স্পেইনৰ এখন আদালতে স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজৰ পত্নী বেগোনা গোমেজক দুৰ্নীতিৰ অভিযোগত জুৰীৰ বিচাৰৰ সন্মুখীন হ’বলৈ নিৰ্দেশ দিছে। একে সময়তে তেওঁক দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে আদালতত পাছপ’ৰ্ট জমা দিবলৈও নিৰ্দেশ দিয়া হৈছে।
শনিবাৰে (২০ জুন) প্ৰকাশিত আদালতৰ আদেশত প্ৰকাশ পাইছে যে ন্যায়াধীশ জুয়ান কাৰ্লোছ পেনাডোৱে চূড়ান্ত ৰায়দান নোহোৱালৈকে মাহত দুবাৰকৈ গোমেজক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও দেশখনৰ সীমান্ত চকী আৰু অসামৰিক আৰু সামৰিক বিমানবন্দৰত তেওঁক স্পেইন এৰি যাবলৈ বাধা দিয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰা হৈছে। অৱশ্যে কেতিয়া বিচাৰ আৰম্ভ হ’ব তাৰ কোনো তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।
২০২৪ চনৰ এপ্ৰিল মাহত বেগোনা গোমেজৰ বিৰুদ্ধে এটা উগ্ৰ সোঁপন্থী দুৰ্নীতি বিৰোধী সংগঠনৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ হয়। পিছত তেওঁৰ বিৰুদ্ধে পুঁজি আত্মসাৎ, প্ৰভাৱ খটোৱা আৰু ব্যৱসায়িক লেনদেনত অনিয়মৰ অভিযোগ উত্থাপন হয়।
অভিযোগ অনুসৰি প্ৰধানমন্ত্ৰীৰ পত্নী হিচাপে নিজৰ পদৰ অপব্যৱহাৰ কৰাৰ লগতে মাদ্ৰিদৰ কম্প্লুটেন্স বিশ্ববিদ্যালয়ত বিশেষ পদ সৃষ্টি আৰু পৰিচালনাৰ ক্ষেত্ৰত ৰাজহুৱা ধন ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে।
অৱশ্যে পেড্ৰ’ ছানচেজ আৰু বেগোনা গোমেজে আৰম্ভণিৰে পৰাই সকলো অভিযোগ অস্বীকাৰ কৰিছে। শাসকীয় ছ’চিয়েলিষ্ট পাৰ্টিয়েও ছ’চিয়েল মিডিয়াত গোমেজৰ হৈ প্ৰচাৰ চলাইছে আৰু বিগত দুবছৰ ধৰি ৰাজনৈতিক আৰু ন্যায়িক হাৰাশাস্তিৰ বলি হোৱা বুলি দাবী কৰিছে।
ইফালে এই গোচৰকে ধৰি একাধিক দুৰ্নীতিৰ অভিযোগত ছানচেজৰ পৰিয়াল আৰু প্ৰাক্তন ৰাজনৈতিক মিত্ৰৰ নাম চৰ্চালৈ অহাত দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত চাপ বাঢ়িছে। বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীৰ পদত্যাগ আৰু আগতীয়া নিৰ্বাচনৰ দাবী জনাইছে যদিও ছানচেজে সেয়া নাকচ কৰিছে। তেওঁ অভিযোগ কৰে যে সোঁপন্থী গোটসমূহে ইচ্ছাকৃতভাৱে চৰকাৰক দুৰ্বল কৰাৰ বাবে এই অভিযোগসমূহ সন্মুখলৈ আনিছে।
ইয়াৰ উপৰিও ছানচেজ চৰকাৰৰ কেইবাজনো প্ৰাক্তন শীৰ্ষ নেতা আৰু প্ৰধানমন্ত্ৰীৰ ভাতৃ ডেভিদ ছানচেজৰ বিৰুদ্ধে পৃথক পৃথক দুৰ্নীতিৰ অভিযোগ আৰু তদন্ত চলি আছে। ফলত এই গোচৰসমূহ এতিয়া দুৰ্নীতি বিৰোধী স্থিতি লৈ ক্ষমতালৈ অহা চৰকাৰখনৰ বাবে এক বৃহৎ ৰাজনৈতিক প্ৰত্যাহ্বান হিচাপে দেখা দিছে।





