তামিলনাডুৰ তিৰুভাল্লুৰ জিলাৰ এখন সামুদ্ৰিক খাদ্য প্ৰক্ৰিয়াকৰণ আৰু ৰপ্তানি কাৰখানাত এম’নিয়া গেছ নিৰ্গত হোৱাৰ ফলত কমেও দুজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন চৌষষ্ঠিজন লোক বেয়াকৈ আক্ৰান্ত হৈছে। এই কাৰখানাটোত উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ পৰা অহা প্ৰব্ৰজনকাৰী শ্ৰমিকে কাম কৰিছিল। গেছ নিৰ্গত হোৱাৰ পিছত আক্ৰান্ত লোকসকলে উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ লগতে স্বাস্থ্যৰ আন আন সমস্যাত ভুগিছিল বুলি জানিব পৰা গৈছে। তেওঁলোকক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।
কৃত্ৰিম বুদ্ধিমত্তা, তথ্য প্ৰযুক্তি আৰু ডিজিটেল সেৱা মন্ত্ৰী আৰ কুমাৰৰ মতে, এই দুৰ্ঘটনাত ষাঠীগৰাকী মহিলা আৰু চাৰিজন পুৰুষ এই নিৰ্গত গেছৰ সংস্পৰ্শলৈ আহিছিল। এই গেছবিধ কাৰখানাটোৰ প্ৰক্ৰিয়াকৰণৰ কামত শীতলক হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই ঘটনাক অতি দুখজনক বুলি আখ্যা দি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী চি যোচেফ বিজয়ে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে।
কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, এই ঘটনাৰ সন্দৰ্ভত এটা আৰক্ষী গোচৰ ৰুজু কৰা হৈছে আৰু গেছ নিৰ্গত হোৱাৰ কাৰণ অনুসন্ধান কৰি থকাৰ সময়তে সোধাপোছাৰ বাবে কোম্পানীটোৰ দুজন মালিকক আটক কৰা হৈছে। আনহাতে, মুখ্যমন্ত্ৰী বিজয়ে এই ঘটনাৰ তদন্তৰ বাবে এখন তিনিজনীয়া সমিতি গঠন কৰিছে। এই সমিতিক চৌবিশ ঘণ্টাৰ ভিতৰত এখন মধ্যৱৰ্তীকালীন প্ৰতিবেদন আৰু তিনি দিনৰ ভিতৰত এখন বিতং প্ৰতিবেদন দাখিল কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে।
ইফালে তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে এই শোকাৱহ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে। এক বিবৃতিত তেওঁ কয় যে এম’নিয়া গেছ নিৰ্গত হোৱাৰ ফলত হোৱা প্ৰাণহানি আৰু আঘাতৰ বাবে তেওঁ অত্যন্ত মৰ্মাহত। ৰাজ্যপালগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু এই কঠিন সময়ত তেওঁলোকক শক্তি আৰু সাহস দিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। লগতে তেওঁ এই দুৰ্ঘটনাত আহত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোকসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।





