• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2026 6:59 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে উত্তৰ প্ৰদেশৰ লখনৌ অঞ্চলৰ এটা কোচিং চেণ্টাৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে। জুই লগাৰ পিছতে অট্টালিকাটোৰ ভিতৰত বহু লোক আৱদ্ধ হৈ পৰে আৰু প্ৰাণ বচাবলৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম মহলাৰ পৰা তললৈ জঁপিয়াই দিয়ে।

এক ঘণ্টাৰো অধিক সময় ধৰি জুই জ্বলি থকাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু তাৰ পৰা ১৩ টা মৃতদেহ উদ্ধাৰ কৰা হয়। এটা বাণিজ্যিক এলেকাত থকা এই অট্টালিকাটোত কোচিং চেণ্টাৰটোৰ উপৰিও এখন পোহনীয়া জন্তুৰ দোকান আৰু আন আন ব্যৱসায়িক প্ৰতিষ্ঠান আছিল। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, প্ৰথম মহলাত থকা কেন্দ্ৰটোৰ পৰা বহুতে তললৈ জঁপিয়াইছিল। এটা ভিডিঅ’ত দেখা গৈছে যে এজন লোকে ভঙা খিৰিকীৰে ওলাই আহি ৰেলিং এখনত ধৰিবলৈ চেষ্টা কৰে যদিও বাগৰি তললৈ পৰি যায়। স্থানীয় লোকে তেওঁক লগে লগে উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে।

Apply Now

খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে ঘটনাস্থলী পৰিদৰ্শন কৰি উদ্ধাৰ অভিযানৰ বুজ লয়। তেওঁ কয় যে প্ৰতিটো কোঠা পৰীক্ষা কৰা হৈছে আৰু এন ডি আৰ এফৰ দলেও উদ্ধাৰ কাৰ্য চলাই আছে। ভিতৰত বহুতো কাঠৰ আচবাব থকাৰ বাবে প্ৰচুৰ ধোঁৱাৰ সৃষ্টি হৈছিল যাৰ ফলত একো দেখা পোৱা নগৈছিল। তেওঁ লগতে কয় যে ইয়াত ল’ৰা-ছোৱালীয়ে এনিমেচন শিকিবলৈ আহিছিল আৰু তেওঁলোকৰ বয়স ১৬-১৭ বছৰৰ ভিতৰত আছিল। ঘটনাটোৰ কাৰণ জানিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এটা অট্টালিকাটোৰ একেবাৰে ওপৰৰ মহলাত জুই লাগিছিল আৰু সেয়া দ্ৰুতগতিত বিয়পি পৰিছিল। ৫ ৰ পৰা ৭ জন ছাত্ৰই তললৈ জঁপিয়াইছিল আৰু তাৰে এজনৰ হাড়ো ভাঙিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। এই কথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক্সৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও শোক প্ৰকাশ কৰি ভুক্তভোগী পৰিয়ালসমূহৰ সৈতে যোগাযোগ কৰি সকলো ধৰণৰ সহায় আগবঢ়াবলৈ বিষয়াসকলক নিৰ্দেশ দিছে।

Anguished by the loss of lives in a fire mishap in Lucknow, Uttar Pradesh. My condolences to the bereaved families. May the injured recover at the earliest. Rescue operations are underway and authorities are providing all possible assistance.

An ex-gratia of Rs. 2 lakh from…

— PMO India (@PMOIndia) June 22, 2026

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

June 22, 2026 7:37 pm
লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

June 22, 2026 7:37 pm
লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd