সংবিধান অনুসৰি চিহ্নিত পদপথত খোজ কঢ়াটো প্ৰতিজন পথচাৰীৰ মৌলিক অধিকাৰ। পথত চলাচল কৰা বাহনতকৈ ইয়াৰ অগ্ৰাধিকাৰ থাকিব।
শুকুৰবাৰে পথ দুৰ্ঘটনাত মৃত্যুৰ ক্ষতিপূৰণৰ সৈতে জড়িত এটা গোচৰৰ ৰায়দানৰ সময়ত উচ্চতম ন্যায়ালয়ে এই কথা প্ৰকাশ কৰে।
ন্যায়াধীশ পি এছ নৰসিংহ আৰু এ এছ চন্দুৰকাৰৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে, ‘যদি কোনো পথ থাকে, তেন্তে পথচাৰীৰ বাবে ফুটপাথ চিহ্নিত কৰাটো অতি গুৰুত্বপূৰ্ণ। আনকি সেই ফুটপাথৰ ৰক্ষণাবেক্ষণৰ কামো কৰিব লাগিব। এই কৰ্তব্য আইনৰ দ্বাৰা বলবৎ কৰাটো বাধ্যতামূলক। যদি নাগৰিকে নিৰ্দিষ্ট পদপথত খোজ কঢ়াৰ অধিকাৰ নাপায় তেন্তে আইনী সহায় ল’ব পাৰে।’
শেহতীয়াকৈ স্কুললৈ যোৱাৰ সময়ত ট্ৰাকে খুন্দা মৰাৰ ফলত এটি পাঁচ বছৰীয়া শিশুৰ মৃত্যু ঘটে। জানিব পৰা মতে ঘটনাস্থলীত কোনো নিৰ্দিষ্ট ফুটপাথ বা ক্ৰছিং পইণ্ট নাছিল। এই ঘটনাত শিশুটিৰ পিতৃয়ে ক্ষতিপূৰণ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
সেই গোচৰত শীৰ্ষ ন্যায়ালয়ে ক্ষতিপূৰণ হিচাপে ১১ লাখ ৪৪ হাজাৰ ৬২৮ টকা দিবলৈ নিৰ্দেশ দিয়ে। এই ধন দুমাহৰ ভিতৰত মৃতকৰ পিতৃৰ হাতত তুলি দিব লাগিব।





