যন্ত্ৰ গোচৰৰ অন্যতম অভিযুক্ত চিন্নায়াই এই আৱেদন দাখিল কৰিছিল। তেওঁৰ আৱেদনতে পোনপটীয়াকৈ প্ৰকাশ ৰাজৰ নাম উল্লেখ কৰা হৈছে। চিন্নায়া নামৰ লোকজনৰ অভিযোগ অনুসৰি, একাংশ প্ৰভাৱশালী ব্যক্তিৰ কথামতে ভাষ্য দিবলৈ তেওঁৰ ওপৰত অহৰহ হেঁচা প্ৰয়োগ কৰা হৈছিল। অভিযুক্তজনৰ দাবী যে প্ৰকাশ ৰাজে নিজেই তেওঁৰ লগত তামিল ভাষাত কথা পাতিছিল।
আৱেদনখনত আৰু অভিযোগ কৰা হৈছে যে অভিনেতাজনে হেনো চিন্নায়াক কৈছিল, মই অহা ২৯ তাৰিখে আহিম আৰু তোমাক সাৱটি ধৰিম। এই আৱেদনখন পোহৰলৈ অহাৰ পিছতেই চৌদিশে হুলস্থুল লাগি পৰে। অৱশ্যে প্ৰকাশ ৰাজে পৰিষ্কাৰকৈ জনাইছে যে এই বিষয়টো লৈ অযথা বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই, তেওঁ দুদিন পিছত সংবাদ মাধ্যমৰ আগত সকলো বিভ্ৰান্তি দূৰ কৰিব।
উল্লেখযোগ্য যে, ২০২৫ চনত প্ৰথমবাৰৰ বাবে এই ধৰ্মস্থলী গণকবৰ গোচৰটোৱে সমগ্ৰ দেশজুৰি শিৰোনাম দখল কৰিছিল। মন্দিৰ চহৰখনৰ এজন প্ৰাক্তন চাফাই কৰ্মীয়ে হঠাতে এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে যোৱা প্ৰায় দুটা দশক ধৰি সেই মন্দিৰৰ আশে-পাশে থকা অঞ্চলত শ শ মৃতদেহ জোৰকৈ কবৰ দিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল। এই ভয়ংকৰ দাবীৰ পিছতেই প্ৰশাসন সষ্টম হৈ পৰে আৰু তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল বা এছ আই টি গঠন কৰা হয়।
উক্ত চাফাই কৰ্মীজনে আঙুলিয়াই দিয়া কেইবাখনো ঠাইত খনন কাৰ্য আৰম্ভ কৰাত মাটিৰ তলৰ পৰা মানুহৰ জঁকা আৰু হাড় উদ্ধাৰ হ’বলৈ ধৰে। বহু নিৰুদ্দেশ হোৱা ব্যক্তি আৰু অচিনাক্ত মৃতদেহৰ ৰহস্য এই ঘটনাৰ সৈতে জড়িত থকা বুলি তদন্তকাৰীসকলে অনুমান কৰিছে। বৰ্তমান এছ আই টিয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে। ধৰ্মস্থলীৰ মাটিৰ তলত প্ৰকৃততে কি ঘটিছিল তাৰ বহু ৰহস্য এতিয়াও মুকলি হ’বলৈ বাকী আছে আৰু এই ৰহস্যৰ মাজতেই এতিয়া অভিনেতা প্ৰকাশ ৰাজৰ নাম সাঙোৰ খাই পৰিছে।





