• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 11:05 am
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ ভিৱাণ্ডী অঞ্চলত এক ভয়ংকৰ খাদ্য বিষক্ৰিয়াৰ ঘটনা সংঘটিত হৈছে। একেখন দোকানৰ পৰা খাদ্য খোৱাৰ পাছতেই ৫৯ জন লোক অসুস্থ হৈ পৰে আৰু তেওঁলোকক ততাতৈয়াকৈ ইন্দিৰা গান্ধী মেম’ৰিয়েল চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে এক স্বস্তিৰ খবৰ যে বৰ্তমান আটাইকেইজন ৰোগীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

চিকিৎসালয়খনৰ মুখ্য চিকিৎসা বিষয়া মাধুৰী পানাহাৰেই শুকুৰবাৰে সংবাদ সংস্থা এএনআইৰ আগত প্ৰকাশ কৰে যে যোৱা দিনটোৰ পৰা ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। তেওঁ জনায় যে কালি বিয়লি ৫.৩০ বজালৈকে ১১ জন ৰোগী ভৰ্তি হৈছিল আৰু আজি পুৱালৈ সেই সংখ্যা ৩৭ জনলৈ বৃদ্ধি পায়। বৰ্তমান মুঠ ৫৯ জন ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰোগীসকলে পেটৰ বিষ, বমি আৰু পেটচলা ৰোগত আক্ৰান্ত হোৱা বুলি অভিযোগ কৰিছে। চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে যে এই সকলোবোৰ লোকে একেখন দোকানৰ পৰাই খাদ্য গ্ৰহণ কৰিছিল। কালি ভৰ্তি হোৱা ৰোগীসকলৰ অৱস্থা লাহে লাহে উন্নত হৈছে আৰু সকলোৰে স্বাস্থ্য বৰ্তমান বিপদমুক্ত।

Apply Now

শেহতীয়া কেইসপ্তাহমানৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খাদ্য বিষক্ৰিয়াৰ কেইবাটাও খবৰ পোহৰলৈ আহিছে। যোৱা ১৭ জুন তাৰিখে তেলেংগানাৰ ৰাজন্না ছিৰচিল্লা জিলাতো অনুৰূপ এক ঘটনা সংঘটিত হৈছিল। থাংগাল্লাপল্লী মণ্ডলৰ এখন আৱাসিক এলেকাত পদপথৰ ব্যৱসায়ীৰ পৰা পানীপুৰী খোৱাৰ পিছত প্ৰায় ১৫ টা শিশু গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল।

থাংগাল্লাপল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, শিশুকেইটা আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে সেই কল’নীত প্ৰৱেশ কৰা এজন পানীপুৰী বিক্ৰেতাৰ পৰা পানীপুৰী খাইছিল। তাৰ অলপ পিছতেই শিশুকেইটাৰ বমি আৰু পেটচলা আৰম্ভ হয় আৰু তেওঁলোকক লগে লগে চৰকাৰী চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হয়। আৰক্ষীয়ে ইতিমধ্যে সেই পানীপুৰী বিক্ৰেতাজনক নিজৰ জিম্মাত লৈ ঘটনাটোৰ এক তদন্ত আৰম্ভ কৰিছে।

একেদৰে এই মাহৰ আৰম্ভণিতে মধ্যপ্ৰদেশৰ গুনা জিলাতো দূষিত খোৱাপানী গ্ৰহণ কৰাৰ ফলত এক ডজনৰো অধিক শিশু চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। প্ৰশাসনে লগে লগে সেই অঞ্চলৰ খোৱাপানীৰ নমুনা সংগ্ৰহ কৰি ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। বিষয়া সকলে জনোৱা অনুসৰি সেই শিশুসকলৰো বমি, পেটৰ বিষ আৰু শৌচনীৰ দৰে লক্ষণ দেখা গৈছিল, পিছে চিকিৎসাৰ অন্তত বৰ্তমান তেওঁলোকৰ অৱস্থাও সুস্থিৰ হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd