• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

যদিও তেওঁলোকে নেদাৰলেণ্ডৰ আক্ৰমণ চম্ভালিবলৈ ডিফেন্সত অতিৰিক্ত ফুটবলাৰক নমাইছিল, জাপানে বল ঘূৰাই পোৱাৰ লগে লগে বিজুলীৰ গতিৰে প্ৰত্যাক্ৰমণ কৰিছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2026 10:26 am
115
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমখন খেলত দক্ষিণ কোৰিয়াই জয়লাভ কৰিছিল। কাটাৰে ড্ৰ’ কৰিলে। আন এখন এছিয়াৰ দেশ জাপানে প্ৰথমখন মেচত পিছ পৰিও দুৰ্দান্ত প্ৰত্যাৱৰ্তনেৰে চমক দেখুৱালে। জাপানে নেদাৰলেণ্ডৰ বিৰুদ্ধে ২-২ গ’লত খেলখন সমাপ্ত কৰে।

দুবাৰকৈ পিছ পৰিও উভতি আহি জাপানে দেখুৱাই দিলে যে এছিয়াৰ দেশসমূহ ইউৰোপীয় দলতকৈ কোনোগুণে কম নহয়। ঠিক যেতিয়া সকলোৱে ভাবিছিল যে জাপান আৰু ঘূৰি আহিব নোৱাৰে, তেতিয়াই তেওঁলোকে উত্তৰ দিলে। আৰু জাপানৰ প্ৰত্যাঘাতত ধৰাশায়ী হৈছিল ডাচসকল। ৮৯ মিনিটত কামাডাৰ গ’লে ডাচৰ সকলো আশা চূৰ্ণ কৰি পেলালে। জাপানে নেদাৰলেণ্ডৰ পৰা কাঢ়ি ল’লে পইণ্ট।

Apply Now

প্ৰথমাৰ্ধ গ’লবিহীন আছিল যদিও বিৰতিৰ পিছত মেচখনে উত্তাপ লাভ কৰে। দ্বিতীয়াৰ্ধত খেলখনৰ চাৰিওটা গ’ল হয়। ৫১ মিনিটত ডাচ অধিনায়ক ভাৰ্জিল ভান ডাইকৰ গ’লেৰে নেদাৰলেণ্ডে অগ্ৰগতি লাভ কৰে। অৱশ্যে জাপানৰ কেইটো নাকামুৰাই মাত্ৰ ছয় মিনিটতে সেই গ’লটো শোধ কৰি সমতা স্থাপন কৰে। ৬৪ মিনিটত ক্ৰেচেন্সিও ছমাৰভিলেৰ গ’লেৰে ডাচ দলটোৱে পুনৰ অগ্ৰগতি লাভ কৰে। কিন্তু শেষ পৰ্যন্ত জাপানে হাৰ নামানিল। ৮৯ মিনিটত দৈচি কামাডাৰ গ’লে এছিয়ান দলটোক পুনৰ সমতালৈ আনে। ফলত জাপানে ৰোমাঞ্চকৰ খেলৰ অন্তত এটা পইণ্ট লৈ খেলপথাৰ এৰে।

প্ৰথমাৰ্ধত দুয়োটা দলে আক্ৰমণাত্মক ফুটবল খেলিছিল যদিও কোনো গ’ল হোৱা নাছিল। ৩৪ মিনিটত জাপানৰ গ’লৰক্ষক জিঅ’ন চুজুকিয়ে কৰ্ণাৰত মালেনৰ হেডাৰটো অতি দক্ষতাৰে ৰক্ষা কৰে। তেওঁৰ কেইবাটাও উৎকৃষ্ট ছেভে বিৰতিৰ সময়ত স্ক’ৰলাইন ০-০ত ৰাখিছিল।

দ্বিতীয়াৰ্ধত মেচখনৰ ছবি সলনি হ’ল। ৫১ মিনিটত ভেন ডাইকে ৰাইট উইংৰ ক্ৰছৰ পৰা এটা ডাঙৰ হেডাৰেৰে নেদাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। তেওঁ যেতিয়া হেড কৰে কোনেও তেওঁক লক্ষ্য কৰা নাছিল। ডাচ অধিনায়কগৰাকীয়ে কোনো বাধা নোহোৱাকৈ গ’লটো হেড কৰিছিল।

অৱশ্যে পিছ পৰি থকাৰ মাত্ৰ ছয় মিনিটৰ পিছতে জাপানে প্ৰত্যুত্তৰ দিয়ে। ৫৭ মিনিটত বাওঁফালৰ পৰা গঢ়ি উঠা দৰ্শনীয় আক্ৰমণৰ পৰা গ’ল দি কেইট’ নাকামুৰাই খেলখনত সমতা স্থাপন কৰে।

৬৪ মিনিটত নেদাৰলেণ্ডে পুনৰ গ’ল দিয়ে। কমলা ৰঙৰ জাৰ্চি পৰিহিত নেদাৰলেণ্ডৰ ক্ৰেচেন্সিঅ’ ছমাৰভিলৰ গ’লৰ জৰিয়তে দলটোৱে ২-১ গ’লত অগ্ৰগতি লাভ কৰে। কিন্তু জাপানে যুঁজ এৰি দিয়া নাছিল। ৮৯ মিনিটত কামাডাই গ’ল দি ২-২ গ’লত সমতা আনে। ইয়াৰ পিছত আৰু কোনো পক্ষই পুনৰ গ’ল দিব নোৱাৰিলে।

জাপানে সৰু সৰু পাছেৰে আক্ৰমণৰ জাল ৰচিছিল। যদিও তেওঁলোকে নেদাৰলেণ্ডৰ আক্ৰমণ চম্ভালিবলৈ ডিফেন্সত অতিৰিক্ত ফুটবলাৰক নমাইছিল, জাপানে বল ঘূৰাই পোৱাৰ লগে লগে বিজুলীৰ গতিৰে প্ৰত্যাক্ৰমণ কৰিছিল। সেই গতিৰ লগত আছিল নিখুঁত পাছ আৰু আক্ৰমণৰ চোক।

শেষত সেই অবিৰত হেঁচাই ফল দিলে। দুবাৰ পিছ পৰি থকাৰ পিছতো জাপানে হাৰ নামানিলে, বৰঞ্চ ইউৰোপৰ অন্যতম শক্তিশালী দলৰ বিৰুদ্ধে যুঁজ দি এটা পইণ্ট কাঢ়ি লৈ ​​এছিয়ান ফুটবলৰ শক্তি প্ৰমাণ কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd