তেওঁৰ বয়স মাত্ৰ চৈধ্য বছৰ, কিন্তু প্ৰতিভা আৰু উদ্ভাৱনী শক্তিৰ ক্ষেত্ৰত তেওঁ ডাঙৰ ডাঙৰ অভিযন্তাৰ লগতো ফেৰ মাৰিব পাৰে। মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰই এখন ভঙা, পেলনীয়া চাইকেল আৰু এখন পুৰণি মটৰবাইকৰ ইঞ্জিন সংযুক্ত কৰি এখন সম্পূৰ্ণ চলন্ত মটৰবাইক নিৰ্মাণ কৰি সকলোকে আচৰিত কৰি তুলিছে। কাৰবীৰ তালুকৰ কেৰলী গাঁৱৰ বাসিন্দা এই শিশুবিজ্ঞানীৰ নাম হৈছে সমৰ্থ শিৱম পাটিল।
সমৰ্থৰ পিতৃ শিৱম পাটিলে গাঁওখনত গৰু-ম’হৰ খাদ্য আৰু কৃষিজাত সামগ্ৰী বিক্ৰী কৰা এখন সৰু দোকান চলাই আছে। সেই দোকানখনৰ লগতে থকা এটা ৱেল্ডিং মেচিন আৰু সৰু ৱৰ্কশ্বপেই আছিল সমৰ্থৰ গৱেষণাগাৰ। প্ৰথমতে মিনি ট্ৰেক্টৰ বা চাৰিচকীয়া বাহন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল যদিও শেষত নিজৰ বুদ্ধিমত্তাৰে সম্পূৰ্ণ মটৰ চাইকেল এখন নিৰ্মাণ কৰিছিল।
এই বাইকখন নিৰ্মাণ কৰিবলৈ সমৰ্থে স্ক্ৰেপ মাৰ্কেটৰ পৰা মাত্ৰ ৩ হাজাৰ টকাত স্ক্ৰেপড মটৰবাইকৰ ইঞ্জিন আৰু গিয়াৰবক্স ক্ৰয় কৰিছিল। তাৰ পিছত পুৰণি চাইকেল দুখন, এটা গেৰেজৰ পৰা অনা চাইকেলৰ চেইন, পুৰণি এম-৮০ মপেড ক্লাচ, হিৰো স্প্লেণ্ডাৰৰ বাইক ষ্টেণ্ড আৰু ওৱেৰিং ব্যৱহাৰ কৰি এই বাইকখনৰ ফ্ৰেম নিৰ্মাণ কৰে।
কেৱল সেয়াই নহয়, বাইকৰ ইন্ধন টেংক বা তেলৰ টেংক হিচাপে তেওঁ পূৰ্বৰ এটা পৰীক্ষাৰ পেলাই দিয়া অংশ ব্যৱহাৰ কৰি আৰু পুৰণি প্লাষ্টিকৰ বাকচ আৰু পিভিচি পাইপ ব্যৱহাৰ কৰি বাইকৰ এয়াৰ ফিল্টাৰ ব্যৱস্থা নিৰ্মাণ কৰে। বাইকখন ষ্টাৰ্ট কৰিবলৈ তেওঁ ইয়ামাহা গাড়ীৰ চাবি আৰু চকা হিচাপে এখন পুৰণি চাইকেলৰ চকাই ব্যৱহাৰ কৰিছিল।
এই গোটেই কামটোত সমৰ্থৰ আটাইতকৈ ডাঙৰ সহায় আছিল ইউটিউব টিউটৰিয়েল আৰু বিভিন্ন কৃত্ৰিম বুদ্ধিমত্তা (AI) বা AI সঁজুলিৰ অভিযান্ত্ৰিক কৌশল। সমৰ্থৰ দেউতাকে কয় যে সৰুৰে পৰাই সমৰ্থৰ মেচিনৰ প্ৰতি বৰ ৰাপ আছে। তেওঁ সদায় কিবা নহয় কিবা এটা গঢ়িবলৈ চেষ্টা কৰে আৰু তেওঁৰ পৰিয়ালে সদায় তেওঁক উৎসাহ আৰু প্ৰয়োজনীয় সামগ্ৰীৰে সহায় কৰে।
কোনো আনুষ্ঠানিক ডিগ্ৰী অবিহনে কেৱল নিজৰ ইচ্ছা আৰু প্ৰযুক্তিৰ সহায়ত পেলনীয়া সামগ্ৰীৰ পৰা নিৰ্মিত সমৰ্থৰ মোবাইল বাইকখনক লৈ এতিয়া নেটজগতত প্ৰশংসাৰ জোৱাৰ।





