চীনৰ কেইবাটাও কোম্পানীক আমেৰিকাই ব্লেকলিষ্ট কৰাৰ প্ৰতিক্ৰিয়া জনাই বেইজিঙে প্ৰতিৰক্ষা আৰু বিৰল খনিজ উদ্ঘাটনৰ সৈতে জড়িত ১০টা আমেৰিকান কোম্পানীৰ ওপৰত ৰপ্তানি নিয়ন্ত্ৰণ আৰোপ কৰিছে। সোমবাৰে চীন চৰকাৰে এই কথা সদৰী কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বেইজিং ভ্ৰমণ কৰাৰ এমাহৰ পাছতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে আলোচনাৰ জৰিয়তে দুয়োখন দেশৰ মাজত উত্তেজনাপূৰ্ণ সম্পৰ্ক সুস্থিৰ কৰিবলৈ চেষ্টা কৰিছিল।
দুয়োখন দেশে শুল্ক হ্ৰাস কৰাৰ বাবে কাম কৰিবলৈ সন্মত হৈছে যদিও প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইটোৱে সিটোক চেৰ পেলোৱাৰ প্ৰতিযোগিতাই তেওঁলোকৰ সম্পৰ্কক নতুন পৰীক্ষাৰ সন্মুখীন কৰাইছে।
এই মাহত ৱাশ্বিংটনে ৮০টা কোম্পানী আৰু ইয়াৰ সংযুক্ত কোম্পানীক ব্লেকলিষ্ট কৰিছিল। এই কোম্পানীবোৰে চীনৰ সেনাবাহিনীক সহায় কৰা বুলি আমেৰিকাই দাবী কৰিছে।
এই তালিকাত আছে টেক জায়েন্ট আলিবাবা আৰু বাইডুৰ লগতে ইলেক্ট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী বি ৱাই ডি। এই পৰিস্থিতিত আমেৰিকাৰ বিৰুদ্ধে ওলোটা পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে বেইজিঙে।
চীনৰ বাণিজ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে আমেৰিকা চৰকাৰে তেওঁলোকৰ তথাকথিত “চীন সামৰিক এন্টাৰপ্ৰাইজ তালিকা”ত নাম সংযোজন কৰাৰ দৰে “অতি আপত্তিজনক কাৰ্য্য”ৰ “প্ৰতিক্ৰিয়া” হিচাপে আৰু “ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত”ৰ স্বাৰ্থত এই নতুন ৰপ্তানি নিয়ন্ত্ৰণ আৰোপ কৰা হৈছে।
এই ১০টা কোম্পানীৰ ভিতৰত আছে আমেৰিকাৰ সামৰিক মহাকাশ প্ৰতিৰক্ষা চুক্তি থকা এভিঅক্স আৰু সামৰিক বাহন নিৰ্মাণ কৰা অশকোষ ডিফেন্স।
এই তালিকাত আমেৰিকাৰ ৰেয়াৰ আৰ্থ উৎপাদক এম পি মেটেৰিয়েলছ আৰু ইউ এছ এ ৰেয়াৰ আৰ্থৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে।
এই তালিকাত তালিকাভুক্ত কোম্পানীসমূহক দ্বৈত ব্যৱহাৰৰ (সামৰিক আৰু অসামৰিক) সামগ্ৰী যোগান ধৰা ৰপ্তানিকাৰকসকলৰ বাবে নিষিদ্ধ কৰা হৈছে বুলি চীনৰ বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও “বৰ্তমান চলি থকা যিকোনো প্ৰাসংগিক ৰপ্তানি কাৰ্য্যকলাপ তৎক্ষণাত বন্ধ কৰিব লাগিব।”
বিবৃতিটোত আৰু কোৱা হৈছে যে এই নিষেধাজ্ঞা “যিকোনো দেশ বা অঞ্চলৰ যিকোনো সংস্থা বা ব্যক্তিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব… যিয়ে চীনত নিৰ্মিত দ্বৈত ব্যৱহাৰৰ সামগ্ৰী তালিকাভুক্ত কোম্পানীসমূহলৈ হস্তান্তৰ বা যোগান ধৰে।”
একে সময়তে চীনৰ বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত কয় যে চৰকাৰী ক্ৰয় সংস্থাসমূহক ৪৬টা আমেৰিকাৰ কোম্পানীয়ে নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ ভিতৰত আছে লকহিড মাৰ্টিন, ৰেথিয়ন আৰু বয়িঙৰ প্ৰতিৰক্ষা বিভাগ। এই তালিকাত জেনেৰেল ডাইনেমিক্স আৰু এণ্ডুৰিল ইণ্ডাষ্ট্ৰীজৰ বিভাগসমূহো অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ আমেৰিকাৰ গুৰুত্বপূৰ্ণ সামৰিক ঠিকাদাৰী প্ৰতিষ্ঠান হিচাপে পৰিচিত। কেইবাটাও মহাকাশ গৱেষণা সংস্থাও এই তালিকাত আছে।
বিত্ত মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে চীনত ব্যৱসায় কৰা আমেৰিকাৰ বিনিয়োগ কৰা কোম্পানীসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হ’ব। সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব এই ব্যৱস্থা।
চীনৰ বাণিজ্য মন্ত্ৰালয়ে ইতিমধ্যে ২০২৪ আৰু ২০২৫ চনত টাইৱানক আমেৰিকাৰ অস্ত্ৰ বিক্ৰীক লৈ এই কোম্পানীসমূহৰ কেইবাটাও আৰু ইয়াৰ সংযুক্ত কোম্পানীসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।
বেইজিঙৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা হেঁচা প্ৰতিহত কৰিবলৈ টাইপেই (টাইৱান) ৱাশ্বিংটনৰ সমৰ্থনৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। চীনে টাইৱানক নিজৰ ভূখণ্ড বুলি দাবী কৰিছে আৰু প্ৰয়োজন হ’লে টাইৱানক বলপূৰ্বকভাৱে দখল কৰাৰ সম্ভাৱনাও নুই কৰা নাই।
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই এই মাহত কয় যে টাইৱানৰ বাবে প্ৰস্তাৱিত ১৪ বিলিয়ন ডলাৰৰ অস্ত্ৰ সাহায্য পেকেজ “পৰ্যালোচনাৰ অধীনত”ত আছে।
মে’ মাহত ছি জিনপিঙক লগ পোৱাৰ পিছৰে পৰা ট্ৰাম্পে ৰাজহুৱাভাৱে দ্বিপাক্ষিক সম্পৰ্কৰ এক শক্তিশালী ভাবমূৰ্তি দাঙি ধৰিবলৈ চেষ্টা কৰি আহিছে।
যোৱা সপ্তাহত ফ্ৰান্সত অনুষ্ঠিত জি-৭ শীৰ্ষ সন্মিলনত ট্ৰাম্পে চীনৰ নেতাক শেহতীয়াকৈ ইৰাণৰ সৈতে আমেৰিকাই চলোৱা যুদ্ধত “নিৰপেক্ষ” থকাৰ বাবে ধন্যবাদ জনায়।




