ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে ধূমপান এৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ঘড়ী হেৰাইছে। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে উপহাৰ হিচাপে চাইকেল লাভ কৰিছে। এইবাৰৰ জি-৭ সন্মিলনৰ মঞ্চত ৰাষ্ট্ৰনেতাসকলৰ এনে একাধিক গোপন কথা পোহৰলৈ আহিছে।
মঙলবাৰে জি-৭ সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে ৰাষ্ট্ৰনেতাসকলক ইজনে সিজনৰ লগত কথা পাতি থকা দেখা গৈছিল। তাত জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিখ মাৰ্জৰ লগত হোৱা কথা-বতৰাত মেলোনিয়ে কয় যে টোপনি আঁতৰাবলৈ তেওঁ তিনি কাপ কফি খাবলগীয়া হৈছিল। তেতিয়া ফ্ৰেডৰিখে তেওঁক সোধে যে কফিৰ লগতে চিগাৰেটৰ প্ৰয়োজন হৈছিল নেকি? উত্তৰত ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জনায় যে তেওঁ এমাহ আগতেই ধূমপান এৰি দিছে। ইয়াৰ পিছতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়েৰ ষ্টাৰমাৰে ইউৰোপীয় কাউন্সিলৰ সভাপতি এণ্টনিঅ’ ক’ষ্টাক সোধে যে তেওঁ ধূমপান কৰে নেকি। উত্তৰত ক’ষ্টাই জনায় যে তেওঁ ধূমপান এৰা একৈশ বছৰ পাৰ হৈ গৈছে।
জি-৭ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক গ্ৰীনলেণ্ডৰ প্ৰসংগ উত্থাপন কৰাও দেখা যায়। তেওঁ ইউৰোপীয় কাউন্সিলৰ সভাপতিগৰাকীক কয় যে আপুনি বুজিছেনে? তাৰ পিছত কিছু সময় ৰৈ তেওঁ পুনৰ কয়, গ্ৰীনলেণ্ড। কিন্তু তেওঁলোকে ঠিক কি বিষয়ত কথা পাতি আছিল, সেয়া জানিব পৰা হোৱা নাই। এইবাৰৰ জি-৭ সন্মিলনত উপস্থিত থকা নেতাসকলক ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে চাইকেল উপহাৰ দিছে। ট্ৰাম্পেও সেই চাইকেল লাভ কৰিছে আৰু সন্মিলনত সেই প্ৰসংগটোও উত্থাপন হৈছে।
আনহাতে, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ এটা কথা-বতৰা পোহৰলৈ আহিছে। জানিব পৰা মতে, কিছু সময়ৰ বাবে মেক্ৰনৰ হাতত ঘড়ী নাছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত তেওঁ সম্ভৱতঃ ঘড়ীটো ক’ৰবাত এৰি আহিছিল। কানাডাৰ প্ৰধানমন্ত্ৰীয়ে এই কথাটো সকলোৰে চকুত পেলায়। তেওঁ কয় যে মেক্ৰনে ঘড়ী হেৰুৱাই পেলাইছে আৰু এতিয়া সেইটো আমাৰ ওচৰত আছে। সেই সময়ত গহীন সুৰত ট্ৰাম্পে ধেমালি কৰি কয় যে সেইটো মোক উপহাৰ হিচাপে দি দিয়ক। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কথাত সকলোৱে হাঁহি পেলায়।





