তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ যেন ৰেহাই নাই। এটা গোচৰত হাজিৰ হোৱাৰ পিছদিনাই আন এটা গোচৰৰ তদন্তৰ বাবে তেওঁৰ বাসগৃহত উপস্থিত হ’ল চিআইডিৰ দল। নিৰ্বাচনী প্ৰচাৰত উচতনিমূলক মন্তব্য কৰাৰ অভিযোগত শুকুৰবাৰে এই নতুন গোচৰটোৰ সন্দৰ্ভত অভিষেক বেনাৰ্জীৰ কালীঘাটৰ বাসগৃহত চিআইডি উপস্থিত হয়।
অৱশ্যে চিআইডিৰ বিষয়াসকল যেতিয়া অভিষেকৰ ঘৰত উপস্থিত হৈছিল, তেতিয়া তেওঁ ঘৰত নাছিল। জানিব পৰা মতে, তেওঁ সেই সময়ত দলৰ সুপ্ৰিমো মমতা বেনাৰ্জীৰ বাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠকত ব্যস্ত আছিল। অভিষেক বেনাৰ্জী ঘূৰি নহালৈকে চিআইডিৰ বিষয়াসকলে তেওঁৰ ঘৰৰ সমুখতে অপেক্ষা কৰি থকা বুলি জানিব পৰা গৈছে।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অভিষেক বেনাৰ্জীক ভবানী ভৱনত প্ৰায় পাঁচ ঘণ্টা ধৰি জেৰা কৰা হৈছিল। জেৰা শেষ হোৱাৰ পিছত ভবানী ভৱনৰ পৰা ওলাই তৃণমূলৰ সাধাৰণ সম্পাদকজন পোনে পোনে মমতা বেনাৰ্জীৰ ঘৰলৈ ৰাওনা হয়।
সূত্ৰৰ খবৰ অনুসৰি, তাৰ পিছত মাজনিশা তাত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়। অৱশ্যে ভবানী ভৱনত অভিষেকক পাঁচ ঘণ্টা ধৰি কি কি প্ৰশ্ন সোধা হৈছিল বা তেওঁলোকৰ মাজত কি আলোচনা হৈছিল, সেই বিষয়ে এতিয়াও স্পষ্টকৈ একো জনা যোৱা নাই। ইফালে, সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা ১৪ তাৰিখে তেওঁক পুনৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।
বিধানসভাত চহী জাল কৰাৰ এটা গোচৰত বৃহস্পতিবাৰে অভিষেক বেনাৰ্জীয়ে চিআইডিৰ সমুখত হাজিৰ হ’বলগীয়া হৈছিল। যদিও এই গোচৰত গ্ৰেপ্তাৰৰ পৰা সুৰক্ষা বিচাৰি তেওঁ পূৰ্বেই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। বৃহস্পতিবাৰে ন্যায়াধীশ কৌশিক চন্দৰ আদালতত এই গোচৰৰ শুনানিৰ সময়ত চিআইডিয়ে স্পষ্টকৈ কয় যে অভিষেকক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছে। আদালতে অভিষেকক বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাৰ ভিতৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল, কিন্তু ইয়াৰ লগতে তেওঁক তিনি সপ্তাহৰ বাবে আইনী সুৰক্ষাও প্ৰদান কৰে। ইয়াৰ পিছতে চিআইডিয়ে আন এটা গোচৰৰ তদন্ত আৰম্ভ কৰে। বিধাননগৰ চাইবাৰ ক্ৰাইম থানাত অভিষেক বেনাৰ্জীৰ ডিজে বজোৱা সম্পৰ্কীয় এটা মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল আৰু এতিয়া চিআইডিয়ে সেই গোচৰটোৰে তদন্ত চলাইছে।





