হাজোৰ ৰামদিয়াত ধন দাবী আৰু হত্যাৰ ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগত এজন স্থানীয় বিজেপি নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা বিতৰ্কিত বিজেপি নেতাগৰাকীৰ নাম ৰকিবুল হুছেইন ওৰফে ৰকি বুলি জানিব পৰা গৈছে। এই একেটা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ এজন সহযোগীকো আৰক্ষীয়ে আটক কৰিছে। এই ঘটনাই সমগ্ৰ হাজো অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে এজন ব্যক্তিক ধন দাবী কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ পাছতে ভুক্তভোগী লোকে ৰামদিয়া আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰে আৰু যোৱা নিশা এক অভিযান চলাই ৰকিবুল হুছেইন আৰু তেওঁৰ সহযোগীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীয়ে দুয়োকে জেৰা অব্যাহত ৰাখিছে।
আনহাতে এই একেধৰণৰ ধন দাবী আৰু ভাবুকি প্ৰদানৰ অভিযোগতে ৰামদিয়া আৰক্ষীয়ে আব্দুল ৰহিম নামৰ এজন শিক্ষককো গ্ৰেপ্তাৰ কৰিছে। শিক্ষকগৰাকীৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ উত্থাপন হোৱাৰ পাছতে আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। এজন ৰাজনৈতিক নেতা আৰু এগৰাকী শিক্ষক এনেদৰে আইনৰ জালত পৰা কাৰ্যই স্থানীয় ৰাইজৰ মাজত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।





