বিয়াখন মাত্ৰ ডেৰ মাহ হৈছিল, গণি গণি সাতাল্লিশ দিন। ইয়াৰ মাজতেএগৰাকী নৱবিবাহিত মহিলাৰ ৰহস্যজনক মৃত্যুৱে মহাৰাষ্ট্ৰৰ অম্বাৰনাথ অঞ্চলত আলোড়নৰ সৃষ্টি কৰিছে। ২৬ বছৰীয়া মহিলাগৰাকীৰ ওলমি থকা মৃতদেহ শহুৰেকৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে। পিতৃৰ পৰিয়ালৰ অভিযোগ যে বিবাহৰ পিছৰে পৰা অতিৰিক্ত যৌতুক দাবীত ছোৱালীজনীক চৰম শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰা হৈছিল।
মডেল অভিনেত্ৰী তিশা শৰ্মাৰ মৃত্যুৰ ঘটনা আজিও সমগ্ৰ দেশতে চৰ্চিত হৈ আছে, তাৰ মাজতে যৌতুক দাবীক কেন্দ্ৰ কৰি ইটোৰ পিছত সিটো ঘটনা সংঘটিত হৈছে। প্ৰসংগক্ৰমে তিশাৰ শাহুৱেক এগৰাকী প্ৰাক্তন ন্যায়াধীশ আৰু স্বামী এজন উকীল। আৰু এই মহিলাগৰাকীৰ স্বামী পেছাত ডাক্তৰ।
কেৱল সেয়াই নহয়, তেওঁৰ ডাক্তৰ স্বামীয়ে ঘৰৰ ভিতৰত আৰু বাহিৰত চিচিটিভি কেমেৰা লগাই পত্নীৰ প্ৰতিটো মুহূৰ্তৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল! এই চৰম নিৰ্যাতন আৰু শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ চাপ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল বুলি অভিযোগ উঠিছে।
ইতিমধ্যে এই ঘটনাত মৃতকৰ স্বামী ডাঃ নীতিন তিলকৰ, শাহুৱেক আৰু ভায়েকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মৃত কন্যাৰ নাম বিশাখা তিলকৰ। ৩০ এপ্ৰিলত বিশাখাই পেছাত ডাক্তৰ নীতিনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।
বিশাখাৰ পৰিয়ালে জনাইছে যে বিবাহ পৰ্যন্ত দুয়োটা পৰিয়ালৰ সম্পৰ্ক অতি মধুৰ আৰু স্বাভাৱিক আছিল। কিন্তু বিয়াৰ পিছত যেতিয়া বিশাখাই শহুৰেকৰ ঘৰত ভৰি দিলে পৰিস্থিতিৰ আমূল পৰিৱৰ্তন ঘটিল। আৰম্ভণিৰে পৰাই তেওঁৰ স্বামী আৰু শহুৰেকে বিয়াৰ সময়ত দিয়া উপহাৰ আৰু অন্যান্য লেনদেনৰ সামগ্ৰীৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিবলৈ ধৰিলে।
অভিযোগ অনুসৰি বিশাখাক পিতৃৰ ঘৰৰ পৰা অধিক সোণ আৰু নগদ ধন আনিবলৈ অহৰহ হেঁচা প্ৰয়োগ কৰা হৈছিল। তেওঁ সেই দাবী পূৰণ কৰিব নোৱাৰিলে তেন্তে চৰম মানসিক হাৰাশাস্তি আৰু ভাবুকি ব্যৱহাৰ কৰা হৈছিল।
অত্যাচাৰ ইয়াতেই শেষ নহ’ল, বিশাখাৰ স্বামী ডাঃ নীতিনে তেওঁৰ স্বাধীনতা সম্পূৰ্ণৰূপে দমন কৰি ৰাখিছিল। বিশাখাৰ পিতৃৰ ঘৰৰ লোকে দাবী কৰে যে বিশাখাই গোটেই দিনটো ঘৰত কি কৰি আছে আৰু কাৰ লগত কথা পাতিছে তাৰ ওপৰত চকু ৰাখিবলৈ নীতিনে ঘৰৰ ভিতৰত আৰু বাহিৰত একাধিক চিচিটিভি কেমেৰা লগাইছিল। তেওঁ বিশাখাৰ সকলো গতিবিধি মোবাইল এপৰ জৰিয়তে দূৰৈৰ পৰা নিৰীক্ষণ কৰি থাকে।
যদি বিশাখাক ওচৰ-চুবুৰীয়াৰ লগত বা আন কাৰোবাৰ লগত কথা পাতি থকা দেখা পালেই ডাঙৰ অশান্তিৰ সৃষ্টি হয়৷ কিয় কথা ক’লে তাৰ ব্যাখ্যা দাবী কৰাৰ উপৰিও তেওঁক ক’ব নোৱাৰাকৈয়ে মাৰপিট কৰা হ’ব। আৰক্ষীয়ে জানিব পাৰিছে যে মৃত্যুৰ মাত্ৰ দুদিন পূৰ্বে বিশাখাক চুবুৰীয়াৰ লগত কথা পতাৰ বাবে স্বামী আৰু শহুৰেকে নৃশংসভাৱে প্ৰহাৰ কৰিছিল।
মঙলবাৰে বিশাখাৰ ওলমি থকা মৃতদেহটো হঠাতে তেওঁৰ শহুৰেকৰ ঘৰৰ তলাবন্ধ কোঠাত উদ্ধাৰ হয়। এই খবৰ পোৱাৰ লগে লগে শিৱজিনগৰ থানাৰ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে, ঘৰটোত কেইবাটাও চিচিটিভি কেমেৰা উদ্ধাৰ হোৱাৰ লগতে প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে স্বামীয়ে সঁচাকৈয়ে নিজৰ পত্নীক এইদৰে নিৰীক্ষণ কৰি আছিল।
বিশাখাৰ পৰিয়ালৰ লিখিত অভিযোগৰ ভিত্তিত তেওঁৰ স্বামী ডাঃ নীতিন তিলকৰ, শাহুৱেক ছায়া তিলকৰ আৰু ভায়েক নিনাদ তিলকৰৰ বিৰুদ্ধে দণ্ডবিধিৰ কেইবাটাও ধাৰাত আত্মহত্যাত প্ৰৰোচনা আৰু যৌতুকৰ দাবীত হাৰাশাস্তিকে ধৰি গোচৰ ৰুজু কৰা হৈছে। বুধবাৰে আৰক্ষীয়ে তিনিওজনক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, ঘৰটোৰ সকলো ডিজিটেল সঁজুলি আৰু চিচিটিভি ফুটেজ পৰীক্ষা কৰি প্ৰমাণ সংগ্ৰহ কৰি আছে। ঘটনাৰ আঁৰত আন কিবা ৰহস্য আছে নেকি সেই বিষয়েও তদন্ত চলি আছে।





