• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুভৰিৰ যাদুৰে মেছিয়ে তৃষ্ণা দূৰ কৰিলে উত্তৰ-পূবৰো লাখ লাখ অনুৰাগীৰ

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
June 27, 2018 9:15 am
Messi

ফুটবল ষ্টাৰ মেছী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা নিশাৰ গ্ৰুপ ডি-ৰ অন্তিমখন খেলত আৰ্জেণ্টিনাই আকৰ্ষণীয় জয় সাব্যস্ত কৰি নক-আউট পৰ্য্যায়লৈ উত্তীৰ্ণ হোৱাৰ লগে লগে গোটেই পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তেওঁলোকৰ অনুৰাগীসকলক সুখী দেখা গৈছে। উত্তৰ-পূবতো দলটোৰ লগতে তাৰকা লায়নেল মেছিৰো লাখ লাখ অনুৰাগী আছে, যিসকলে ইতিপূৰ্বে হোৱা দুখন খেলত দলটোৱে দেখুওৱা দুৰ্বল প্ৰদৰ্শনত হাতাশ হৈ পৰিছিল।

এই অনুৰাগীসকলৰ ভিতৰত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গো আছে। সম্প্ৰতি ৰাছিয়াত খেল উপভোগ কৰি থকা জুবিনৰো অন্যতম প্ৰিয় দল আৰ্জেটিনা আৰু প্ৰিয় তাৰকা মেছি বুলি জানিব পৰা গৈছে।

Apply Now

যোৱা নিশা টোপনি খতি কৰি খেল চোৱাৰ পিছত নিজৰ আনন্দসূচক মন্তব্যৰে বিভিন্নজনে ছ’চিয়েল মিডিয়া ওপচাই দিয়া দেখা গৈছে। ‘Finally Messi made it’, ‘King is back’ আদি মন্তব্যৰ মাজেৰে নিজৰ তৃপ্ত ফুটবল তৃষ্ণাৰ বহিঃপ্ৰকাশ ঘটা দেখা গৈছে।

ঋতুপৰ্ণ গোস্বামী নামৰ এজন ফেইচবুক ব্যৱহাৰকাৰীয়ে নিজৰ টাইমলাইনত লিখিছে “Group stage games were never exciting like this time.”

সেইদৰে সৌৰভ দিহিঙীয়াই লিখিছে “Messi ohhhhhhh at last”.

উল্লেখযোগ্য যে যোৱা নিশা হোৱা গ্ৰুপ ডিৰ খেলত মেছিৰ আৰ্জেণ্টিনাই নাইজেৰিয়াক ২-১ গ’লত হৰুৱাই নক-আউটত প্ৰৱেশ কৰিছে। খেলৰ আগ মুহূৰ্তলৈকে মেছি বাহিনী মাত্ৰ ১ পইণ্টেৰে আছিল গ্ৰুপৰ একেবাৰে তলৰ স্থানত আৰু নক-আউটত প্ৰৱেশৰ সম্ভাৱনা আছিল তেনেই ক্ষীণ। ক্ৰোৱেছিয়া ৬ পইণ্টেৰে প্ৰথম স্থানত আৰু আইচলেণ্ড তিনি পইণ্টেৰে দ্বিতীয় আৰু নাইজেৰিয়াই ১ পইণ্ট, কিন্তু গ’লৰ উন্নত হাৰেৰে তৃতীয় স্থানত আছিল।

কিন্তু যোৱা নিশা হোৱা গ্ৰুপটোৰ অন্তিম খেল দুখনত এই ছবি সলনি হৈ যায়। ক্ৰোৱেছিয়াই আইচলেণ্ডক ২-১-ত হৰুৱাৰ ফলত আইচলেণ্ড ৩ পইণ্টতে ৰৈ যায় আৰু আৰ্জেণ্টিনাই নাইজেৰিয়াক হৰুৱাই মুঠ পইণ্ট ৪ কৰি দ্বিতীয় স্থানলৈ উন্নীত হৈ গ্ৰুপৰ দ্বিতীয় স্থানৰ দল হিচাপে নক-আউট পৰ্য্যায় পায়।

MessiAnuragi
মেছিৰ গ’লৰ পিছত দৰ্শকৰ গেলাৰিত বহি থকা মাৰাডোনাৰ উল্লাস।

প্ৰথমৰ পৰাই আক্ৰমণাত্মক মনোভাব লোৱা আৰ্জেণ্টিনাৰ খেল আছিল ব্যতিক্ৰম ধৰণে সতৰ্ক আৰু সুসংবদ্ধ। মেছিৰ কালিৰ প্ৰদৰ্শন আছিল তেওঁৰ যোগ্যতা আৰু খ্যাতিৰ সৈতে মিলা ধৰণৰ।

ৰাইট উইংগাৰ হিচাপে খেলা মেছিয়ে ১৪ মিনিটত প্ৰায় একক প্ৰচেষ্টাৰেই বহু দূৰৰ পৰাই বল আগুৱাই আনি বিপক্ষৰ ডিফেণ্ডাৰক পৰাভূত কৰি এটা শক্তিশাৰী শ্বটেৰে বল নেটত প্ৰৱেশ কৰোৱায়।

দুভৰিৰ যাদু আৰু ফুটবলৰ শ্ৰেষ্ঠতম শৈলীৰ সমাহাৰ ঘটোৱা এই এটা মাত্ৰ গ’লেৰেই মেছিয়ে তেওঁৰ কোটি কোটি অনুৰাগীক পুনৰ মোহাবিষ্ট কৰি  তোলে। আনন্দৰ উল্লাসত ফাটি পৰে দৰ্শকৰ গেলাৰিত উপস্থিত থকা অসন্তোষীয়া আৰু মেছিৰ কট্টৰ সমালোচক মাৰাডোনাও।

এই বহু বাঞ্ছিত অগ্ৰগতিৰ পিছত যথেষ্ট সতৰ্কতাৰে খেলা আৰ্জেণ্টিনাৰ সমৰ্থকক হতচকিত কৰে নাইজেৰিয়াই খেলৰ ৫১ মিনিটত।

ডিফেণ্ডাৰ Javier Mascherano-এ পেনাল্টি বক্সৰ ভিতৰত পিছফালৰ পৰা বিপক্ষৰ এজন খেলুৱৈক টানি ধৰাত পেনাল্টিৰ সুযোগ পায় ছুপাৰ ঈগল খ্যাত নাইজেৰিয়াই। কোনো ভুল নকৰি ভিক্টৰ ম’ছেছে তাক গ’ললৈ ৰূপান্তৰিত কৰে। আৰ্জেণ্টিনাৰ সমৰ্থকেৰে ভৰি থকা গোটেই ষ্টেডিয়াম নিস্তব্ধ হৈ পৰা দেখা গৈছিল কেইটামান মুহূৰ্তৰ বাবে।

Zubeen
ৰাছিয়াৰ কোনো এটা ষ্টেইশ্যনত ট্ৰেইনৰ বাবে অপক্ষাৰত আৰ্জেণ্টিনাৰ অনুৰাগী জুবিন গাৰ্গ।

তাৰ পিছত পুনৰ আগৰ ছন্দেৰে খেলা আৰ্জেণ্টিনাই অৱশেষত খেল শেষ হ’বলৈ মাত্ৰ কেইমিনিটমান থকাত Marcos Rojo-ৰ এটা সুযোগ সন্ধানী গ’লেৰে তেওঁলোকৰ সমৰ্থকৰ তৃষ্ণা দূৰ কৰে। এই গ’লটোৰে মেক্ৰছ ৰজ’ দেশৰ নতুন নায়কত পৰিণত হয়, কাৰণ এই গ’লটোৰ আগলৈকে আৰ্জেণ্টিনাৰ নক-আউটত প্ৰৱেশৰ সুযোগেই নাছিল।

নক-আউট পৰ্য্যায়ত আৰ্জেণ্টিনাই খেলিব গ্ৰুপ চিৰ শীৰ্ষস্থানৰ দল ফ্ৰান্সৰ বিৰুদ্ধে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd