• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 9:55 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপ আহি পোৱাৰ লগে লগে ব্ৰাজিলক কেন্দ্ৰ কৰি প্ৰত্যাশা বাঢ়িবলৈ আৰম্ভ কৰে। পাঁচবাৰৰ বিশ্ব চেম্পিয়নৰ পৰা কেৱল জয়েই নহয়, অনুৰাগীয়ে বিচাৰে সৌন্দৰ্য্য, গতি, ছন্দ আৰু চাম্বাৰ যাদু। সেয়ে প্ৰথমখন মেচত মৰক্কোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ’ হোৱাৰ পাছত সমালোচনাও কম হোৱা নাছিল। বহুতে ক’বলৈ আৰম্ভ কৰে যে এই ব্ৰাজিল এতিয়া আগৰ দৰে ভয়ংকৰ নহয়। বিশ্ব ফুটবলত তেওঁলোকৰ আধিপত্যৰ দিন শেষ হ’ল।

কিন্তু ব্ৰাজিলক ইমান সহজে পেলাই দিব নোৱাৰি। ফিলাডেলফিয়াত হাইটিৰ বিৰুদ্ধে খেলপথাৰত নামি কাৰ্লো এন্সেল’টিৰ দলটোৱে সেই বাৰ্তাই দিলে। আৰম্ভণিৰে পৰাই আক্ৰমণৰ জোৱাৰ, আত্মবিশ্বাস, হেৰুৱা ছন্দ পুনৰ ঘুৰাই অনাৰ তাগিদা আছিল। শেষত মেথিউছ কুনহাৰ দ্বৈত গ’ল আৰু ভিনিচিয়াছ জুনিয়ৰৰ এটা গ’লেৰে ৩-০ গ’লত জয়লাভ কৰে। এই জয়ৰ জৰিয়তে ব্ৰাজিলে গ্ৰুপ ‘চি’ৰ শীৰ্ষস্থান দখল কৰে। আনহাতে, একেৰাহে দুখন মেচত পৰাস্ত হৈ হাইটি বিশ্বকাপৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।

Apply Now

মৰক্কোৰ বিৰুদ্ধে ড্ৰ’ৰ পিছত এই মেচত জয়ী হোৱাৰ বিকল্প নাছিল। অৱশ্যে সেই হেঁচা কেতিয়াও খেলপথাৰত দেখা নগ’ল। ব্ৰাজিলে প্ৰথম হুইচেল পৰাৰ পৰাই হাইটিৰ প্ৰতিৰক্ষাত হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে। হাইটিৰ ডিফেণ্ডাৰসকলে ৰাফিনহা, ভিনিচিয়াছ জুনিয়ৰ আৰু মেথিউছ কুনহাৰ গতিৰ লগত খাপ খুৱাবলৈ সংগ্ৰাম কৰিছিল।

১২ মিনিটত আহে ব্ৰাজিলৰ এটা গ’ল। ব্ৰুনো গুইমাৰেছৰ এক্সটেণ্ডেড বল ধৰি ৰাফিনহাই মসৃনভাৱে ফিনিছ কৰিছিল। কিন্তু অফছাইডৰ বাবে গ’লটো বাতিল কৰা হৈছিল। দহ মিনিট নৌহওঁতেই বাৰ্চিলোনাৰ তাৰকাগৰাকীয়ে গ’ল দিয়াৰ আন এক সুযোগ লাভ কৰে। এইবাৰো তেওঁ ডিফেন্সৰ পিছফালে সোমাই গ’ল যদিও শ্বটটোৱে লক্ষ্য হেৰুৱাই পেলালে।

অৱশ্যে ব্ৰাজিলৰ গ’ল আহিবলৈ বেছি সময় নালাগিল। ২৩ মিনিটত বাওঁফালৰ পৰা ভিনিচিয়াছ জুনিয়ৰে শ্বট দিয়ে। গ’লৰক্ষক জনী প্লেচিডে প্ৰথমে শ্বটটো ব্লক কৰিছিল যদিও মেথিউছ কুনহাই বলটো পুনৰ নেটত সোমাই দিয়ে। গ’লটো পোৱাৰ পিছত কাৰ্লো এঞ্চেল’টিৰ দলটোৱে যেন অধিক সকাহ অনুভৱ কৰিছিল।

মিডফিল্ডত বলটোৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লৈ ইটোৰ পিছত সিটোকৈ আক্ৰমণ কৰিবলৈ ধৰিলে। খেলখনৰ শ্ৰেষ্ঠ গ’লটো আহে ৩৬ মিনিটত। ভিনিচিয়াছ জুনিয়ৰে মিডফিল্ডৰ পৰা বল লাভ কৰি ওলোটা আক্ৰমণ কৰে। কুনহাই নিজৰ নিখুঁত পাছটো লৈ বাওঁফালে আগবাঢ়ি গ’ল। ইয়াৰ পিছত প্ৰথম স্পৰ্শতে বাওঁ ভৰিৰ শক্তিশালী শ্বটেৰে বলটো নেটত সোমাই দিলে। প্লেচিডাৰ কোনো সুযোগ নাছিল।

প্ৰথমাৰ্ধত ব্ৰাজিলৰ আধিপত্য ইমানেই বেছি আছিল যে হাইটি কাৰ্যতঃ নিজৰ অৰ্ধত আবদ্ধ হৈ পৰিছিল। অৱশ্যে বিৰতিৰ পূৰ্বে এটা চিন্তনীয় খবৰ আহিছিল। হামষ্ট্ৰিঙৰ আঘাতত ৰাফিনহাই খেলপথাৰ এৰিবলৈ বাধ্য হয়। তেওঁৰ ঠাইত যুৱ ফুটবলাৰ ৰিয়ানে স্থান লাভ কৰে। অৱশ্যে এই জোকাৰণিৰ ফলত ব্ৰাজিলৰ খেলত কোনো প্ৰভাৱ পৰা নাছিল।

প্ৰথমাৰ্ধত ভিনিচিয়াছ জুনিয়ৰে লুকাছ পাকেটাৰ পৰা অসাধাৰণ লং পাছ লাভ কৰি হাইটিৰ ডিফেন্স ভাঙি গ’লত উপনীত হয়। তেওঁ বলটো নিয়ন্ত্ৰণ কৰি গ’লৰক্ষকক শীতল মস্তিষ্কৰে পৰাস্ত কৰে। ব্ৰাজিলে ৩-০ গ’লত অগ্ৰগতি লাভ কৰি বিৰতিৰ পূৰ্বে মেচখনৰ ভাগ্য কাৰ্যকৰীভাৱে নিৰ্ণয় কৰে। গেলেৰীৰ পৰিৱেশটো আছিল উৎসৱমুখৰ। মৰক্কোৰ বিৰুদ্ধে নিস্তেজ প্ৰদৰ্শন কৰা দলটোৱে যেন নতুন ৰূপত ঘূৰি আহিল।

বিৰতিৰ পিছত হাইটিয়ে সামান্য সলনি হোৱা দল হিচাপে খেলপথাৰত প্ৰৱেশ কৰে। মিডফিল্ডত অধিক খেলুৱৈক আনি খেলখন পুনৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। ৪৮ মিনিটত হাইটিয়ে গ’লত প্ৰথমটো শ্বট লয়। বিকল্প ফুটবলাৰ উইলছন ইছিড’ৰৰ এই প্ৰচেষ্টাৰ সৈতে এলিছনে সহজেই মোকাবিলা কৰে। ইয়াৰ পাছত ব্ৰাজিলৰ গ’লৰক্ষকগৰাকীয়ে কৰ্ণাৰৰ পৰা ৰিকাৰ্ডো আডেৰ হেডাৰত এটা ডাঙৰ ছেভ কৰে। জিন-কেভিন ডুভাৰ্ণেইও কিছু সময়ৰ পিছত এটা ভাল সুযোগ নষ্ট কৰি পেলালে। হাইটিয়ে গ’ল দিবলৈ চেষ্টা কৰিছিল যদিও ব্ৰাজিলৰ ডিফেন্সক বিশেষ অসুবিধা দিব পৰা নাছিল।

আনহাতে, দ্বিতীয়াৰ্ধত ব্ৰাজিলেও কেইবাটাও সুযোগ লাভ কৰিছিল। বিকল্প খেলুৱৈ গেব্ৰিয়েল মাৰ্টিনেলিয়ে ক্ৰছবাৰত আঘাত কৰে। ডগলাছ ছান্টোছৰ দীৰ্ঘ দূৰত্বৰ শ্বটটো ৱাইড আছিল। এণ্ড্ৰিকৰ বলটো নেটত আছিল যদিও অফছাইডৰ বাবে বাতিল হৈছিল। এডাৰছনেও এটা ভাল সুযোগ হেৰুৱাইছিল।

অন্তিম মিনিটত এলিছনে পুনৰ নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। ইছিড’ৰ আৰু ডমিনিক চাইমনৰ দুটা ভাল শ্বট ৰক্ষা কৰি হাইটিয়ে বিশ্বকাপৰ প্ৰথমটো গ’ল লাভ নকৰাটো নিশ্চিত কৰিছিল। খেলখন ৩-০ গ’লত সমাপ্ত হয়। এই জয়ে ব্ৰাজিলক ৩ পইণ্ট দিয়াই নহয়, আত্মবিশ্বাসো বঢ়ালে। মৰক্কোৰ সৈতে ড্ৰ’ হোৱাৰ পিছত উত্থাপিত হোৱা বহু প্ৰশ্নৰ উত্তৰ এই মেচখনত পোৱা গৈছিল। নেইমাৰ এতিয়াও বাহিৰত যদিও মেচখনে দেখুৱাইছে যে ভিনিচিয়াছ জুনিয়ৰ আৰু মেথিউছ কুনহাৰ নেতৃত্বত ব্ৰাজিলৰ আক্ৰমণ এতিয়াও বিপদজনক হ’ব পাৰে।

কিন্তু দ্বিতীয়াৰ্ধত ব্ৰাজিলক হাইটিৰ দৰে তুলনামূলকভাৱে দুৰ্বল প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে প্ৰথমাৰ্ধৰ দৰে আক্ৰমণাত্মক নাছিল। মেচখন তেওঁলোকৰ নিয়ন্ত্ৰণত আছিল যদিও আক্ৰমণত সেই চোক আৰু দেখা পোৱা নগৈছিল। কেইবাটাও ভাল সুযোগ সৃষ্টি কৰাৰ পিছতো চেলেকাওৰ দলে গ’লৰ সংখ্যা বৃদ্ধি কৰিব নোৱাৰিলে।

বহু ফুটবলাৰক অলপ ক্লান্ত যেন লাগিছিল, ফলত পাছ আৰু ফিনিচিঙৰ ছন্দ হ্ৰাস পাইছিল। হাইটিৰ বিৰুদ্ধে এই অভাৱ ধৰা নপৰিলেও নকআউট পৰ্যায়ত বা শক্তিশালী প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে এনে সুযোগ অপচয় কৰাৰ মূল্য ব্ৰাজিলে ভৰিব লাগিব। এইবাৰ ব্ৰাজিলে স্কটলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ পৰ্যায়ৰ অন্তিম পৰীক্ষাৰ সন্মুখীন হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

আল কায়দাৰ লগত জড়িত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ : আফ্ৰিকাৰ নাইজাৰত ৩৫ জনৰ মৃত্যু

June 20, 2026 9:08 am
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

June 20, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am
বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

বিশ্বকাপলৈ ঘূৰি আহিছে ছাম্বাৰ সুৰ! হাইটিৰ বিৰুদ্ধে ছন্দত ব্ৰাজিল, ৩-০ ব্যৱধানত জিকিল এন্সেল’টিৰ দল

June 20, 2026 9:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd