• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জলবায়ু পৰিৱৰ্তনৰ ভাবুকি: প্ৰচণ্ড গৰমে বিপদত পেলাব পাৰে ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰত

এক্স ডি আই চমুকৈ ক্ৰছ ডিপেণ্ডেন্সি ইনিচিয়েটিভৰ শেহতীয়া প্ৰতিবেদনত বিশ্বৰ ২,৫৯৫টা প্ৰস্তাৱিত ডেটা চেণ্টাৰৰ মূল্যায়ন; জলবায়ুৰ বিপদাশংকাত ভাৰতৰ স্থান গোলকীয়ভাৱে একাদশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2026 9:30 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃত্ৰিম বুদ্ধিমত্তা (এ আই), ক্লাউড কম্পিউটিং আৰু ডিজিটেল আন্তঃগাঁথনিৰ বিকাশৰ বাবে কেইবা বিলিয়ন ডলাৰৰ বিনিয়োগ আকৰ্ষণ কৰিবলৈ ভাৰতে তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ সময়তে এক গোলকীয় প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। জলবায়ুৰ বিপদাশংকাৰ পৰামৰ্শদাতা সংস্থা ‘এক্স ডি আই’ চমুকৈ ক্ৰছ ডিপেণ্ডেন্সি ইনিচিয়েটিভে প্ৰকাশ কৰা অনুসৰি, চৰম উষ্ণতা আৰু প্ৰতিকূল বতৰৰ ফলত ভাৰতৰ নৱপ্ৰজন্মৰ ডেটা চেণ্টাৰসমূহে গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। গোলকীয় পৰ্যায়ত হোৱা এই অধ্যয়নত জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা ভৌতিক বিপদাশংকাৰ তালিকাত ভাৰতৰ প্ৰস্তাৱিত ডেটা চেণ্টাৰসমূহে বিশ্বৰ ভিতৰতে একাদশ স্থান লাভ কৰিছে।

বুধবাৰে প্ৰকাশিত “২০২৬ গ্ল’বেল এনালাইছিছ অৱ প্লেনড ডেটা চেণ্টাৰ্ছ ফৰ ফিজিকেল ক্লাইমেট ৰিস্ক এণ্ড ৰিজিলিয়েন্স” শীৰ্ষক প্ৰতিবেদনখনত বিশ্বজুৰি ২,৫৯৫ টা প্ৰস্তাৱিত ডেটা চেণ্টাৰৰ নিৰ্মাণ আৰু ইয়াৰ প্ৰত্যক্ষ জলবায়ুজনিত ক্ষতিৰ মূল্যায়ন কৰা হৈছে। প্ৰতিবেদনখনৰ মতে, ডেটা চেণ্টাৰসমূহৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শক্তি আৰু পানীৰ ব্যৱহাৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হয় যদিও চৰম উষ্ণতাৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি আৰু পৰিচালনাজনিত ব্যাঘাত বৰ্তমান এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এই অধ্যয়নত পোহৰলৈ আহিছে যে চৰম উষ্ণতাৰ ফলত পৰিচালনাজনিত ব্যাঘাতৰ সন্মুখীন হ’বলগীয়া বিশ্বৰ শীৰ্ষ ৩০ টা উপ-ৰাষ্ট্ৰীয় অঞ্চলৰ ভিতৰত ভাৰতৰ প্ৰধান প্ৰযুক্তি আৰু বিনিয়োগৰ কেন্দ্ৰ হিচাপে পৰিচিত তামিলনাডু, তেলেংগানা আৰু কৰ্ণাটক অন্তৰ্ভুক্ত হৈ আছে।

Apply Now

এক্স ডি আইৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মুৰব্বী তথা প্ৰতিষ্ঠাপক ড° কাৰ্ল মেলনে এই সন্দৰ্ভত কয় যে, ডেটা চেণ্টাৰৰ বিতৰ্ক মূলতঃ শক্তি আৰু পানীৰ ব্যৱহাৰতেই আৱদ্ধ থাকে, কিন্তু ভৌতিক জলবায়ুৰ বিপদাশংকা ক্ৰমান্বয়ে এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। তেওঁ লগতে কয় যে পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনি ক’ত নিৰ্মাণ হ’ব সেয়াই এতিয়া একমাত্ৰ প্ৰশ্ন নহয়, বৰঞ্চ এই আন্তঃগাঁথনিসমূহে নিৰ্ধাৰিত সময়লৈকে কাৰ্যক্ষম, বীমাযোগ্য আৰু অৰ্থনৈতিকভাৱে সুস্থিৰ হৈ থাকিব পাৰিবনে নাই, সেয়াহে মূল প্ৰশ্ন। প্ৰতিবেদনখনত দক্ষিণ এছিয়া, দক্ষিণ-পূব এছিয়া আৰু পূব এছিয়াত প্ৰস্তাৱিত ডেটা চেণ্টাৰসমূহত সৰ্বাধিক জলবায়ুৰ বিপদাশংকা থকাৰ কথা উল্লেখ কৰা হৈছে। দক্ষিণ এছিয়াৰ ১২ শতাংশ প্ৰস্তাৱিত প্ৰকল্পক ইতিমধ্যে উচ্চ বিপদাশংকাৰ শ্ৰেণীত ৰখা হৈছে, যিটো শতিকাটোৰ শেষলৈকে তিনিগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ভাৰতৰ লগতে ব্ৰাজিল, মেক্সিকো, ইণ্ডোনেছিয়া আৰু স্পেইনৰ দৰে দেশসমূহত চৰম উষ্ণতাৰ বাবে ডেটা চেণ্টাৰ পৰিচালনাত ব্যাপক ব্যাঘাত জন্মিব পাৰে বুলি সতৰ্ক কৰি দিয়া হৈছে। প্ৰতিবেদন অনুসৰি, এই দেশসমূহৰ ৭৫ শতাংশতকৈ অধিক প্ৰস্তাৱিত প্ৰকল্প উচ্চ বিপদাশংকাৰ শ্ৰেণীত আছে। চৰম উষ্ণতাই কেৱল যন্ত্ৰপাতিৰ কাৰ্যক্ষমতা হ্ৰাস কৰাই নহয়, বৰঞ্চ শীতলীকৰণৰ ব্যয় বৃদ্ধি, বিদ্যুৎ যোগানত হেঁচা আৰু সেৱা ব্যাহত হোৱাৰ আশংকাও বৃদ্ধি কৰে। ইয়াৰ উপৰি, বিদ্যুৎ গ্ৰিড, টেলিকম, যাতায়াত আৰু পানী যোগানৰ দৰে বাহ্যিক আন্তঃগাঁথনিৰ বিফলতাই প্ৰত্যক্ষ ভৌতিক ক্ষতিৰ তুলনাত দহগুণ অধিক উৎপাদনশীলতা হ্ৰাস কৰিব পাৰে। চুইছ ৰিৰ এক হিচাপ অনুসৰি, সমগ্ৰ বিশ্বতে চলি থকা এ আই আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ মাজতে ডেটা চেণ্টাৰৰ সৈতে জড়িত গোলকীয় বীমা প্ৰিমিয়াম বৰ্তমানৰ ১০.৬ বিলিয়ন ডলাৰৰ পৰা ২০৩০ চনলৈ ২৪.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব পাৰে।

প্ৰতিবেদনখনত স্পষ্টভাৱে উল্লেখ কৰিছে যে ভৱিষ্যতৰ এই বিপদাশংকা অপৰিৱৰ্তনীয় নহয়। ড° মেলনে উল্লেখ কৰা অনুসৰি, বৰ্তমানৰ আন্তঃগাঁথনিৰ বিপৰীতে প্ৰস্তাৱিত ডেটা চেণ্টাৰসমূহে উপযুক্ত পৰিকল্পনাৰ জৰিয়তে এই ক্ষতি ৰোধ কৰাৰ এক সুযোগ প্ৰদান কৰে। স্থান নিৰ্বাচন, অভিযান্ত্ৰিক মানদণ্ড আৰু স্থিতিস্থাপকতাৰ বিনিয়োগৰ সন্দৰ্ভত বৰ্তমান গ্ৰহণ কৰা সিদ্ধান্তই ভৱিষ্যতৰ কাৰ্যক্ষমতা আৰু বীমাযোগ্যতাত যথেষ্ট প্ৰভাৱ পেলাব। যি সময়ত ভাৰতৰ ৰাজ্যসমূহে ডেটা চেণ্টাৰ আৰু এ আই উদ্যোগৰ বিনিয়োগ আকৰ্ষণ কৰিবলৈ তীব্ৰ প্ৰতিযোগিতাত নামিছে, তেনে সময়ত ডিজিটেল অৰ্থনীতিক আগুৱাই নিব পৰাকৈ আন্তঃগাঁথনিসমূহক কেৱল চাহিদা পূৰণৰ বাবেই নহয়, বৰঞ্চ ভৱিষ্যতৰ উষ্ণ আৰু প্ৰতিকূল জলবায়ুৰ সৈতে মোকাবিলা কৰিব পৰাকৈ গঢ়ি তোলাটোৱেই চৰকাৰ তথা প্ৰযুক্তি খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd