• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

ৰাষ্ট্ৰীয় গড় ১.১৯ শতাংশৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথম পাঁচ মাহত অসমত মুদ্ৰাস্ফীতিৰ হাৰ ২ শতাংশতকৈও অধিক বৃদ্ধি। অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ লগতে দেশৰ ভিতৰতে সৰ্বাধিক মুদ্ৰাস্ফীতিৰ সন্মুখীন হোৱা তিনিখন প্ৰধান ৰাজ্যৰ তালিকাত সোমাল অসম।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2026 5:38 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশজুৰি অভাৱনীয়ভাৱে দেখিবলৈ পোৱা মূল্যবৃদ্ধিৰ মাজতে এছ বি আই ৰিছাৰ্চৰ শেহতীয়া প্ৰতিবেদনে উদঙাইছে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ উদ্বেগজনক তথ্য। প্ৰতিবেদন অনুসৰি ২০২৬ চনৰ জানুৱাৰীৰ পৰা মে‘ মাহৰ ভিতৰত অসমত গ্ৰাহক মুদ্ৰাস্ফীতিৰ হাৰ ২ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ ফলত ভাৰতৰ প্ৰধান ৰাজ্যসমূহৰ ভিতৰতে অসমে আটাইতকৈ তীব্ৰ মুদ্ৰাস্ফীতিৰ সন্মুখীন হ‘বলগীয়া হৈছে।

উল্লেখ্য যে, এই একে সময়ছোৱাতে সমগ্ৰ দেশত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুদ্ৰাস্ফীতিৰ গড় বৃদ্ধি হৈছে ১.১৯ শতাংশ, যাৰ তুলনাত অসমত এই বৃদ্ধিৰ হাৰ যথেষ্ট বেছি।

Apply Now

প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি চলিত বৰ্ষত কেৱল অসম, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা— এই তিনিখন প্ৰধান ৰাজ্যত মুদ্ৰাস্ফীতিৰ এনে তীব্ৰ বৃদ্ধি দেখিবলৈ পোৱা গৈছে। দেশৰ বেছিভাগ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জানুৱাৰীৰ পৰা মে‘ মাহৰ ভিতৰত মুদ্ৰাস্ফীতিৰ হাৰ ২ৰ পৰা ৪ শতাংশৰ ভিতৰত সীমিত আছিল। দেশজুৰি ইন্ধনৰ মূল্যবৃদ্ধি আৰু ৰন্ধন গেছৰ সামান্য নাটনিৰ বাবে সামগ্ৰিকভাৱে উপভোক্তা মূল্য সূচকাংক ভিত্তিক মুদ্ৰাস্ফীতি এপ্ৰিল মাহৰ ৩.৪৮ শতাংশৰ পৰা বৃদ্ধি পাই মে‘ মাহত ৩.৯৩ শতাংশ স্পৰ্শ কৰিছে।

এছ বি আই ৰিছাৰ্চৰ তথ্যই দেশৰ বিভিন্ন অঞ্চলৰ মাজত থকা এই মুদ্ৰাস্ফীতিৰ তাৰতম্য স্পষ্টকৈ দাঙি ধৰিছে। দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ১২ৰ পৰা ১৪খন অঞ্চলত মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক বুলি চিহ্নিত হৈছে। কৰ্ণাটক, তামিলনাডু, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ দৰে কেইবাখনো গুৰুত্বপূৰ্ণ ৰাজ্যত এতিয়াও সৰ্বভাৰতীয় গড়তকৈ অধিক মুদ্ৰাস্ফীতি অব্যাহত আছে। আনহাতে ২০২৬ চনৰ জানুৱাৰী মাহৰে পৰা তেলেংগানা এই তালিকাত শীৰ্ষত আছে আৰু মে‘ মাহত ৰাজ্যখনত ইয়াৰ হাৰ আছিল ৬.১৫ শতাংশ। অতিৰিক্ত ইন্ধন কৰ, গ্ৰাম্য মজুৰি বৃদ্ধি আৰু আমদানি কৰা সতেজ সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতাই তেলেংগানাক আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে।

ৰাষ্ট্ৰীয় পৰ্যায়ত মে‘ মাহত মুদ্ৰাস্ফীতি বৃদ্ধিৰ মূল কাৰক আছিল ইন্ধন আৰু ৰন্ধন গেছ। এপ্ৰিল মাহৰ তুলনাত মে‘ মাহত পৰিবহণ খণ্ডৰ মুদ্ৰাস্ফীতি ১৭৬ বেছিছ পইণ্ট বৃদ্ধি পাই ১.৮ শতাংশ হৈছে। একেদৰে ৰন্ধন গেছৰ ওপৰত নিৰ্ভৰ কৰা ৰেষ্টুৰেণ্ট আৰু থকা-মেলা সেৱাৰ খণ্ডত মুদ্ৰাস্ফীতি ১৫৪ বেছিছ পইণ্ট বৃদ্ধি পাই ৫.৭ শতাংশ হৈছে। ইয়াৰ উপৰি ৰূপৰ অলংকাৰে মূল মুদ্ৰাস্ফীতিলৈ ৫৬ বেছিছ পইণ্ট আৰু সোণে ৩০ বেছিছ পইণ্ট অৰিহণা যোগাইছে। সোণ আৰু ৰূপৰ মূল্যৰ এনে মধ্যমীয়া বৃদ্ধিয়ে ব্যক্তিগত যত্ন বা পৰিচৰ্যাৰ সামগ্ৰীৰ শ্ৰেণীত প্ৰায় ৮০ বেছিছ পইণ্ট বৃদ্ধি আনিছে আৰু ৰন্ধন গেছৰ নাটনিৰ বাবে ৰন্ধা মাংস তথা জলপানৰ মূল্যও বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd