উৰণৰ কিছু সময়ৰ পিছতে ভাঙি পৰিল আমেৰিকাৰ এখন শক্তিশালী বি-৫২ বোমাৰু বিমান। আমেৰিকাৰ বায়ুসেনাই নিশ্চিত কৰিছে যে কেলিফৰ্ণিয়াৰ এডৱাৰ্ডছ বায়ুসেনা ঘাটিত এই ভয়ানক দুৰ্ঘটনাত বিমানখনত থকা আঠজন লোকৰেই মৃত্যু হৈছে।
সোমবাৰে লছ এঞ্জেলছৰ পৰা প্ৰায় ৯৫ কিলোমিটাৰ উত্তৰত অৱস্থিত মোহাভি মৰুভূমিত অৱস্থিত এই গুৰুত্বপূৰ্ণ আমেৰিকাৰ সামৰিক ঘাটিত সংঘটিত হয় এই দুৰ্ঘটনা। বায়ুসেনাৰ এক বিবৃতি অনুসৰি পুৱা প্ৰায় ১১:২০ বজাত ৰুটিন পৰীক্ষামূলক উৰণৰ ঠিক পিছতেই ৰাণৱেত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।
দুৰ্ঘটনাস্থলীৰ যি ড্ৰ’ন ফুটেজ ৰাজহুৱা কৰা হৈছে তাত দেখা গৈছে যে বিশাল বোমাৰু বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু জৰুৰীকালীন উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ চাৰিওফালে কাম কৰি আছে।
সংবাদমেলত আমেৰিকাৰ বায়ুসেনাৰ কৰ্ণেল জেমছ হেইছে কয় যে ধ্বংসাৱশেষৰ ফুটেজ পৰ্যালোচনা কৰাৰ পিছত স্পষ্ট হৈ পৰিছএ যে দুৰ্ঘটনাটো ইমানেই ভয়াৱহ যে কোনো লোক ৰক্ষা পোৱাৰ কোনো সম্ভাৱনা নাই। মৃত ৮ জনৰ মাজত চৰকাৰী অসামৰিক নাগৰিক, ঠিকাভিত্তিক কৰ্মী আৰু সামৰিক বাহিনীৰ সদস্যও আছিল।
জানিব পৰা মতে, ৰাডাৰ আধুনিকীকৰণ কাৰ্যসূচীৰ অংশ হিচাপে এই পৰীক্ষামূলক বিমানখন চলোৱা হৈছিল। কিন্তু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, আৰু তদন্ত অব্যাহত আছে।
ইফালে, এডৱাৰ্ডছ বায়ুসেনা ঘাটিৰ ৰাণৱেৰ ব্যাপক ক্ষতিৰ বাবে মঙলবাৰলৈকে সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। বিমানযোগে অহা সকলো বিমানক অন্য ঘাটিলৈ ডাইভাৰ্ট কৰা হৈছে। ইয়াৰ উপৰিও ঘাটিটোলৈ অহা সাধাৰণ দৰ্শনাৰ্থীসকলকো অনিৰ্দিষ্টকাললৈ নিষিদ্ধ কৰা হৈছে যাতে জৰুৰীকালীন উদ্ধাৰ অভিযান আৰু অন্যান্য ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।
বয়িং কোম্পানীয়ে নিৰ্মাণ কৰা আৰু ৮টা ইঞ্জিনযুক্ত বি-৫২ ষ্ট্ৰেট’ফ’ৰ্ট্ৰেছ আমেৰিকাৰ বায়ুসেনাৰ অন্যতম প্ৰধান অস্ত্ৰ। ১৯৫৪ চনত শীতল যুদ্ধৰ সময়ত ছোভিয়েট ইউনিয়নৰ সৈতে মুখামুখি হ’বলৈ ই প্ৰথম উৰা মাৰিছিল। যদিও পুৰণি, তথাপিও ইয়াক নিৰন্তৰ আধুনিকীকৰণ কৰা হৈছে আৰু এতিয়াও ই আমেৰিকাৰ বহৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ।
১৮৫ ফুট ডেউকাৰ দৈৰ্ঘ্যৰ এই বিশাল বিমানখনে গতানুগতিক আৰু পাৰমাণৱিক অস্ত্ৰ দুয়োটাকে কঢ়িয়াই নিব পৰাকৈ সক্ষম। ৮,৮০০ মাইল পৰ্যন্ত দূৰত্বত আঘাত কৰিব পৰা এই বোমাৰু বিমানখনে ৫০,০০০ ফুট উচ্চতাৰ পৰা ক্ৰুজ মিছাইল, প্ৰিচিচন গাইডেড মিছাইল আৰু পাৰমাণৱিক বোমা সঠিকভাৱে নিক্ষেপ কৰিব পাৰে। ভিয়েটনাম যুদ্ধৰ পৰা উপসাগৰীয় যুদ্ধ, ইৰাক, আফগানিস্তান আৰু শেহতীয়াকৈ ইৰাণৰ বিৰুদ্ধে অভিযানত এই শক্তিশালী বোমাৰু বিমানখনক আমেৰিকাই ব্যৱহাৰ কৰিছে।





