‘নীট‘ (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা ব্যৱস্থাৰ শেহতীয়া বিসংগতিৰ বিৰুদ্ধে সোমবাৰে জয়পুৰত সাব্যস্ত কৰা এক প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ‘ককৰোচ জনতা পাৰ্টী‘ৰ (CJP) উদ্যোগত জয়পুৰৰ ছহিদ স্মাৰকত অনুষ্ঠিত এই প্ৰতিবাদৰ সময়ত সংগঠনটোৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক দুজন লোকে ৰাজহুৱাভাৱে প্ৰহাৰ কৰে। অহিংস আন্দোলনৰ পোষকতা কৰি অহা নেতাগৰাকীৰ ওপৰত হোৱা এই অপ্ৰত্যাশিত আক্ৰমণৰ পাছতে সমগ্ৰ অঞ্চলটোত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় আৰু আৰক্ষীয়ে তাৎক্ষণিকভাৱে ৬ জন লোকক আটক কৰে।
প্ৰথমে এক ব্যংগাত্মক ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰা ‘ককৰোচ জনতা পাৰ্টী‘য়ে শেহতীয়াকৈ নিবনুৱা সমস্যা আৰু শিক্ষা ব্যৱস্থাত হোৱা বিসংগতিৰ বিৰুদ্ধে মাত মাতি আহিছে। প্ৰকাশিত এক ভিডিঅ‘ ফুটেজ অনুসৰি, সোমবাৰৰ প্ৰতিবাদৰ সময়ত সমৰ্থকসকলে ডিপকেক কান্ধত তুলি লৈ গৈ থকা অৱস্থাত এজন লোকে তেওঁৰ ডিঙিত মেৰিয়াই থোৱা কাপোৰখনত ধৰি তললৈ টানি আনে। লগে লগে সেই লোকজন আৰু আন এজন লোকে মিলি প্ৰতিষ্ঠাপকগৰাকীক কেইবাটাও চৰ সোধায়। অৱশ্যে, লগে লগে ডিপকেৰ সমৰ্থকসকলে আক্ৰমণকাৰী দুজনক আঁতৰাই নিয়ে আৰু ওলোটাই প্ৰহাৰ কৰা পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে, যোৱা ৬ জুনত দিল্লীত অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে ঘোষণা কৰিছিল যে যদিহে এসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে, তেন্তে সমগ্ৰ দেশজুৰি এনে ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা হ‘ব। সোমবাৰৰ এই কাৰ্যসূচীৰ বাবে দেওবাৰে নিশালৈকে আৰক্ষীৰ ফালৰ পৰা আনুষ্ঠানিক অনুমতি লাভ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত সৰ্বাধিক ৮০০ জন লোকৰ অংশগ্ৰহণৰ চৰ্তত প্ৰতিবাদৰ অনুমতি প্ৰদান কৰা হৈছিল।
ঘটনাৰ পাছতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু ৬ জন লোকক আটক কৰি বিধায়কপুৰী আৰক্ষী থানালৈ লৈ যায়। বৰ্তমান তেওঁলোকক সোধাপোছা কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে যে আক্ৰমণকাৰীসকলৰ পৰিচয় আৰু আক্ৰমণৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই। তেওঁলোকৰ নাম, ঠিকনা আৰু অন্যান্য সবিশেষ তথ্য লিপিবদ্ধ কৰা হৈছে আৰু সমগ্ৰ ঘটনাৱলীৰ এক বিতং তদন্ত আৰম্ভ কৰা হৈছে।
এই শাৰীৰিক আক্ৰমণৰ সন্মুখীন হোৱাৰ পাছতো নিজৰ অহিংস স্থিতিত অটল থকাৰ কথা প্ৰকাশ কৰিছে অভিজিৎ ডিপকেয়ে। ছ‘চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স‘ত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে শাৰীৰিক আক্ৰমণ হৈছে ভয় আৰু কাপুৰুষালিৰ লক্ষণ আৰু তেওঁলোকে শান্তিপূৰ্ণভাৱে নিজৰ মাত মাতি যাব। নিজকে গান্ধী আৰু আম্বেদকাৰৰ অনুগামী বুলি উল্লেখ কৰি তেওঁ শান্তপূৰ্ণভাৱে এই যুঁজখন চলাই যোৱাৰ সংকল্প লয়। লগতে, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীটো তেওঁ পুনৰবাৰ দোহাৰে।





