• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2026 5:09 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে ৰাজ্যৰ আবকাৰী বিভাগত কেতবোৰ গুৰুত্বপূৰ্ণ সালসলনি কৰিছে। অসমৰ ৰাজ্যপালৰ অনুমোদন সাপেক্ষে আবকাৰী বিভাগে অসম আবকাৰী সংশোধনী নিয়মাৱলী ২০২৬ ঘোষণা কৰিছে। এই নতুন নিয়মৰ জৰিয়তে সুৰাৰ বিক্ৰী, সুৰা বিপণিৰ স্থান আৰু অনুজ্ঞাপত্ৰ বা বিক্ৰীৰ অধিকাৰ পত্ৰ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। চৰকাৰী জাননী প্ৰকাশ পোৱাৰ দিনাৰ পৰাই সমগ্ৰ ৰাজ্যত এই নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে।

নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা দেশীয় আৰু বিদেশী সুৰাৰ লগতে বিয়েৰৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতাসকলে চৰকাৰক এটা ন্যূনতম নিশ্চিত ৰাজহ আদায় দিব লাগিব। এই ৰাজহ গোটেই বছৰটোক চাৰিটা ভাগত ভগাই ক্ৰমে ২২, ২৫, ২৬ আৰু ২৭ শতাংশ হিচাপত সংগ্ৰহ কৰা হ’ব। নিৰ্ধাৰিত সময়ত ৰাজহ দিব নোৱাৰিলে দহ শতাংশ জৰিমনা আৰু পলম হ’লে প্ৰতি মাহে ডেৰ শতাংশ হাৰত অতিৰিক্ত সুদ ভৰিব লাগিব। আনহাতে দুখন সুৰাৰ দোকানৰ মাজত থাকিবলগীয়া দূৰত্বৰ নিয়মো কঠোৰ কৰা হৈছে। নতুন দোকান খোলা বা পুৰণি দোকান স্থানান্তৰ কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলাত দুখন দোকানৰ মাজৰ দূৰত্ব নূন্যতম পাঁচশ মিটাৰ হ’ব লাগিব। সেইদৰে অন্যান্য পৌৰ নিগম, পৌৰসভা আৰু নগৰ সমিতি অঞ্চলত এই দূৰত্ব এক কিলোমিটাৰ আৰু গ্ৰাম্য অঞ্চলত দুই কিলোমিটাৰ হোৱাটো বাধ্যতামূলক কৰা হৈছে।

Apply Now

সুৰাৰ বটলৰ জোখৰ ক্ষেত্ৰতো নতুন নিয়ম বান্ধি দিয়া হৈছে। খুচুৰা দোকানসমূহৰ বাবে কেৱল ছীল কৰা আৰু সাঁফৰ থকা ন্যূনতম এশ আশী মিলিমিটাৰ বা তাতকৈ ডাঙৰ বটলতহে সুৰা বিক্ৰী কৰাটো বাধ্যতামূলক কৰা হৈছে। পানশালা বা গ্ৰাহকক বহি খাবলৈ দিয়া দোকানসমূহৰ ক্ষেত্ৰত নূন্যতম সাতশ পঞ্চাশ মিলিমিটাৰৰ বটল ব্যৱহাৰ কৰিব লাগিব। গ্ৰাহকক সুৰা পৰিৱেশন কৰাৰ বাবে ব্যৱহাৰ কৰা এক নিৰ্দিষ্ট জোখৰ পৰিমাণ ষাঠি মিলিমিটাৰৰ সমান হ‘ব। ইয়াৰ উপৰিও সুৰাৰ দোকান স্থানান্তৰ কৰাৰ ক্ষেত্ৰত জিলা এখনৰ ভিতৰতে পৌৰ নিগমৰ বাহিৰত দোকান স্থানান্তৰ কৰিবলৈ আবকাৰী আয়ুক্তৰ পূৰ্ব অনুমোদন লৈ জিলা আয়ুক্তই অনুমতি দিব পাৰিব। পৌৰ নিগমৰ ভিতৰৰ এলেকাত স্থানান্তৰৰ বাবে ৰাজ্য চৰকাৰৰ অনুমতি লাগিব। এতিয়াৰে পৰা গাঁৱৰ পৰা চহৰলৈ সুৰাৰ দোকান নিব পৰা নাযাব যদিও চহৰৰ পৰা গাঁৱলৈ নিব পাৰিব। ঠিক সেইদৰে কামৰূপ মহানগৰ জিলাৰ পৰা অন্য জিলালৈ দোকান স্থানান্তৰ কৰিব পৰা যাব যদিও আন জিলাৰ পৰা কামৰূপ মহানগৰলৈ আনিব নোৱাৰিব। অনুজ্ঞাপত্ৰ পোৱাৰ তিনি বছৰৰ ভিতৰত কোনো আন্তঃজিলা স্থানান্তৰ কৰিব নোৱাৰিব।

অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহে পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা থলুৱা সুৰাৰ ব্যৱসায়িক সুৰক্ষাৰ বাবেও নিয়মাৱলী সংশোধন কৰা হৈছে। থলুৱা সুৰাৰ ক্ষুদ্ৰ উৎপাদন কেন্দ্ৰৰ সৰ্বোচ্চ উৎপাদন ক্ষমতা দৈনিক এহেজাৰ লিটাৰ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে থলুৱা সুৰাৰ বিভিন্ন অনুজ্ঞাপত্ৰৰ মাচুল পূৰ্বৰ পঁচিশ হাজাৰ টকাৰ পৰা পোন্ধৰ হাজাৰ টকালৈ আৰু পাঁচ হাজাৰ টকাৰ পৰা পাঁচশ টকালৈ হ্ৰাস কৰা হৈছে। নিয়মাৱলীত অসম নিৰ্মিত সুৰা নামৰ এটা নতুন শ্ৰেণী অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ শক্তি সোতৰ দশমিক এক দুই শতাংশ হ’ব। ইয়াৰ উৎপাদনৰ অনুজ্ঞাপত্ৰৰ আবেদন মাচুল এক লাখ টকা আৰু বিক্ৰী কেন্দ্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে পঞ্চাশ হাজাৰ টকা ধাৰ্য কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd